শোভা গাষ্টি: Shobha Gasti; কৰ্ণাটকৰ বেলগাঁওস্থিত এগৰাকী সমাজকৰ্মী। ১৯৯৭ চনত, তেওঁ ‘মহিলা অৱিভৃদ্ধি মত্তু সম্ৰক্ষণা সমস্থে’ (MASS) প্ৰতিষ্ঠা কৰিছিল, যি কৰ্ণাটকাৰ ৩৬০খন গাঁৱত বাস কৰা প্ৰাক্তন দেৱদাসী মহিলাসকলৰ জীৱন ধাৰনৰ মান দণ্ড উন্নত কৰাত সহায় কৰি আহিছে।১২ আৰম্ভণিতে এই সংগঠন টোত ২,৫০০গৰাকী সদস্য আছিল। পিছলৈ এই সংখ্যা ক্ৰমান্বয়ে বৃদ্ধিহৈ ২০১৪চনৰ ভিতৰত সংগঠন টোত ৩,৬০০ গৰাকী সদস্য হৈ উঠিছিল।২ তেওঁ ৪৫ বছৰৰ ওপৰৰ প্ৰাক্তন দেৱদাসীসকলৰ বাবে পেঞ্চন নিশ্চিত কৰিবলৈ সফল হৈছিল। ৩
তেওঁ কেৱল মহিলাসকলৰ উন্নয়নেই নহয়, শিশুসকলৰ অধিকাৰৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে আৰু চাইল্ড ৰাইটছ এণ্ড ইউ (Child Rights and You-CRY) দৰে সংগঠনৰ সৈতে কাম কৰিছে।৪
তেওঁৰ সমাজসেৱাৰ স্বীকৃতি স্বৰূপে, ২০২২চনত ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দৰ দ্বাৰা তেওঁক ২০২১ নাৰী শক্তি পুৰস্কাৰ প্ৰদান কৰা হৈছিল। যিটো ভাৰতৰ মহিলা সবলীকৰণৰ বাবে ব্যতিক্ৰমী কাম কৰা মহিলাক প্ৰেৰণা যোগাবৰ বাবে ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে যুগুত কৰে।৫
তথ্যসূত্ৰ
- ↑ (9 March 2022). Shobha Gasti and Nivruti Rai from Karnataka honoured by the President. Hindustan Times
- ↑ Boruah, Maitreyee. (16 February 2014). NGOs hail SC directive to stop Devadasi system – Times of India. The Times of India
- ↑ (6 May 2014). Elusive pension pushes devadasis into distress. The Times of India
- ↑ (10 January 2020). The President of India Recognized Shobha Gasti's work on Girl Child Education and Devadasi Women. Bangalore News Network
- ↑ (8 March 2022). Karnataka Bengaluru News Highlights: State reports 197 Covid-19 cases, 8 deaths. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শোভা গাষ্টি” প্ৰবন্ধৰ সংশোধন ৪৯৫২৪৯ (২১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।