অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্ৰী শ্ৰী কোকিলা সত্ৰ

শ্ৰী শ্ৰী কোকিলা সত্ৰ (Shri Shri Kokila Satra/বিকল্প নাম: অদলাগুৰী সত্ৰ /Adlaguri Satra) হৈছে অসমৰ বঙাইগাঁও জিলাৰ মাণিকপুৰৰ অন্তৰ্গত অদলাগুৰী গাঁৱত অৱস্থিত এখন ঐতিহাসিক সত্ৰ। এই সত্ৰখন মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ আদৰ্শৰে পৰিচালিত "হৰিদেৱী পৰম্পৰা" (ব্ৰহ্ম সংহতি)ৰ অন্তৰ্গত।

হালনাগাদ: ১৮ জুন ২০২৬ ৪৩৮ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

শ্ৰী শ্ৰী কোকিলা সত্ৰ (Shri Shri Kokila Satra/বিকল্প নাম: অদলাগুৰী সত্ৰ /Adlaguri Satra) হৈছে অসমৰ বঙাইগাঁও জিলাৰ মাণিকপুৰৰ অন্তৰ্গত অদলাগুৰী গাঁৱত অৱস্থিত এখন ঐতিহাসিক সত্ৰ। এই সত্ৰখন মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ আদৰ্শৰে পৰিচালিত "হৰিদেৱী পৰম্পৰা" (ব্ৰহ্ম সংহতি)ৰ অন্তৰ্গত। ইয়াত বৈষ্ণৱ নাম-কীৰ্তনৰ সমান্তৰালভাৱে বৈদিক নীতি-নিয়ম অনুসৰি প্ৰাচীন আসন, ভগৱানৰ পৱিত্ৰ শিলা-বিগ্ৰহ তথা শালিগ্ৰাম শিলা, চতুৰ্ভুজ মূৰ্তি, শ্ৰী শ্ৰী শ্ৰীকৃষ্ণ মূৰ্তি, শ্ৰী শ্ৰী গোপাল কৃষ্ণ মূৰ্তি আৰু শ্ৰী শ্ৰী দৌলগোবিন্দ প্ৰভুৰ মূৰ্তিৰ চৰণত পূজা - অৰ্চনা কৰা হয়।১

স্থাপন কাল আৰু ৰাজকীয় পৃষ্ঠপোষকতা

এই সত্ৰখনৰ ঐতিহাসিক আৰম্ভণি ১৮১৫ খ্ৰীষ্টাব্দত হৈছিল। মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ আৰু বেদাচাৰ্য শ্ৰী শ্ৰী জগন্নাথ দেৱৰ (শ্ৰীমতী বনমালা দেৱীৰ স্বামী) ফালৰ বংশধৰ শ্ৰী শ্ৰী পুৰুষোত্তম দেৱৰ (কলীয়া গোঁসাই) নাতিয়েক শ্ৰী শ্ৰী বলভদ্ৰ দেৱে এই সত্ৰখন স্থাপন কৰিছিল। তেতিয়াৰ বিজনীৰ জমিদাৰ (ৰজা) বলিত নাৰায়ণ ভূপবাহাদুৰে স্বয়ং এই সত্ৰৰ নামত ৩৫০ বিঘা মাটি চৰকাৰীভাৱে দান কৰিছিল আৰু এই পৱিত্ৰ ভূমিত শ্ৰী শ্ৰী বলভদ্ৰ দেৱে প্ৰথমবাৰৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত কোকিলা চৰত এই সত্ৰখনৰ ভেটি প্ৰতিষ্ঠা কৰিছিল।১

ভৌগোলিক স্থানান্তৰণ (কোকিলা চৰৰ পৰা অদলাগুৰীলৈ)

ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়াৰ বাবে মূল কোকিলা চৰৰ সত্ৰভূমি বিপদাপন্ন হৈ পৰে। পৰৱৰ্তী সময়ত সত্ৰৰ পৱিত্ৰতা ৰক্ষা কৰিবলৈ শ্ৰী শ্ৰী বলভদ্ৰ দেৱৰ নাতিৰ পুত্ৰ শ্ৰী শ্ৰী হৰিশ্চন্দ্ৰ দেৱে ১৮৯২ খ্ৰীষ্টাব্দত কোকিলা চৰৰ পৰা সৰ্বস্ব উঠাই আনে। তীব্ৰ বানপানীৰ মাজতো তেওঁ সত্ৰৰ মূল মণিকূটৰ আদি শিলা-বিগ্ৰহসমূহ, শালিগ্ৰাম শিলা, প্ৰাচীন আসন,চতুৰ্ভুজ মূৰ্তি, শ্ৰী শ্ৰী শ্ৰীকৃষ্ণ মূৰ্তি, শ্ৰী শ্ৰী গোপাল কৃষ্ণ মূৰ্তি, শ্ৰী শ্ৰী দৌলগোবিন্দ মূৰ্তি আৰু পুৰণি সাঁচিপাতৰ পুথিসমূহ সুৰক্ষিতভাৱে কঢ়িয়াই আনি অদলাগুৰী গাঁৱত চিৰদিনৰ বাবে প্ৰতিষ্ঠা কৰে। ১৮৯২ চনৰ পৰা সমগ্ৰ গোস্বামী পৰিয়াল আৰু সত্ৰখন এককভাৱে অদলাগুৰীতেই স্থায়ীভাৱে অৱস্থিত।১

সত্ৰাধিকাৰ আৰু বংশ পৰম্পৰা

১৮১৫ চনৰে পৰাই গোস্বামী বংশধৰসকলে অতি নিষ্ঠাৰে এই সত্ৰৰ ধৰ্মীয় পৰম্পৰা কঢ়িয়াই আনিছে। এই পৱিত্ৰ বংশানুক্ৰমিক ধাৰাটো শ্ৰী শ্ৰী হৰিশ্চন্দ্ৰ দেৱ, তেওঁৰ পুত্ৰ শ্ৰীদামোদৰ দেৱ গোস্বামী আৰু পুত্ৰ শ্ৰী শ্ৰী হৰগোবিন্দ দেৱ গোস্বামীৰ জৰিয়তে বৰ্তমানৰ প্ৰজন্মলৈ বৈ আহিছে। বৰ্তমান কোকিলা সত্ৰৰ শ্ৰদ্ধেয় ৭ম জনা সত্ৰাধিকাৰ হৈছে শ্ৰী শ্ৰী হেৰম্ব কুমাৰ গোস্বামী দেৱ।১

বৰ্তমান স্থিতি

সত্ৰাধিকাৰ শ্ৰী শ্ৰী হেৰম্ব কুমাৰ গোস্বামী দেৱৰ নিৰ্দেশনা ও সাময়িক অনুপস্থিতিত তেওঁৰ কনিষ্ঠ পুত্ৰ শ্ৰী শ্ৰী সৌৰভ কুমাৰ গোস্বামীয়ে উত্তৰাধিকাৰী বা সেৱাধিকাৰ হিচাপে সত্ৰৰ মূল মণিকূটৰ দৈনিক নীতি-নিয়ম, পূজা-পাতল আৰু পৰিচালনাৰ গধুৰ দায়িত্ব পালন কৰি আহিছে। পৰিয়ালটোৰ আন সদস্যসকল হৈছে মাতৃ শ্ৰীমতী গোলাপী গোস্বামী আৰু জ্যেষ্ঠ পুত্ৰ শ্ৰী শ্ৰী বিকাশ গোস্বামী। এই ঐতিহ্য মণ্ডিত সত্ৰ খন সত্ৰাধিকাৰ শ্ৰী শ্ৰী হেৰম্ব কুমাৰ গোস্বামী দেৱে চৰকাৰী পঞ্জীয়ভুক্ত কৰিবলৈ বহু চেষ্টা কৰে যদিও বৰ্তমানো চৰকাৰী পঞ্জীয়ন বা বাহ্যিক সাহায্য নোহোৱাকৈয়ে কেৱল অপৰিসীম ভক্তি আৰু নিষ্ঠাৰ জোৰত এই আদিম ঐতিহ্য জীয়াই ৰখা হৈছে। যদিও বিজনী ৰজাই দান কৰা ৩৫০ বিঘা মাটি বৰ্তমান কালৰ সোঁততেই হওক বা চৰকাৰী ভূমি অধিগ্ৰহণৰ ফলতেই হওক সত্ৰৰ হাতত নাই, তথাপিও ১৮১৫ চনৰ সেই পুৰণি ঐতিহ্য, শ্ৰী শ্ৰী হৰিদেৱৰ তিথি, দৌল উৎসৱৰ নিয়ম আৰু পৱিত্ৰ সম্পদসমূহ অদলাগুৰিৰ এই কোকিলা সত্ৰত আজিও পূৰ্বৰ দৰেই পৱিত্ৰ হৈ জিলিকি আছে।১

তথ্যসূত্ৰ

  • বেদাচাৰ্য শ্ৰীশ্ৰীজগন্নাথ দেৱৰ সত্ৰসমূহ আৰু বংশাৱলী (১৯৭৭), সংগ্ৰাহক: শ্ৰীদামোদৰ দেৱ গোস্বামী।

তথ্যসূত্ৰ

  1. ↑ তথ্য:- বেদাচাৰ্য শ্ৰীশ্ৰীজগন্নাথ দেৱৰ সত্ৰসমূহ আৰু বংশাৱলী (১৯৭৭)(পৃষ্ঠা নং ১০), সংগ্ৰাহক: শ্ৰী দামোদৰ দেৱ গোস্বামী।

সম্পৰ্কিত শ্ৰেণী

বঙাইগাঁও জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰী শ্ৰী কোকিলা সত্ৰ” প্ৰবন্ধৰ সংশোধন ৬১২৯৬৪ (১৮ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।