অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্বেয়ান ৱেব-ক্ৰিষ্টবাৰ্গ

শ্বেয়ান ৱেব-ক্ৰিষ্টবাৰ্গ (:Sheyann Webb-Christburg ) এগৰাকী নাগৰিক অধিকাৰ কৰ্মী আৰু চেলমা, লৰ্ড, চেলমা নামৰ কিতাপখনৰ সহ-লেখক। ৯ বছৰীয়া শিশু অৱস্থাতে ৱেবে ১৯৬৫ চনৰ ৭ মাৰ্চত এডমাণ্ড পেটাছ ব্ৰিজ পাৰ হৈ চেলমাৰ পৰা মণ্টগোমাৰীলৈ হোৱা প্ৰথম পদযাত্ৰাৰ প্ৰচেষ্টাত অংশগ্ৰহণ কৰিছিল, যাক ব্লাডি ছাণ্ডে বুলি…

হালনাগাদ: ১ এপ্ৰিল ২০২৬ ২৭৪ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

শ্বেয়ান ৱেব-ক্ৰিষ্টবাৰ্গ (:Sheyann Webb-Christburg ) এগৰাকী নাগৰিক অধিকাৰ কৰ্মী আৰু চেলমা, লৰ্ড, চেলমা নামৰ কিতাপখনৰ সহ-লেখক। ৯ বছৰীয়া শিশু অৱস্থাতে ৱেবে ১৯৬৫ চনৰ ৭ মাৰ্চত এডমাণ্ড পেটাছ ব্ৰিজ পাৰ হৈ চেলমাৰ পৰা মণ্টগোমাৰীলৈ হোৱা প্ৰথম পদযাত্ৰাৰ প্ৰচেষ্টাত অংশগ্ৰহণ কৰিছিল, যাক ব্লাডি ছাণ্ডে বুলি জনা যায় আৰু মাৰ্টিন লুথাৰ কিং, কনিষ্ঠৰে "সৰ্বকনিষ্ঠা স্বাধীনতা যুঁজাৰু"বুলি অভিহিত কৰিছিল।

সক্ৰিয়তাৰ আৰম্ভণি

১৯৬৫ চনৰ জানুৱাৰীত,১ ৱেবে নাগৰিক অধিকাৰ আন্দোলনৰ সভা আৰু সমাবেশসমূহত নিয়মিতভাবে অংশ ল’বলৈ আৰম্ভ কৰিছিল। এই সময়ছোৱাতে তেওঁ প্ৰথমবাৰৰ বাবে ড॰ মাৰ্টিন লুথাৰ কিং জুনিয়ৰক লগ পাইছিল যিটো তেওঁৰ জীৱনৰ আটাইতকৈ গভীৰ প্ৰভাৱ পেলোৱা অভিজ্ঞতাসমূহৰ এটা আছিল। ৱেবে ড॰ কিংক এজন “শক্তিশালী আৰু ধৈৰ্যশীল মানুহ” বুলি বৰ্ণনা কৰিছিল যাৰ কথাবোৰ আছিল স্পষ্ট, প্ৰেৰণাদায়ক আৰু হৃদয়স্পৰ্শী। ৱেবৰ মতে তেওঁ এনেদৰে কথা কৈছিল যে, সৰু হওক বা ডাঙৰ—সকলো বয়সৰ মানুহেই তেওঁৰ বাৰ্তা সহজে বুজি ল’ব পাৰিছিল আৰু অনুপ্ৰাণিত হৈছিল।২

এই অভিজ্ঞতাই ৱেবৰ মনত সাহস, দৃঢ়তা আৰু ন্যায়ৰ বাবে সংগ্ৰাম কৰাৰ প্ৰেৰণা জগাই তোলে আৰু সক্ৰিয়তাবাদী জীৱনৰ এক নতুন অধ্যায় আৰম্ভ হয়।

ৰক্তাক্ত দেওবাৰ

চেলমাৰ পৰা মণ্টগোমেৰীলৈ এই পদযাত্ৰাৰ আয়োজন কৰা হৈছিল দক্ষিণ খ্ৰীষ্টান নেতৃত্ব সন্মিলনৰ সদস্য জিমি লি জেকচনৰ মৃত্যুৰ পিছত, যিজনক আলাবামাৰ মেৰিয়ানত ভোটাধিকাৰৰ বাবে শান্তিপূৰ্ণ পদযাত্ৰাৰ সময়ত প্ৰহাৰ আৰু গুলীবিদ্ধ কৰিছিল যাৰ ফলত তেওঁৰ মৃত্যু হৈছিল।৩ এই ঘটনাই নাগৰিক অধিকাৰ আন্দোলনত তীব্ৰ ক্ষোভ আৰু দুঃখৰ সৃষ্টি কৰে আৰু ইয়াৰ প্ৰতিবাদস্বৰূপেই ছেলমাৰ পৰা মন্টগোমাৰীলৈ পদযাত্ৰাৰ সিদ্ধান্ত লোৱা হয়।

ব্লাডি দেওবাৰৰ আগতে অনুষ্ঠিত হোৱা বৈঠকৰ সময়ত মানুহে এই পদযাত্ৰা কেনেকৈ আৰম্ভ হব, আৰু এই পদযাত্ৰা সফলতাৰে সমাপ্ত নহ’ব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰিছিল। ৱেবে কয় যে মাৰ্চৰ ৰাতিপুৱা তাই ভয় খাইছিল আৰু আগৰ নিশা সভাৰ সতৰ্কবাণীৰ পিছতো তাই দেখা বস্তুবোৰ চাবলৈ সাজু নাছিল।২ ন বছৰ বয়সত, নিজৰ শিক্ষয়িত্ৰী মাৰ্গাৰেট মুৰৰ সৈতে একেলগে পদযাত্ৰাত অংশ লৈ, শ্বেয়ান ৱেবও সেই প্ৰতিবাদকাৰীসকলৰ মাজত আছিল যিসকলক লাঠিৰে প্ৰহাৰ কৰা হৈছিল আৰু কন্দুৱা গেছ নিক্ষেপ কৰা হৈছিল।

এজন সহ-প্ৰতিবাদকাৰী হোজিয়া উইলিয়ামছে ৱেবক উঠাই লৈ এই হিংসাত্মক পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিছিল। তেওঁ ৱেবক লৈ এনেদৰে ঘৰলৈ দৌৰি গৈছিল যেনে ৱেব নহয় হেইয়া মানুহ গৰাকীয়ে নিজৰ জীৱন বচাবৰ বাবেহে দৌৰিছিল।”২

প্ৰথমটো ব্যৰ্থ পদযাত্ৰাৰ পিছতো, ৱেব পুনৰ ব্ৰাউন’ছ চেপেল গীৰ্জালৈ উভতি যাবলৈ দৃঢ়সংকল্পবদ্ধ হৈছিল, আৰু তেওঁ পুনৰ পদযাত্ৰাত অংশ ল’বলৈও সাজু আছিল। ব্লাডি সানডেৰ নিশাই তেওঁ নিজৰ অন্ত্যেষ্টিক্ৰিয়াৰ ব্যৱস্থা লিখি ৰাখিছিল।২

পিছৰ জীৱনৰ কামকাজ

১৯৮০ চনত ফ্ৰেংক চিকোৰাৰ সম্পাদনাত চেলমা, লৰ্ড, চেলমা নামৰ এখন কিতাপ লিখিছিল,৪ যিখনক একে নামদি ডিজনীৰ টেলিভিছন চিনেমালৈ ৰূপান্তৰিত কৰা হৈছিল৫ আৰু তেওঁৰ এই কিতাপ খনে মাধ্যমিক শিক্ষাৰ পাঠ্যপুথিত স্থান লাভ কৰিছিল।৬

তথ্যসূত্ৰ

  1. ↑ Donovan, Maggie Nolan. Sheyann Webb: A Story for First Graders. Civil Rights Teaching
  2. ↑ Blackside, Inc. (December 6, 1985). Interview with Sheyann Webb
  3. ↑ (January 19, 2018). Sheyann Webb Biography. biography.com. A&E Television Networks
  4. ↑ Webb, Sheyann; Nelson, Rachel West. (1997). Selma, Lord, Selma: Girlhood Memories of the Civil Rights Days. University of Alabama Press. ISBN 9780817308988
  5. ↑ Richmond, Ray. (January 13, 1999). Selma, Lord, Selma. Variety
  6. ↑ Singer, Alan J. (2008). Social Studies for Secondary Schools: Teaching to Learn, Learning to Teach. Routledge. পৃ. 188. ISBN 9781135591243

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বেয়ান ৱেব-ক্ৰিষ্টবাৰ্গ” প্ৰবন্ধৰ সংশোধন ৫৯৯৪৯৫ (১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।