অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

য়'হান গটলীব ফিশট্য

য়'হান গটলীব ফিশট্য (Johann Gottlieb Fichte,; ১৯ মে ১৭৬২ – ২৯ জানুৱাৰী ১৮১৪) আছিল এজন জাৰ্মান দাৰ্শনিক, যি জাৰ্মান আদৰ্শবাদৰ এজন প্ৰতিষ্ঠাপক ব্যক্তিত্ব হৈ পৰিছিল। এই জাৰ্মান ভাৱবাদ ইমানুৱেল কাণ্টৰ তাত্ত্বিক আৰু নৈতিক লেখাসমূহৰ পৰা বিকশিত হৈছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৯৬ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

য়'হান গটলীব ফিশট্য (Johann Gottlieb Fichte,; ১৯ মে ১৭৬২ – ২৯ জানুৱাৰী ১৮১৪) আছিল এজন জাৰ্মান দাৰ্শনিক, যি জাৰ্মান আদৰ্শবাদৰ এজন প্ৰতিষ্ঠাপক ব্যক্তিত্ব হৈ পৰিছিল। এই জাৰ্মান ভাৱবাদ ইমানুৱেল কাণ্টৰ তাত্ত্বিক আৰু নৈতিক লেখাসমূহৰ পৰা বিকশিত হৈছিল।

আত্ম-সচেতনতা বা আত্ম-জাগৰণৰ প্ৰকৃতি সম্পৰ্কে আগবঢ়োৱা মৌলিক অন্তৰ্দৃষ্টিৰ বাবে ফিশট্য নিজৰ অধিকাৰতে এজন গুৰুত্বপূৰ্ণ দাৰ্শনিক। ফিশট্য বাদ-প্ৰতিবাদ-সমন্বয় ধাৰণাটোৰো জনক আছিল,১ যিটো ধাৰণা প্ৰায়ে ভুলকৈ হেগেলৰ বুলি গণ্য কৰা হয়।২

তেওঁৰ পূৰ্বৰ ৰ‌্যনে দেকাৰ্ত আৰু কাণ্টৰ দৰেই ফিশট্যও ব্যক্তিপৰতা আৰু চেতনাৰ সমস্যাৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। ফিশট্যই ৰাজনৈতিক দৰ্শনৰ গ্ৰন্থও ৰচনা কৰিছিল; তেওঁক জাৰ্মান জাতীয়তাবাদৰ অন্যতম পিতৃ হিচাপে গণ্য কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ "Review of Aenesidemus" ("Rezension des Aenesidemus", Allgemeine Literatur-Zeitung, 11–12 February 1794). Trans. Daniel Breazeale. In Breazeale, Daniel; Fichte, Johann. (1993). Fichte: Early Philosophical Writings. Cornell University Press. পৃ. 63 (See also: FTP, p. 46; Breazeale 1980–81, pp. 545–68; Breazeale and Rockmore 1994, p. 19; Breazeale 2013, pp. 36–37; Waibel, Breazeale, Rockmore 2010, p. 157: "Fichte believes that the I must be grasped as the unity of synthesis and analysis.")
  2. ↑ Robert C. Solomon, In the Spirit of Hegel, Oxford University Press, p. 23

সম্পৰ্কিত শ্ৰেণী

জাৰ্মানীৰ ব্যক্তিদাৰ্শনিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “য়'হান গটলীব ফিশট্য” প্ৰবন্ধৰ সংশোধন ৬৩১০৪৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।