শাস্তামকোট্টা হ্ৰদ ভাৰতৰ দক্ষিণ পশ্চিম উপকূলত অৱস্থিত কেৰালা ৰাজ্যৰ সৰ্ববৃহৎ অলুণীয়া পানীৰ হ্ৰদ। ইয়াক এক জলাশয় হিচাপেও শ্ৰেণীভুক্ত কৰা হৈছে। এই হ্ৰদটোৰ পাৰত অৱস্থিত প্ৰাচীন শাস্তা মন্দিৰৰ নামেৰে ইয়াৰ নামাকৰণ কৰা হৈছে। এই হ্ৰদটোৱে কোল্লাম জিলাৰ প্ৰায় পাঁচ লাখ লোকৰ খোৱাপানীৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ উপৰিও মীন সম্পদৰ উৎস হিচাপে কাম কৰে। এই হ্ৰদৰ পানী খোৱাৰ বাবে উপযোগী হোৱাৰ অন্তৰালত ইয়াৰ পানীত থকা কেভাবোৰাছ নামৰ এক বৃহৎ সংখ্যক পলুৰ উপস্থিতি অন্যতম কাৰণ বুলি গণ্য কৰা হয়। এই পেলুয়ে পানীৰ বেক্টেৰিয়াসমূহ ভক্ষণ কৰে।১ ২০০২ চনৰ নৱেম্বৰ মাহৰ পৰা এই হ্ৰদটোক ৰামচাৰ সন্মিলনৰ অধীনত এক আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ জলাশয় হিচাপে স্বীকৃতি দিয়া হৈছে। ২
যাতায়ত
এই হ্ৰদটো অষ্টমুদি হ্ৰদৰ উত্তৰ দিশত অৱস্থিত কোল্লাম চহৰৰ পৰা ২৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত। কোল্লামৰ আটাইতকৈ ওচৰৰ বিমান বন্দৰটো হৈছে ১০৫ কিলোমিটাৰ দূৰত্বত থকা তিৰুৱনন্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ। হ্ৰদটোৰ আটাইতকৈ ওচৰৰ চহৰখন হৈছে ৮ কিলোমিটাৰ দূৰত্বত থকা কাৰুণাগাপল্লী। হ্ৰদটোৰ মাজেৰে চলাচল কৰা এক ফেৰী সেৱাই পশ্চিম কাল্লাডা আৰু শাস্তামকোট্টাৰ মাজত যাত্ৰী পৰিবহণ কৰে।১২
ভূ-প্ৰকৃতি আৰু ভূতত্ত্ব
কাল্লাডা নদীৰ প্লাৱন ভূমিৰ সীমাৱৰ্তী দক্ষিণ দিশত অৱস্থিত এখন ধান খেতিপথাৰৰপৰা হ্ৰদটোক পৃথক কৰি ৰখা ১.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা মাটিৰ মঠাউৰিৰ বাহিৰে, হ্ৰদটোৰ আন আটাইকেইটা দিশ থিয় পাহাৰ আৰু সংকীৰ্ণ উপত্যকাই আগুৰি আছে। হ্ৰদটোৰ দক্ষিণ আৰু দক্ষিণ-পশ্চিম অংশত কেইবাটাও সৰু সৰু জলাশয় আৰু জলমগ্ন অঞ্চল দেখিবলৈ পোৱা যায়।১৩ হ্ৰদটোৰ এক বৃহৎ অংশ কৃষিকাৰ্যৰ বাবে ব্যৱহাৰ কৰাৰ ফলত বৰ্তমান ইয়াৰ কালি ৩৭৫ হেক্টৰ হৈছেহি।৪ ইয়াত ঘাইকৈ আৰ্কিয়ান যুগৰ শিলাস্তৰ পোৱা যায়, য’ত চাৰ্নকাইট, বায়’টাইট নাইচ আৰু ডলেৰাইট ডাইক শিলাৰ অন্তৰ্ভেদ দেখিবলৈ পোৱা যায়। উপকূলীয় স্তৰত টাৰ্চিয়াৰী যুগৰ বৰ্কলা গঠন প্ৰত্যক্ষ কৰা যায়। উপত্যকা অংশত বালি আৰু পলসৰ অৱক্ষেপ পোৱা যায়। এই হ্ৰদৰ অৱবাহিকা অঞ্চলৰ ভূ-আকৃতিক বিভাগসমূহৰ ভিতৰত আছে: ক) উচ্চভূমি অঞ্চল, য’ত মিশ্ৰিত শস্য আৰু বাগিছাৰ এক ডাঠ উদ্ভিদৰ আৱৰণ আছে, খ) লেতেৰাইট পলস আৰু কলুভিয়েল অৱক্ষেপেৰে গঠিত উপত্যকা অঞ্চল, যিবোৰত বিস্তৃত কৃষিকাৰ্য কৰা হয় আৰু ইয়াত ঘন জনবসতি আছে আৰু গ) দক্ষিণ দিশত থকা কাল্লাডা নদীৰ প্লাৱন ভূমি, য’ত ঘাইকৈ খেতি কৰা হয়।১
জলবিজ্ঞান
হ্ৰদটোলৈ বৈ অহা কোনো দৃশ্যমান উপনদী নাই। অৱশ্যে হ্ৰদৰ তলিত থকা কিছুমান জলউৎস বা নিজৰা ইয়াৰ পানীৰ মূল উৎস বুলি কোৱা হয়। এই উৎসয়ে সমগ্ৰ বছৰজুৰি পানী যোগান ধৰে। শাস্তামকোট্টা হ্ৰদত পানীৰ পৰিমাণ প্ৰায় ২২.৪ নিযুত ঘন মিটাৰ বুলি অনুমান কৰা হৈছে।৪৫ হ্ৰদটোৰ চাৰিওফালে ১০-২০ মিটাৰ ডাঠ কেলিনাইট সমৃদ্ধ মাটিৰ এক তৰপ আছে। এই তৰপ লেতেৰাইট মাটিৰপৰা উৎপন্ন। এই মাটিয়ে হ্ৰদটোলৈ পানীৰ সোঁত নিয়ন্ত্ৰণ কৰে। বৰ্তমানৰ ধাৰণা অনুসৰি এই হ্ৰদটো বৰষুণৰ পানীৰ ওপৰতো নিৰ্ভৰ কৰে। বৰ্ষাকালৰ অন্তত হ্ৰদটোৰ পানীৰ স্তৰ বৃদ্ধি পোৱা বুলি ৰেকৰ্ড কৰা হৈছে।১ এই অঞ্চলৰ গড় বাৰ্ষিক বৰ্ষাপাত ২৩৯৮ মিলিমিটাৰ আৰু বাৰ্ষিক গড় উষ্ণতা ২৬.৭ ডিগ্ৰী চেলচিয়াছৰপৰা ২৯.১৬ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকে।১
এই অঞ্চলৰ ভূ-গৰ্ভস্থ পানীৰ স্তৰ ৩.৮৯ মিটাৰ গভীৰতাত আছে। হ্ৰদটোৰপৰা ৫ মিলিয়ন ঘন মিটাৰ পানী বাষ্পীভৱনৰ বাবে লোকচান হয় আৰু ঘৰুৱা ব্যৱহাৰৰ বাবে ৮ মিলিয়ন ঘন মিটাৰ পানী ব্যৱহাৰ কৰা হয়। এই দুই কাৰণতে হ্ৰদটোলৈ অহা পানীৰ প্ৰায় দুই-তৃতীয়াংশ ব্যয় হয়।১
পানীৰ গুণাগুণ
হ্ৰদটোৰ পানী সাধাৰণ নিমখ বা অন্যান্য খনিজ পদাৰ্থ আৰু ধাতুৰপৰা মুক্ত বুলি জনা গৈছে। ৱৰ্ল্ড ৱাইল্ডলাইফ ফাণ্ডৰদ্বাৰা ইয়াৰ পৃষ্ঠীয় পানী, অন্তৰাল পানী (interstitial water) আৰু গেদসমূহৰ গুণাগুণ অধ্যয়ন কৰা হৈছিল।১ ইয়াৰ সংক্ষেপ তথ্য তলত দিয়া হ’ল:
পৃষ্ঠীয় পানীৰ গুণাগুণ (গড় মান):
- পৃষ্ঠীয় পানী: pH ৭.২৫; ইচি ৬৩.০০ মিলিম্হ’চ/চেঃমিঃ; ফচফেট-ফচফৰাছ ৪.৯৩ মাইক্ৰ’ গ্ৰাম/লিটাৰ; কেলচিয়াম ৭.০১ মাইক্ৰ’ গ্ৰাম/লিটাৰ; ছ’ডিয়াম ৪.৩৩ মাইক্ৰ’ গ্ৰাম/লিটাৰ; লো ৪১.৫৭ মাইক্ৰ’ গ্ৰাম/লিটাৰ আৰু মেংগানিজ ১২.১১ মাইক্ৰ’ গ্ৰাম/লিটাৰ।
- অন্তৰাল পানী: pH ৭.২০; ফচফেট-ফচফৰাছ ১.১১ মাইক্ৰ’ গ্ৰাম/লিটাৰ; লো ৫৯.১ মাইক্ৰ’ গ্ৰাম/লিটাৰ আৰু মেংগানিজ ৪৯.০০ মাইক্ৰ’ গ্ৰাম/লিটাৰ।
- গেদ: জৈৱিক কাৰ্বন ৮.৯৫%; ফচফেট-ফচফৰাছ ১৬৯০.০০ মাইক্ৰ’ গ্ৰাম/লিটাৰ; লো ১৭৭২৪.২৭ মাইক্ৰ’ গ্ৰাম/লিটাৰ আৰু মেংগানিজ ৮৬.৩৬ মাইক্ৰ’ গ্ৰাম/লিটাৰ।
পানীৰ গুণাগুণ পৰীক্ষাৰ ফলাফলে সূচাইছে যে হ্ৰদটোৰ পানী নিয়ন্ত্ৰণকাৰী সংস্থাসমূহে নিৰ্ধাৰণ কৰা খোৱাপানীৰ মানদণ্ডৰ সৈতে সম্পূৰ্ণ খাপ খায়।১
উদ্ভিদকুল
হ্ৰদটোৰ পূব পাৰত পতংগভোজী উদ্ভিদ ‘ড্ৰোচেৰা’ (Drosera) পোৱা যায়। ইয়াত উদ্ভিদৰ পৰিমাণ তেনেই কম। শিপাযুক্ত উদ্ভিদ আৰু ওপঙি থকা উদ্ভিদসমূহ বিশেষ গুৰুত্বপূৰ্ণ নহয়। হ্ৰদৰ পাৰত খেতি কৰা শস্যসমূহৰ ভিতৰত ধানৰ উপৰি কাজু বাদাম, শিমলু আলু আৰু কল অন্যতম।১৬
জলজ প্ৰাণীকুল
হ্ৰদটোত পোৱা জলজ প্ৰাণীকুলসমূহ হ’ল:৬
- মিঠা পানীৰ মাছৰ ২৭টা প্ৰজাতি, যাৰ ভিতৰত ‘পাৰ্ল স্পট’ বা কেৰিমীন (Etroplus suratensis) আৰু মাগুৰ জাতীয় মাছ অন্যতম। লগতে দুবিধ মিছা মাছ (prawns) আৰু ক্লিপিইডাই (Clupeidae) পৰিয়ালৰ ২১টা প্ৰজাতিৰ চাৰ্ডিন আৰু ইয়াৰ সমগোত্ৰীয় মাছ পোৱা যায়।
- সাধাৰণ মাছ যেনে— Calichrous bimaculatus আৰু বৰালী মাছ (Wallago attu)। এই প্ৰজাতিৰ মাছবোৰৰ মুখৰ চাৰিওফালে ডাঢ়িৰ দৰে অংগ থাকে।
সাধাৰণ কলীমূৰী হাঁহ এই হ্ৰদত পোৱা আটাইতকয়ে সৰু পৰীভ্ৰমী চৰাই।৬
ৱৰ্ল্ড ৱাইল্ডলাইফ ফাণ্ড (WWF)-এ এই অঞ্চলত বিলুপ্তপ্ৰায় আৰু সংকটাপন্ন কেইটামান প্ৰজাতিৰ কথা উল্লেখ কৰিছে:১
- গুৰুতৰভাৱে সংকটাপন্ন: Puntius ticto punctatus
- সংকটাপন্ন: Horabagrus brachysoma
- স্পৰ্শকাতৰ: Parambassis thomassi
বন্যপ্ৰাণীকুল
হ্ৰদৰ পাৰত বহু পৰিমাণে বান্দৰৰ জাক দেখিবলৈ পোৱা যায়। এই বান্দৰবোৰ হ্ৰদৰ পাৰত থকা শাস্তামকোট্টা মন্দিৰৰ পৰিৱেশৰ এক অংশ।৬ ইয়াত ১৩টা প্ৰজাতিৰ পতংগ চিনাক্ত কৰা হৈছে। ইয়াৰে ৯টা প্ৰজাতিৰ পখিলা, ২টি ওডোনাটা (odonates) আৰু ২টি হাইমেনোপ্টোপেৰা (hymenopterans)।১
হ্ৰদৰ পৰিৱেশৰ অৱনতি
নিম্নলিখিত কাৰকসমূহৰ বাবে হ্ৰদটোৰ পৰিৱেশ ক্ষতিগ্ৰস্ত হৈছে।১৪
- ক্ৰমাগতভাৱে বৃদ্ধি পোৱা মানৱসৃষ্ট কাৰ্যকলাপ বা হেঁচা।
- কৃষি কাৰ্যৰ বাবে হ্ৰদৰ কিছু অংশ বেদখল কৰা।
- শিমলু আলু খেতি কৰাৰ ফলত মাটিৰ ক্ষয়-ক্ষতি বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত মাটি উটি গৈ হ্ৰদৰ তল বহি গৈছে।
- আশে-পাশে থকা অঞ্চলৰ ঘৰুৱা আৰু কৃষি-ৰাসায়নিক আৱৰ্জনাবোৰ হ্ৰদটোত পেলোৱা।
- বেদখল কৰা মাটিৰপৰা হ্ৰদৰ পাৰ খহি পৰা।
- ঘৰuৱা নলা-নৰ্দমাৰ লেতেৰা পানী ইয়াত মিহলি হোৱা।
- হ্ৰদৰ আশে-পাশে কৃষি কাৰ্য বৃদ্ধি পোৱাৰ বাবে হ্ৰদটোলৈ ভূ-গৰ্ভস্থ পানী পুনৰ ভৰ্তি হোৱাৰ প্ৰক্ৰিয়া হ্ৰাস পোৱা।
- পঁজা ঘৰৰ চাল সাজিবলৈ ব্যৱহাৰ কৰাৰ পূৰ্বে নাৰিকল গছৰ শুকান পাতবোৰ পানীত তিয়াই থোৱা।
সংৰক্ষণ আৰু ব্যৱস্থাপনা
কেৰালা ৰাজ্য চৰকাৰে ১৯৯৯ চনত হ্ৰদটোৰ বহনক্ষম ব্যৱহাৰ আৰু সংৰক্ষণৰ বাবে এখন ‘সংৰক্ষণ আৰু ব্যৱস্থাপনা কাৰ্যপৰিকল্পনা’ প্ৰস্তুত কৰিছিল। এই পৰিকল্পনা ৰূপায়ণৰ বাবে ৰাষ্ট্ৰীয় হ্ৰদ সংৰক্ষণ আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰপৰা আৰ্থিক সহায় বিচৰা হৈছিল।৭
এই কাৰ্যপৰিকল্পনাত নিম্নলিখিত কাম-কাজসমূহ অন্তৰ্ভুক্ত কৰা হৈছে:৩
- পানী ধৰি ৰাখিব পৰা অঞ্চলত কৃষি-বনানিকৰণ।
- অনাময় ব্যৱস্থা আৰু নলা-নৰ্দমাৰ উন্নতি।
- প্ৰদূষণ নিয়ন্ত্ৰণ।
- সীমিত পৰিমাণে পলস বা বোকা আঁতৰোৱা।
- অপতৃণ নিয়ন্ত্ৰণ।
- উদ্ভিদকুল আৰু বন্যপ্ৰাণীকুলৰ সংৰক্ষণ।
- মীন পালনৰ উন্নয়ন।
- স্থানীয় বাসিন্দাৰ মাজত সজাগতা অভিযান।
এই কাম-কাজসমূহ কেৰালা পানী প্ৰাধিকৰণ, বন আৰু বন্যপ্ৰাণী বিভাগ, মীন পালন বিভাগ আৰু অন্যান্য চৰকাৰী সংস্থাসমূহৰ জৰিয়তে ৰূপায়ণ কৰাৰ পৰিকল্পনা কৰা হৈছে। কেৰালা চৰকাৰৰ ‘কেৰালা ৰাজ্যিক বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ’-এ ইয়াৰ সামগ্ৰিক তত্ত্বাৱধান কৰে।৩
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Information Sheet on Ramsar Wetlands
- ↑ The Annotated Ramsar List of Wetlands of International Importance
- ↑ Archived copy
- ↑ WWF - Sasthamkotta Lake
- ↑ Sasthamcotta Lake (Kayal) Sasthamkotta. KOLLAM - Wikimapia. Wikimapia.org
- ↑ Sasthamkotta Lake Kollam, Sasthamkotta Lake Travel India, SasthamkottaLake Kollam India. Surfindia.com
- ↑ Economic Valuation of Bhoj Wetlands for Sustainable Use. Irade.org. পৃ. 30–32
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শাস্তামকোট্টা হ্ৰদ” প্ৰবন্ধৰ সংশোধন ৬২৪০১১ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।