শান্তা বশিষ্ঠ (জন্ম প্ৰায় ১৯২৬)১ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ১৯৫০ আৰু ১৯৬০ চনৰ ভিতৰত তেওঁ দিল্লী ৰাজ্য চৰকাৰত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ৰাজ্যসভাৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
শিক্ষাৰ্থীৰ জীৱন
বশিষ্ঠই দিল্লী বিশ্ববিদ্যালয়ত আইন অধ্যয়ন কৰিছিল। তেওঁৰ পিতৃ এল.ডি. বশিষ্ঠ, প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখ্য প্ৰশাসনিক বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১২৩ শিক্ষাৰ্থী জীৱনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ দিল্লী শাখাত সক্ৰিয় আছিল আৰু কিংছৱে শৰণাৰ্থী সমিতিৰ সৈতে কাম কৰিছিল।২ ১৯৫০ চনত তেওঁ চিকাগো বিশ্ববিদ্যালয়ত কাপ্পা আলফা থেটা ছ'ৰ'ৰিটিৰ বিদেশী শিক্ষাৰ্থী বৃত্তিৰ জৰিয়তে সামাজিক কামৰ অধ্যয়ন কৰে।২৪
দিল্লী বিধানসভা
ভাৰতলৈ উভতি অহাৰ লগে লগে বশিষ্ঠই ১৯৫২ চনৰ দিল্লী বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। কোটলা ফিৰোজ শ্বাহ সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে তেওঁ থিয় দিছিল। ভাৰতীয় জনসংঘৰ ভি.পি.যোশীক পৰাস্ত কৰি তেওঁ আসনখন লাভ কৰে। মুঠতে বশিষ্ঠই ৪,৬৪৬ টা ভোট লাভ কৰে (সমষ্টিটোৰ ৫৬.২৬% ভোট)।৫ ১৯৫৩ চনত দিল্লীৰ মুখ্যমন্ত্ৰী চৌধুৰী ব্ৰহ্ম প্ৰকাশে তেওঁক দিল্লী ৰাজ্য চৰকাৰৰ শিক্ষা উপ-মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে।৬৭ দিল্লীৰ কংগ্ৰেছ বিধানসভা দলৰ ভিতৰৰ সংখ্যালঘু ফৈদে তেওঁৰ মনোনয়নক সমালোচনা কৰিছিল আৰু দাবী কৰিছিল যে মুখ্যমন্ত্ৰীয়ে দলৰ বিধানসভাৰ সদস্যসকলৰ লগত পৰামৰ্শ নকৰাকৈ উপ-মন্ত্ৰীক মনোনীত কৰা উচিত নাছিল।৬
১৯৫৪ চনত দিল্লী লাইব্ৰেৰী এছ'চিয়েচনৰ পুনৰুজ্জীৱিতকৰণত বশিষ্ঠ জড়িত হয়, আৰু এছ'চিয়েচনৰ আটাইতকৈ দীৰ্ঘদিনীয়া সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে।৮৯
ৰাজ্যসভা
১৯৬০ চনত বশিষ্ঠ ৰাজ্যসভালৈ (ভাৰতীয় সংসদৰ উচ্চ সদন) নিৰ্বাচিত হয়। ১৯৬০ চনৰ ৩ এপ্ৰিলৰ পৰা ১৯৬৬ চনৰ ২ এপ্ৰিললৈকে জৱাহৰলাল নেহৰু, লাল বাহাদুৰ শাস্ত্ৰী আৰু ইন্দিৰা গান্ধীৰ চৰকাৰৰ অধীনত তেওঁৰ কাৰ্যকাল চলে।১০১১
পিছৰ সময়ছোৱা
২০০৮ চনত বশিষ্ঠই নেহৰু টু ইৰাক নামৰ গ্ৰন্থখন মুকলি কৰে, য'ত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অভিজ্ঞতাৰ বিশদ বিৱৰণ দিয়া হৈছে।১২
তথ্যসূত্ৰ
- ↑ Chief Electoral Officer, Delhi. ELECTORAL ROLL 2013, STATE- (U05) DELHI
- ↑ Woman Lawyer Plans Return to Native India, Pittsburgh Post-Gazette – 22 June 1950
- ↑ Ministry of Defence. List of erstwhile CAOs & Joint Secretary
- ↑ Kappa Alpha Theta. 1946–1958
- ↑ Election Commission of India. STATISTICAL REPORT ON GENERAL ELECTION, 1951 TO THE LEGISLATIVE ASSEMBLY OF DELHI
- ↑ Puri, Yogesh. Party Politics in the Nehru Era: A Study of Congress in Delhi. New Delhi, India: National Book Organisation, 1993. p. 102
- ↑ Teacher Education. PROCEEDINGS OF THE TWENTY FIRST MEETING
- ↑ Library Herald, Vol. 7–9. Delhi Library Association., 1965. p. 87
- ↑ Ranganathan, Shiyali Ramamrita, and Prithvi Nath Kaula. A Librarian Looks Back: An Autobiography of Dr. S.R. Ranganathan. New Delhi: ABC Publ. House, 1992. p. 378
- ↑ The Telegraph. Disruption shame in House
- ↑ Delhi Pradesh Congress Committee. FORMER MEMBERS OF RAJYA SABHA FROM DELHI
- ↑ The Tribune. Requiem to a bygone era
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শান্তা বশিষ্ঠ” প্ৰবন্ধৰ সংশোধন ৪৯৭৩৫১ (২৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।