
শ্বাৰন ফাৰেল (ইংৰাজী ভাষা: Sharon Farrell; জন্ম: শ্বাৰন ফৰ্চমো, ২৪ ডিচেম্বৰ ১৯৪০ – ১৫ মে' ২০২৩) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী আৰু নৃত্যশিল্পী আছিল। আমেৰিকা যুক্তৰাষ্ট্ৰন বেলে থিয়েটাৰ কোম্পানীৰ সৈতে এগৰাকী বেলাৰিনা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা ফাৰেলে ১৯৫৯ চনত কিছ হাৰ গুডবাই ছবিৰ জৰিয়তে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে। ইয়াৰ পিছত তেওঁ ৪০ পাউণ্ডছ অৱ ট্ৰাবল (১৯৬২) আৰু নিঅ’-নয়াৰ ধাৰাৰ ছবি এ লাভলী ৱে টু ডাই (১৯৬৮) আৰু মাৰ্লো (১৯৬৯)ত অভিনয় কৰে। তেওঁ টেলিভিছনত প্ৰচুৰ কাম কৰিছিল, যাৰ ভিতৰত ধাৰাবাহিক চেইণ্টছ এণ্ড চিনাৰ্ছ (১৯৬২), ডক্টৰ কিল্ডেয়াৰ (১৯৬৫) আৰু হাৱাই ফাইভ-অ’ (১৯৮০)ত তেওঁৰ আৱৰ্তক চৰিত্ৰসমূহ অন্যতম।
ফাৰেলৰ অন্যান্য চৰিত্ৰসমূহৰ ভিতৰত লেৰী কোহেনৰ হৰৰ ছবি ইটছ এলাইভ (১৯৭৪), ডেনিছ হপাৰৰ ড্ৰামা ছবি আউট অৱ দ্য ব্লু (১৯৮০) আৰু কিশোৰ কমেডী কাণ্ট বাই মি লাভ (১৯৮৭) উল্লেখযোগ্য। তেওঁ ১৯৯৯ চনলৈকে টেলিভিছন আৰু চলচ্চিত্ৰত অভিনয় অব্যাহত ৰাখিছিল। ২০১৩ চনত তেওঁ ৱেব ছিৰিজ ব্ৰোকেন এট লাভত এটা সৰু চৰিত্ৰত পুনৰ দেখা দিছিল। ২০২৩ চনত মৃত্যুৰ সময়লৈকে তেওঁ হাৱাই ফাইভ-অ’ৰ শেষৰ গৰাকী জীৱিত অভিনয় শিল্পী আছিল।
প্ৰাৰম্ভিক জীৱন
আইৱাৰ চিওক্স চিটিত ১৯৪০ চনৰ বৰদিনৰ আগদিনা১ হেজেল ৰুথ২ (পূৰ্বৰ নাম হাফমেন) আৰু ডেল লাভালে ফৰ্চমোৰ সন্তান হিচাপে শ্বাৰন ফৰ্চমোৰ জন্ম হৈছিল।৩৪ নৰৱেজিয়ান মূলৰ৫ ফাৰেলক এটা লুথাৰীয় পৰিয়ালত তেওঁৰ ভগ্নী ডেল কেণ্ডিচৰ সৈতে লালন-পালন কৰা হৈছিল।৬ শৈশৱত ফাৰেলে বেলে নৃত্যৰ শিক্ষা গ্ৰহণ কৰিছিল আৰু হাইস্কুলত পঢ়ি থকা সময়ত থিয়েটাৰ বিভাগৰ সৈতে জড়িত আছিল।৭ ফাৰেলে এগৰাকী নৃত্যশিল্পী হিচাপে আমেৰিকান বেলে থিয়েটাৰ কোম্পানীৰ সৈতে ভ্ৰমণ কৰিছিল, যিয়ে তেওঁক নিউয়ৰ্ক মহানগৰ চহৰলৈ লৈ গৈছিল।
কৰ্মজীৱন
১৮ বছৰ বয়সত ১৯৫৯ চনৰ ছবি কিছ হাৰ গুডবাইৰ জৰিয়তে ফাৰেলে অভিনয়ত আত্মপ্ৰকাশ কৰে। তেওঁৰ উপাধি 'ফৰ্চমো'ৰপৰা "F" আৰু পিতৃৰ নাম 'ডেল'ৰ পৰা 'ৰেল' অংশটো লৈ তেওঁ নিজৰ মঞ্চনাম 'ফাৰেল' হিচাপে ব্যৱহাৰ কৰিছিল।৮
১৯৬০ৰপৰা ১৯৮০ৰ দশকলৈকে ফাৰেলে দ্য ৰিভাৰ্ছ (১৯৬৯), মাৰ্লো (১৯৬৯), ইটছ এলাইভ (১৯৭৪), দ্য ষ্টাণ্ট মেন (১৯৮০), আউট অৱ দ্য ব্লু (১৯৮০), নাইট অৱ দ্য কমেট (১৯৮৪) আৰু কাণ্ট বাই মি লাভ (১৯৮৭) আদি চলচ্চিত্ৰত অভিনয় কৰিছিল।
চলচ্চিত্ৰৰ উপৰি ফাৰেলে বিভিন্ন টেলিভিছন অনুষ্ঠানত অতিথি শিল্পী হিচাপে অভিনয় কৰিছিল, যাৰ ভিতৰত আছিল ডেথ ভেলী ডেইজ, গানস্মোক, দ্য ৱাইল্ড ৱাইল্ড ৱেষ্ট, দ্য মেন ফ্ৰম ইউ.এন.চি.এল.ই., আই ড্ৰিম অৱ জীনী, মাই ফেভাৰিট মাৰ্চিয়ান, দ্য বেভাৰলী হিলবিলিজ, দ্য আলফ্ৰেড হিচকক আৱাৰ আৰু হাৱাই ফাইভ-অ’।
১৯৯১ চনত তেওঁ দীৰ্ঘদিনীয়া ধাৰাবাহিক দ্য ইয়ং এণ্ড দ্য ৰেষ্টলেছৰ অভিনেতা-অভিনেত্ৰীসকলৰ সৈতে জড়িত হয় আৰু ১৯৯৭ চনলৈকে এই অনুষ্ঠানটোৰ সৈতে যুক্ত হৈ থাকে। ফাৰেলৰ শেষৰটো টেলিভিছন চৰিত্ৰ আছিল ১৯৯৯ চনৰ জেএজি ধাৰাবাহিকৰ এটা খণ্ডত।
২০১৩ আৰু ২০১৪ চনৰ ভিতৰত ফাৰেলে ১৪ বছৰৰ বিৰতিৰ মূৰত পোনপ্ৰথমবাৰৰ বাবে ব্ৰোকেন এট লাভ নামৰ ৱেব ধাৰাবাহিকখনত অভিনয় কৰে।৯
ব্যক্তিগত জীৱন আৰু মৃত্যু
১৯৬২ চনত ফাৰেলৰ প্ৰথম বিবাহ অভিনেতা এণ্ড্ৰিউ প্ৰাইনৰ সৈতে হৈছিল।১০ খবৰ অনুসৰি মাত্ৰ এমাহ দহ দিন একেলগে থকাৰ পিছত তেওঁলোকৰ বিবাহ বিচ্ছেদ ঘটে।১১
অভিনেতা জন এফ. বয়াৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকা কালত ফাৰেলৰ এটি পুত্ৰ সন্তান চান্স বয়াৰৰ জন্ম হৈছিল। ১৯৭০ চনত চান্সৰ জন্মৰ পাছত ফাৰেল 'এম্বলিজম'ত (embolism) আক্ৰান্ত হয়, যাৰ ফলত চাৰি মিনিটৰ বাবে তেওঁৰ হৃদস্পন্দন বন্ধ হৈ গৈছিল। ইয়াৰ ফলত তেওঁৰ মগজুৰ গুৰুতৰ ক্ষতি হয় আৰু তেওঁৰ স্মৃতিশক্তি লোপ পোৱাৰ লগতে শাৰীৰিক সমস্যাৰ সৃষ্টি হয়। সতীৰ্থসকলৰ সহায়ত ফাৰেলে স্মৃতিশক্তিকে ধৰি নিজৰ সামৰ্থ্য পুনৰুদ্ধাৰৰ বাবে কাম কৰিছিল। তেওঁ পুনৰ অভিনয় জীৱন আৰম্ভ কৰিছিল যদিও বন্ধু তথা অভিনেতা ষ্টিভ মেকুইনৰ পৰামৰ্শ মতে বহু বছৰ ধৰি নিজৰ অসুস্থতাৰ কথা গোপনে ৰাখিছিল; মেকুইনে তেওঁক সাৱধান কৰি দিছিল যে যদি এই কথা প্ৰকাশ পায়, তেন্তে তেওঁৰ কেৰিয়াৰ শেষ হৈ যাব।১০১২
ফাৰেলে পৰিচালক ডেল ট্ৰেভিলিয়ানৰ সৈতে ৩২ বছৰ ধৰি বিবাহপাশত আবদ্ধ হৈ আছিল।১০ তেওঁৰ আত্মজীৱনী শ্বাৰন ফাৰেল: "হলিউড প্ৰিন্সেছ" ফ্ৰম চিওক্স চিটি, আইৱাত তেওঁ দাবী কৰিছিল যে চে গুৱেভাৰা, ষ্টিভ মেকুইন আৰু ব্ৰুছ লীকে ধৰি বহুতো বিখ্যাত ব্যক্তিৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছিল।১৩
২০২৩ চনৰ ৫ আগষ্টলৈকে অপ্ৰকাশিত হৈ থকা বাতৰি অনুসৰি, ২০২৩ চনৰ ১৫ মে'ত ৮২ বছৰ বয়সত ফাৰেলৰ মৃত্যু হয়। তেওঁৰ মৃত্যু সম্ভৱতঃ কেলিফৰ্ণিয়াৰ অৰেঞ্জ কাউণ্টিত১৪ বা লছ এঞ্জেলছ ডাউনটাউন মেডিকেল চেণ্টাৰত হৈছিল।১৫
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Strodder 2007, পৃ. 324
- ↑ (2018). Hazel Forsmoe Obituary - Waterbury Funeral Service. Legacy.com
- ↑ Farrell 2014, পৃ. xii
- ↑ Mitchell, Bruce. (June 6, 2012). THE RESILIENT 'PRINCESS'. siouxcityjournal.com
- ↑ Farrell 2014, পৃ. 4
- ↑ Farrell 2014, পৃ. 5
- ↑ Farrell 2014, পৃ. 6
- ↑ Farrell 2014, পৃ. 62
- ↑ Terrace 2014, পৃ. 324
- ↑ Hirsch, Lynda. (1991-11-26). Actress Without a Past Finds Future in Soap. Sun-Sentinel
- ↑ (April 10, 1963). Prine Divorces Wife. The Evening Independent. পৃ. 3A
- ↑ Lisanti Paul 2002, পৃ. 125
- ↑ Sixsmith, DJ. (June 11, 2018). Matthew Polly: 'Bruce Lee Wanted To Be The Next Clint Eastwood. চিবিএচ Boston
- ↑ Barnes, Mike. (August 5, 2023). Sharon Farrell, Actress in 'It's Alive,' 'Marlowe' and 'The Reivers,' Dies at 82. The Hollywood Reporter
- ↑ Dockter, Mason. (6 August 2023). Sharon Farrell, Sioux City-born TV and film actress, dies. St. Joseph News-Press. News-Press & Gazette Company
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বাৰন ফাৰেল” প্ৰবন্ধৰ সংশোধন ৫৯৯৭৭৮ (৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।