যৌনাংগৰ হাৰপিছ (Herpes ) হ’ল যৌন সংক্ৰামক এটি ৰোগ। এই ৰোগ হাৰপিছ চিমপ্লেক্স ভাইৰাছ টাইপ-১ (HSV-1) আৰু চিমপ্লেক্স ভাইৰাছ টাইপ-২ (HSV-2) সংক্ৰমণৰ ফলত হয়।
সংক্ৰমণ
যৌনাংগত HSV-2ৰ সংক্ৰমণ থকা ব্যক্তিৰ সৈতে যৌনসংগম কৰিলে এইৰোগ সংক্ৰমণ হব পাৰে। এই ক্ষেত্ৰত বাহিৰৰ পৰা উক্ত ব্যক্তিৰ হাৰপিছ আছে যে এনে ধাৰণা কৰিব পৰা নাযায় আৰু আক্ৰান্ত ব্যক্তিয়েও তেওঁ ৰোগ সম্পৰ্কে জ্ঞাত নহ'ব পাৰে।
লক্ষণ আৰু উপসৰ্গ
বেছিভাগ ক্ষেত্ৰতে আক্ৰান্ত ব্যক্তিয়ে গমেই নাপায় যে তেওঁ HSV-2ত আক্ৰান্ত। সাধাৰণতে এই ভাইৰাছৰদ্বাৰা সংক্ৰমিত হোৱাৰ দুসপ্তাহ মানৰ পাছতহে শৰীৰৰ বাহিৰত ইয়াৰ প্ৰকাশ ঘটে। ইয়াৰ ঘাঁবোৰ দুইৰ পৰা চাৰি সপ্তাহৰ ভিতৰত নোহোৱা হৈ যায়। ঘাঁবোৰ সাধাৰণতে যৌনাংগ বা মলদ্বাৰৰ ওচৰত এটা বা একাধিক গুটিৰ দৰে দেখা দিয়ে। প্ৰথম এই গুটিবোৰ দেখা দিয়াৰ পাছত এইবোৰ ফাটি গৈ স্পৰ্শকাঁতৰ ঘাঁ হৈ পৰে। এই ঘাঁবোৰ ঠিক হবলৈ ২ৰ পৰা চাৰি সপ্তাহ সময় লাগে। ইয়াৰ কেইসপ্তাহ মানৰ বা কেইমাহ মানৰ পাছত গুটিবোৰ পুনৰ ওলায়। অৱশ্যে পিছৰ বাৰৰ ঘাঁবোৰ আগৰ বাৰতকৈ কম ভয়াবহ হয় আৰু সোনকালে শুকায়। এই সংক্ৰমণ শৰীৰত অনিৰ্দিষ্ট কাললৈ থাকিব পাৰে। অৱশ্যে এবছৰৰ ভিতৰত এই ঘাঁৰ পৰিমাণ লাহে লাহে কমিবলৈ আৰম্ভ কৰে। ইয়াৰ আন উপসৰ্গ বোৰ হ’ল- ফ্লুৰ দৰে জ্বৰ, গ্ৰন্থি উখহি উঠা।
চিকিৎসা
হাৰপিছ নিৰাময় কৰিবপৰা চিকিৎসা নাই। কিন্তু প্ৰতিৰোধৰ ঔষধ খাই থাকি ঘাঁবোৰ প্ৰতিৰোধ কৰা আৰু কম দিন থকাৰ চিকিৎসা কৰিব পৰা যায়। সংক্ৰমণ হোৱাৰ পৰা ৰক্ষা কৰিব পৰা যায়।
প্ৰতিৰোধ
যিকোনো যৌন সংক্ৰমণ প্ৰতিৰোধৰ উচিত উপায় হ’ল-যৌন সম্পৰ্ক নকৰা অথবা যৌন সংক্ৰামক ৰোগ নথবা ব্যক্তি এগৰাকীক যৌন সংগী কৰি লোৱা।
তথ্য সংগ্ৰহ
- আইএনডিজি দল।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাৰ্পিছ ছিম্প্লেক্স” প্ৰবন্ধৰ সংশোধন ৩৯৮৮১২ (২৫ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।