কা লাই লুং খাম অসমৰ টাই-আহোম সকলৰ এক পৰম্পৰাগত লোকনৃত্য।১ এই নৃত্য আহোমসকলৰ পৰম্পৰাগত আৰু শাস্ত্ৰীয় নৃত্য হিচাপে প্ৰতিষ্ঠিত হৈছে।২ হাবিৰ ৰক্ষক দেউ প'-ফি-চুক উপসনা কৰা সময়ত কা লাই লুং খাম পৰিবেশন কৰা হয় ৷ পুৰুষ-মহিলা উভয়ে মিলি এজোপা বড়গছৰ তলত প্ৰকৃতিলৈ পূজা অৰ্চনা আগবঢ়াই লাই লুং খাম নৃত্য কৰে। আহোমসকল মূলতঃ প্ৰকৃতিৰ শক্তিসমূহৰ উপাসক। বিজুলী-বজ্ৰপাত, নিয়ৰ-হিমকণা, পোহৰ, জলধাৰা, বৃষ্টিপাত, বতাহ-ধুমুহা আদি প্ৰকৃতিৰ সাতোটা উপাদান বা শক্তিকেই তেওঁলোকে সকলো গীত, সুৰ, বাদ্য আদিৰ মূল বুলি বিশ্বাস কৰে। কিংবদন্তি অনুসৰি প্ৰকৃতিৰ এই শক্তিসমূহকে অনুকৰণ কৰি হ-ফি-চ্যুৱে বাদ্যযন্ত্ৰ, গীত-মাত আদিৰ প্ৰচলন কৰে।৩
নৃত্যশৈলী
সাজ-পোছাক
নৃত্যৰ সময়ত শৰীৰৰ ওপৰৰ অংশত পুৰুষসকলে মুগাৰ ফা-চৌ বা চাপকন চোলা, ফা-ৰু বা পাগুৰি আৰু চেলেং পৰিধান কৰে। নিম্নাংশত চুৰিয়া বা পটলুং পৰিধান কৰে। মহিলাসকলে ফা-চিন, চেলেং (ফা-মাই) আৰু ফা-ৰু পৰিধান কৰে। পৰম্পৰাগতভাৱে মহিলাসকলে চুলি মেলি ৰাখে যদিও বহুক্ষেত্ৰত খোপা বান্ধি ৰখাও দেখা যায়।
বাদ্যযন্ত্ৰ
বাদ্যযন্ত্ৰ হিচাপে লাই লুং খাম নৃত্যত বিশেষ প্ৰকাৰৰ ঢোল আৰু তাল ব্যৱহৃত হয়।
যাৱতীয় সামগ্ৰী
নৃত্যৰ বাবে পাতেৰে সৈতে বাঁহৰ আগ এটাৰ প্ৰয়োজন হয়। এজনে এই বাঁহডাল ধৰি দলটোৰ নেতৃত্ব বহন কৰে।
ভংগিমা
লাই লুং খাম পৰিৱেশন কৰোঁতে প্ৰথমে মাদুলিৰ শব্দত ওপৰলৈ হাতযোৰ কৰি শাৰীপাতি এখোজ এখোজকৈ নৃত্যস্থলীত প্ৰৱেশ কৰে। পুৰুষ আৰু মহিলা দুয়োটা দল পৃথকে পৃথকে আহে। সোঁফালে পুৰুষসকল থাকে আৰু বাওঁফালে মহিলাসকল থাকে। তেওঁলোকৰ মাজত বাঁহৰ আগটো লৈ এজনে নেতৃত্ব দিয়ে। নেপথ্যত গীত পৰিৱেশন কৰা শিল্পীস;লে চাও নূৰূ চাও কাও ঐ বুলি তিনিবাৰ গায় আৰু তিনিবাৰ উঠা-বহা কৰি প্ৰণাম কৰে। ইয়াৰ পিছত উকিৰ ধ্বনিৰ লগে লগে নেপথ্যত গীত গাই “এহেম হুই য়া” নাম আৰু পদ দিয়া হয়।
তথ্যসূত্ৰ
- ↑ (September 4, 2008). Tai Culture International Review on Tai Cultural Studies
- ↑ Gogoi, Pushpa. (August 29, 2008). Tai of North East India. পৃ. 38
- ↑ দ্বীপেন হাটীবৰুৱা. টাই আহোমৰ লোকনৃত্য. thaiahom.blogspot.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাই লুং খাম” প্ৰবন্ধৰ সংশোধন ৪৪০৯০৬ (২৬ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।