সহপিডিয়া (ইংৰাজী ভাষা: Sahapedia) এটা ৱেবছাইট যিয়ে ভাৰতৰ সংস্কৃতি আৰু ইতিহাস সকলোৰে বাবে সুলভ কৰিবলৈ বিচাৰে। সহপিডিয়া শব্দটো ‘সহ’ আৰু ‘এনচাইক্লোপিডিয়া’ (বিশ্বকোষ) শব্দ দুটাৰ সংমিশ্ৰণত গঠিত। সংস্কৃত ভাষা ভাষাত ‘সহ’ মানে হৈছে ‘একে লগে’। এই প’ৰ্টেলটোত সমল যোগান ধৰিবলৈ পণ্ডিত আৰু সাধাৰণ লোকৰ মাজত সহযোগিতাৰ এক পদ্ধতি ব্যৱহাৰ কৰা হয়। এবাৰ পঞ্জীয়ন কৰাৰ পিছত, সাধাৰণ লোকসকলে সম্পাদকৰ দ্বাৰা অনুমোদিত হোৱাৰ লগে লগে প’ৰ্টেলটোত অৱদান আগবঢ়াবলৈ সক্ষম হয়। ছাইটটোৱে পাণ্ডিত্যপূৰ্ণ অৱদান আৰু ৱিকিপিডিয়াৰ দৰে মুক্ত অৱদান ব্যৱস্থাৰ মাজত এক মধ্যম পথ ল’বলৈ বিচাৰে। ই প্ৰবন্ধ, ভিডিঅ’, ছবি গেলাৰী, সাক্ষাৎকাৰ আৰু অনুষ্ঠানৰ তালিকাৰ ৰূপত সমল থকা এক প’ৰ্টেল হিচাপে কাম কৰে।১২
ইতিহাস
২০১০ চনত নতুন দিল্লীত সহপিডিয়া প্ৰতিষ্ঠা কৰা হৈছিল। ই ১৮৬০ চনৰ চচাইটি এক্টৰ অধীনত ২০১১ চনৰ জুন মাহত এটা অলাভজনক চচাইটি হিচাপে পঞ্জীয়নভুক্ত হয় আৰু ইয়াৰ কাৰ্যালয় নতুন দিল্লী আৰু কোচীত আছে।৩ টাটা কনচালটেন্সী চাৰ্ভিচেছৰ প্ৰাক্তন উপ-অধ্যক্ষ তথা নেচনেল স্কিল ডেভেলপমেণ্ট এজেন্সীৰ অধ্যক্ষ এছ. ৰামাদোৰাই সহপিডিয়াৰ সভাপতি আৰু মাৰ্গদৰ্শক। ভাৰত চৰকাৰৰ নেচনেল মিছন ফৰ মেনুস্ক্ৰিপ্টছৰ প্ৰতিষ্ঠাপক সঞ্চালক তথা ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা (UNESCO)-ৰ অমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ বিশেষজ্ঞ সুধা গোপালকৃষ্ণন সহপিডিয়াৰ উপ-সভাপতি আৰু কাৰ্যবাহী সঞ্চালক। সহপিডিয়াৰ প্ৰযুক্তিগত প্লেটফৰ্মটো ২০১৬ চনৰ ২৩ এপ্ৰিলত মুকলি কৰা হৈছিল।২
২০১৮ চনত সহপিডিয়াই ইয়াৰ ইণ্ডিয়া হেৰিটেজ ৱাক ফেষ্টিভেলৰ বাবে ‘পেচাফিক এছিয়া ট্ৰেভেল এছ’চিয়েচন’ (PATA) গোল্ড বঁটা লাভ কৰে। ২০১৯ চনত সহপিডিয়াই ‘পেচাফিক এছিয়া ট্ৰেভেল এছ’চিয়েচন গ্ৰেণ্ড এৱাৰ্ড’ লাভ কৰে।৪
কাৰ্যপ্ৰণালী
সহপিডিয়াৰ মূল কেন্দ্ৰবিন্দু হ’ল ইয়াৰ বিশ্বকোষ, যিয়ে দহটা ক্ষেত্ৰক সামৰি লয়: জ্ঞানৰ পৰম্পৰা, দৃশ্যমান আৰু ভৌতিক কলা, পৰিৱেশ্য কলা, সাহিত্য আৰু ভাষা, আচাৰ-নীতি আৰু ধৰ্মীয় কৃত্য, ইতিহাস, প্ৰতিষ্ঠান, ব্যক্তি আৰু প্ৰাকৃতিক পৰিৱেশ। গৱেষণা আৰু সম্পাদকীয় দলে বিশ্বকোষৰ বাবে বিষয়সমূহ চিনাক্ত কৰে, পুথিভঁৰাল ভ্ৰমণ কৰে আৰু বিশেষজ্ঞৰ পৰামৰ্শ লৈ এক ৰূপৰেখা প্ৰস্তুত কৰে। তেওঁলোকে প্ৰবন্ধৰ বাবে পণ্ডিতসকললৈ পত্ৰ লিখে বা সাক্ষাৎকাৰৰ বাবে অনুৰোধ জনায়, নথিবদ্ধকৰণৰ বাবে ক্ষেত্ৰভিত্তিক ভ্ৰমণ কৰে আৰু অনলাইন সম্পদৰ লিংক তথা অধিক পঢ়িবলগীয়া কিতাপৰ তালিকা প্ৰস্তুত কৰে। সহপিডিয়াই বিভিন্ন বিশেষজ্ঞৰ সৈতেও কাম কৰে যিসকলে কোনো এটা নিৰ্দিষ্ট বিষয়ৰ বিভিন্ন দিশ সামৰি মডিউল প্ৰস্তুত কৰিব পাৰে।
চলি থকা প্ৰকল্পসমূহ
- মৌখিক ইতিহাস: শিল্পী, পণ্ডিত আৰু অনুশীলনকাৰীসকলৰ সৈতে হোৱা বাৰ্তালাপ নথিবদ্ধ কৰে। এই প্ৰকল্পত বিভিন্ন অনুষ্ঠান, কাৰ্যসূচী, বক্তৃতা, প্ৰদৰ্শন আৰু আলোচনাচক্ৰও ৰেকৰ্ডিং কৰা হয়।
- পুথিভঁৰাল: ইতিহাস, সাহিত্য, সংগীত আৰু পৰিৱেশ্য কলা সম্পৰ্কীয় আৰ্কাইভেল সমলসমূহ 'ক্ৰিয়েটিভ চেয়াৰ-এলাইক' অনুজ্ঞাপত্ৰৰ অধীনত উপলব্ধ কৰায়।
- স্থাপত্য ঐতিহ্য: শৈক্ষিক অধ্যয়ন আৰু অভিজ্ঞতা দুয়োটাকে সামৰি লোৱাৰ উদ্দেশ্যে ভাৰতৰ ঐতিহ্যবাহী স্থান আৰু স্থানসমূহ নথিবদ্ধ কৰে। 'ইণ্ডিয়া হেৰিটেজ ৱাকছ'-এ স্থানীয় ইতিহাস আৰু ঐতিহ্যৰ ওচৰলৈ যোৱাৰ সুবিধা প্ৰদান কৰিবলৈ বিচাৰে।৫
- মানচিত্ৰ প্ৰকল্প: নিজৰ এলেকাৰ সাংস্কৃতিক স্থান, শৈলী, পৰম্পৰা আৰু অনুষ্ঠানসমূহ চিহ্নিত কৰি ভাৰত আৰু দক্ষিণ এছিয়াৰ সাংস্কৃতিক মানচিত্ৰ অংকনত অংশগ্ৰহণ কৰিবলৈ মানুহক উৎসাহিত কৰে।
- ঐতিহ্য শিক্ষা: চিবিএছই (CBSE) ৱেবছাইটত শিশুৰ বাবে এক ইণ্টাৰেক্টিভ ৱেব সম্পদ সৃষ্টি কৰি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ সৈতে জড়িত ১২,৯০০ খন বিদ্যালয়ৰ ঐতিহ্য শিক্ষাৰ প্ৰচেষ্টাত অংশীদাৰিত্ব কৰিছে। ইয়াৰ উপৰিও, সহযোগিতামূলকভাৱে সৃষ্টি কৰা বিশ্বকোষৰ তথ্যসমূহ দূৰৱৰ্তী আৰু গ্ৰাম্য শিক্ষাৰ বাবে অফলাইন সঁজুলি হিচাপে উপলব্ধ হ'ব।
- প্ৰতিষ্ঠানিক সহযোগিতা: সহপিডিয়া ভাৰতীয় সংস্কৃতি মন্ত্ৰালয়, ৰাষ্ট্ৰপতি ভৱন, ভাৰতীয় পুৰাতত্ত্ব জৰীপ (ASI), ইণ্ডিয়ান ইনষ্টিটিউট অফ এডভান্সড ষ্টাডিজ, নেচনেল স্কুল অফ ড্ৰামা (NSD), নেচনেল চেণ্টাৰ ফৰ দা পাৰফৰ্মিং আৰ্টছ আৰু ইউনেস্কোৰ এছিয়া-পেচিফিক অঞ্চলৰ অমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ আন্তঃৰাষ্ট্ৰীয় তথ্য নেটৱৰ্কিং কেন্দ্ৰৰ সৈতে অংশীদাৰিত্বত আছে।৬
- ইণ্ডিয়া হেৰিটেজ ৱাকছ: এনে এক পদক্ষেপ যিয়ে মানুহক তেওঁলোকৰ স্থানীয় ঐতিহ্য আৰু সংস্কৃতিৰ ওচৰ চপাই অনাৰ বাবে বৈচিত্ৰ্যপূৰ্ণ অভিজ্ঞতাৰ আয়োজন কৰে।৭৮
- ভাৰতৰ সংগ্ৰহালয়সমূহ: সংগ্ৰহালয় অন্বেষণ, সমৃদ্ধি আৰু শিক্ষাৰ এক অংশগ্ৰহণমূলক পৰিৱেশ সৃষ্টি কৰাৰ বাবে সংগ্ৰহালয়, ঐতিহ্য আৰু সম্প্ৰদায়সমূহক একত্ৰিত কৰাৰ বাবে তৈয়াৰ কৰা হৈছে। ভাৰতীয় সংগ্ৰহালয়সমূহৰ বৈচিত্ৰ্য প্ৰদৰ্শন কৰা কোনো একমাত্ৰ গভীৰ অনলাইন সম্পদ নথকাৰ বাবে ই ভাৰতৰ সংগ্ৰহালয়সমূহৰ এক ডিজিটেল তালিকা প্ৰস্তুত কৰি আছে।৯১০
স্বীকৃতি
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Janardhan, Arun. (17 September 2016). Sahapedia: A challenge to India's hidebound museum culture. Livemint
- ↑ (27 April 2016). Sahapedia: Click for Chhau. Open The Magazine
- ↑ About Us. Sahapedia
- ↑ (2019-07-18). Sahapedia Bags PATA Grand Award 2019. The New Indian Express
- ↑ Sharma, Nikita. (21 July 2019). Sahapedia's India Heritage Walks wins international award. The New Indian Express
- ↑ Content Partners. Sahapedia
- ↑ About India Heritage Walks · India Heritage Walks. www.indiaheritagewalks.org
- ↑ Heritage Experiences. Sahapedia
- ↑ Museums of India. Sahapedia
- ↑ (13 May 2017). The muse of history: Digitally mapping India's museums. www.indulgexpress.com
- ↑ (18 July 2019). PATA announces Grand and Gold Award winners 2019. PATA
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সহপিডিয়া” প্ৰবন্ধৰ সংশোধন ৫৯৬৯৪৭ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।