অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

ক্লামিডিয়া সংক্ৰমণ

ক্লামিডিয়া সংক্ৰমণ (Chlamydia infection) এবিধ যৌন কাৰ্য্যৰ দ্বাৰা সংক্ৰমিত ৰোগ। ই ক্লামিডিয়া ট্ৰাকোমেটিকছ নামৰ বেক্টেৰিয়াৰ জৰিয়তে হয়। এই বেক্টেৰীয়া পুৰুষ আৰু মহিলা উভয়ৰ দেহলৈ সংক্ৰমিত হব পাৰে এই বেক্টেৰীয়াই মহিলাৰ প্ৰজনন অংগবোৰৰ ক্ষতিসাধন কৰে।

হালনাগাদ: ৩১ জানুৱাৰী ২০২৫ ২৪৮ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ক্লামিডিয়া সংক্ৰমণ (Chlamydia infection) এবিধ যৌন কাৰ্য্যৰ দ্বাৰা সংক্ৰমিত ৰোগ। ই ক্লামিডিয়া ট্ৰাকোমেটিকছ নামৰ বেক্টেৰিয়াৰ জৰিয়তে হয়।১ এই বেক্টেৰীয়া পুৰুষ আৰু মহিলা উভয়ৰ দেহলৈ সংক্ৰমিত হব পাৰে এই বেক্টেৰীয়াই মহিলাৰ প্ৰজনন অংগবোৰৰ ক্ষতিসাধন কৰে।

সংক্ৰমণ

যৌনসংগমৰ সময়ত যোনী মুখ আৰু শৌচাগাৰত এই সংক্ৰমণ হ’ব পাৰে। আক্ৰান্ত মাকৰ পৰা প্ৰসৱৰ সময়ত যোনীৰে এই সংক্ৰমণ শিশুৰ দেহলৈ যাব পাৰে।২ যৌন কাৰ্য্যৰ বাবে সক্ষম সকলো ব্যক্তি এই ৰোগত আক্ৰান্ত হ’ব পাৰে।

উপসৰ্গ

প্ৰথম অৱস্থাত এই বেক্টেৰিয়াই মহিলাৰ যোনী, জৰায়ু মুখ আৰু জৰায়ু নলীত সংক্ৰমণ ঘটাব পাৰে। মহিলাৰ যোনীৰে অস্বাভাৱিক স্ৰাৱ নিৰ্গত হোৱা, আৰু প্ৰস্ৰাৱ কৰোঁতে জ্বলা পোৰা কৰিব পাৰে। সংক্ৰমণ যেতিয়া জৰায়ুৰ পৰা ডিম্বনলীলৈ প্ৰসাৰিত হয়- তেতিয়া কিছুমান মহিলাৰ তলপেট, কঁকাল আদিত বিষ, বমিভাৱ, জ্বৰ, যৌনসংগমৰ সময়ত কষ্ট পোৱা, মাহেকীয়া ঋতুস্ৰাৱৰ মাজৰ সময়খিনিতো তেজ যাব পাৰে। কিছুমান মহিলাৰ কোনো উপসৰ্গই দেখা নিদিয়ে। পুৰুষৰ এই সংক্ৰমণৰ ফলত লিংগৰে জুলীয়া পদাৰ্থৰ নিঃসৰণ আৰু প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা পোৰা অনুভূত হ’ব পাৰে। লিংগৰ মুকলি অংশত পোৰণি আৰু খজুৱতি হ’ব পাৰে।

পৰিণাম

এই ৰোগৰ চিকিৎসা নকৰিলে প্ৰজনন অংগ আৰু সামগ্ৰিক শাৰীৰিক স্বাস্থ্যৰ ওপৰত অল্পম্যাদী আৰু দীৰ্ঘম্যাদী ভয়াবহ জটিল অৱস্থাৰ সৃষ্টি হ’ব পাৰে। এনে মহিলাই যৌনসংগমৰ সময়ত এইচ.আই.ভি.ৰে সংক্ৰমণ হোৱাৰ সম্ভাৱনা ৫ গুণ বেছি। পুৰুষৰ ক্ষেত্ৰত তেনে বিশেষ জটিলতাই দেখা নিদিয়ে।

প্ৰতিৰোধ

এই সংক্ৰমণ ৰোধৰ একমাত্ৰ উপায় হ’ল যৌনসংগম নকৰা। বা এনে এজন যৌনসংগী বাচি লোৱা-যাৰ কোনো যৌন সংক্ৰমিত ৰোগ নাই।

তথ্য সংগ্ৰহ

  • আইএনডিজি দল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (November 17, 2015). 2014 Sexually Transmitted Diseases Surveillance Chlamydia
  2. ↑ (May 19, 2016). Chlamydia - CDC Fact Sheet. CDC

সম্পৰ্কিত শ্ৰেণী

যৌন সংক্ৰামক ৰোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্লামিডিয়া সংক্ৰমণ” প্ৰবন্ধৰ সংশোধন ৪৬৭৩৬৪ (৩১ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।