লিট্ল ৰেড ফ্লাৱাৰ্চ (চীনা ভাষাত: 看上去很美) অৰ্থাৎ 'সৰু ৰঙা ফুল' এখন ২০০৬ চনৰ চীনা চলচ্চিত্ৰ। এই ছবিখন ঝাং য়ুৱানৰ দ্বাৰা পৰিচালিত।১ ছবিখনৰ প্ৰযোজক চীনৰ বেইজিং চেঞ্চুৰি গুড-টাইডিংচ কাল্চাৰেল ডেভেলপমেণ্ট কোম্পানী লিমিটেড আৰু ইটালীৰ ডাইন্টাউন পিক্চাৰ্চ। ডাচ্ছ কোম্পানী ফৰ্টিচিম' ফিল্মচেএই ছবিৰ বিশ্ব পৰিবেশক।
ছবিখন লেখক ৱাং চুঅ'ৰ উপন্যাস কান্ চাং চু হেন মেই বা 'সুন্দৰ হ'ব পাৰে'ৰ দ্বাৰা অনুপ্ৰাণিত।২ এটি চাৰি বছৰীয়া ল'ৰা, ফাং চিয়াং চিয়াং আৱাসিক শিশু বিদ্যালয়লৈ যায়। সু-ব্যৱহাৰৰ বাবে পুৰস্কাৰ ৰূপে দিয়া ৰঙা ফুল নাপাই সি দুঃখিত হয়।
অভিনেতা
- ডং ব' ৱেন-- ফাং চিয়াং চিয়াং
- ঝাও ৰুই-- মিচ্ লি
- লি ঝিয়াও ফেং-- মিচ্ টাং
- ছেন লি-- প্ৰধান অধ্যাপিকা কং
বাহ্যিক সংযোগ
- Fortissimo Films লিত্ল ৰেড ফ্লাৱাৰ্চৰ অফিচিয়েল চাইট
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিট্ল ৰে'ড ফ্লাৱাৰ্ছ” প্ৰবন্ধৰ সংশোধন ৩৮৫৮২৮ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।