মেক ইন ইণ্ডিয়া ভাৰত চৰকাৰৰ এক অভিলাষী কাৰ্যক্ৰম আৰু ইয়াৰ জৰিয়তে কোম্পানীসমূহক ইয়াৰ উৎপাদিত সামগ্ৰীসমূহ ভাৰতত নিৰ্মাণ কৰিবলৈ প্ৰেৰিত কৰা হয়। ২০১৪ চনৰ ২৫ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেক ইন ইণ্ডিয়া কাৰ্যক্ৰমৰ উদ্বোধন কৰে।১
ইতিহাস
২০১৪ চনৰ স্বধীনতা দিৱসৰ ভাষণকালত প্ৰধানমন্ত্ৰী মোদীয়ে মেক ইন ইণ্ডিয়াৰ বিষয়ে ইঙ্গিত দিয়ে আৰু ২৫ ছেপ্টেম্বৰত বিজ্ঞান ভৱনৰ এক অনুষ্ঠানযোগে এই কাৰ্যসূচী আৰম্ভ কৰা হয়।১ একে বছৰৰে ২৯ ডিচেম্বৰত উদ্যোগিক নীতি আৰু প্ৰসাৰ বিভাগে এক কৰ্মশালাৰো আয়োজন কৰে আৰু ইয়াত প্ৰধানমন্ত্ৰী মোদী, কেবিনেট মন্ত্ৰীবৰ্গ, ৰাজ্যসমূহৰ মুখ্য সচিবকে আদি কৰি বিভিন্ন উদ্যোগপতিঅসকল উপস্থিত থাকে। ২
অৱলোকন
মেক ইন ইণ্ডিয়া কাৰ্যসূচীৰ মূল লক্ষ্য হৈছে ভাৰতীয় অৰ্থনীতিৰ ২৫টা মুখ্য খণ্ডত সংস্থাপন সৃষ্টি আৰু কৌশলগত দক্ষতা বৃদ্ধি। এই খণ্ডসমূহৰ ভিতৰত চলন্ত বাহন, ৰসায়ন, তথ্য-প্ৰযুক্তি, ঔষধ, বয়নশিল্প, বন্দৰ, বিমান, চামৰা, পৰ্যটন, স্বাস্থ্য, ৰে’ল, পুনঃনবীকৰণীয় শক্তি, খনি, জৈৱ-প্ৰযুক্তি আৰু বৈদ্যুতিক আদি উল্লেখযোগ্য।১ এই কাৰ্যসূচীয়ে দেশৰ মুঠ ঘৰুৱা উৎপাদন আৰু কৰৰ পৰা হোৱা আয় বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।৩ সামগ্ৰীৰ উচ্চ মানদণ্ড আৰু পৰিৱেশৰ ওপৰত পৰা প্ৰভাৱ হ্ৰাস কৰা মেক ইন ইণ্ডিয়াৰ অন্যতম লক্ষ্য।৪৫ এই কাৰ্যসূচীৰ জৰিয়তে ভাৰতলৈ মূলধন আৰু কাৰিকৰী বিনিয়োগৰ আগমন আশা কৰা হৈছে।৩
সঁহাৰি
২০১৫ চনৰ জানুৱাৰীত স্পাইচ গ্ৰুপে উত্তৰ প্ৰদেশত ৫০০ কোটি টকা বিনিয়োগেৰে এক ম’বাইল ফোন নিৰ্মাণ কাৰখানা স্থাপন কৰিবলৈ লোৱাৰ কথা সদৰি কৰে। উত্তৰ প্ৰদেশ চৰকাৰ আৰু স্পাইচ গ্ৰুপৰ মাজত এই বিষয়ে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।৬
দক্ষিণ পশ্চিম এচিয়া চেমচাঙৰ মুখ্য কাৰ্যবাহী বিষয়া হ্যুচিল হঙ আৰু ভাৰতৰ ক্ষুদ্ৰ, লঘূ আৰু মধ্যম উদ্যোগ (এম এচ এম ই) খণ্ডৰ মন্ত্ৰী কালৰাজ মিশ্ৰ ২০১৫ চনৰ জানুৱাৰীত এক বৈঠকত মিলিত হয় আৰু দুয়ো পক্ষৰ সহযোগিতাত দেশত স্থাপন হ’বলগীয়া ১০ খন এম এচ এম ই-চেমচাং টেকনিকেল স্কুল সন্দৰ্ভত আলোচনা কৰে।৭ ২০১৫ ৰ ফেব্ৰুৱাৰী মাহত চেমচাঙে চেমচাং জেদ১ ফোনটো নইদাৰ কাৰখানাত তৈয়াৰ কৰিবলৈ লোৱাৰ কথা সদৰি কৰে।৮ ফেব্ৰুৱাৰী মাহতে হিটাচি কোম্পানীয়ে জনাই যে ই ভাৰতত ইয়াৰ নিয়োজিত লোকৰ সংখ্যা ১০,০০০ জনৰ পৰা ১৩,০০০ জনলৈ বৃদ্ধি কৰিব। লগতে হিটাচিয়ে ইয়াকো কয় যে কোম্পানীটোৱে ভাৰতত আয় ২০১৩ চনৰ ১০০ বিলিয়নৰ পৰা ২১০ বিলিয়ন কৰাৰ লক্ষ্য বান্ধি লৈছে। কোম্পানীটোৱে ২০১৬ চনত চেন্নাইত এক কাৰখানা স্থাপনৰ সিদ্ধান্তৰ কথাও সদৰি কৰে।৯
একে মাহতে হুৱেই কোম্পানীয়ে বেংগালুৰুত নতুনকৈ এক গৱেষণা আৰু উন্নয়ন কেন্দ্ৰ মুকলি কৰে। ১৭০ মিলিয়ন আমেৰিকান ডলাৰ ব্যয়েৰে এই প্ৰকল্পটো স্থাপন কৰা হয়।১০১১
ফেব্ৰুৱাৰীতে মেৰাইন প্ৰডাক্টচ এক্সপ’ৰ্ট ডেভেলপমেণ্ট অ’থ’ৰিটীয়ে ঘোষণা কৰে যে মেক ইন ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত উন্নীতকৰণ সংস্থাটোৱে ভাৰতীয় মিছামাছ পালকসকলক মিছামাছৰ কণী যোগান ধৰাত আগ্ৰহী।১২ ২০১৫-ৰ জুনত ফ্ৰান্সৰ এল এইচ এভিয়েচনে অ’ আই এচ এডভাঞ্চদ টেকন’ল’জীৰ সৈতে ড্ৰ’ন নিৰ্মাণৰ বাবে এক কাৰখানা স্থাপন কৰিবলৈ এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে।১৩
২০১৫ চনৰ জুলাইত ৰাছিয়াই যুদ্ধ জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত ৰিলায়েঞ্চ গ্ৰুপৰ সৈতে মিত্ৰতা কৰাৰ কথা প্ৰকাশ পায়।১৪১৫
ভাৰতীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে জানিবলৈ দিয়ে যে ২০১৪ চনৰ অক্টোবৰ মাহৰ পৰা ২০১৫ চনৰ এপ্ৰিললৈ প্ৰত্যক্ষ বিদেশী বিনিয়োগ ৪৮% লৈ বৃদ্ধি পায়। মন্ত্ৰালয়ে লগতে ইয়াকো কয় যে ২০১৪-১৫ বিত্তীয় বৰ্ষত বিদেশী সাংগঠনিক বিনিয়োগৰ পৰিমাণ ৭১.৭% বাঢ়ি ৪০.৯২ বিলিয়ন আমেৰিকান ডলাৰ হয়গৈ।১৬
জনসম্পৰ্ক
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰৱৰ্ত্তন কৰা মেক ইন ইণ্ডিয়া কাৰ্যসূচীৰ জিৰ’ ডিফেক্ট জিৰ’ ইফেক্ট শ্লোগানে আঁসোৱাহমুক্ত সামগ্ৰী আৰু শূন্য পাৰিপাৰ্শ্বিক প্ৰভাৱকে সূচায়।১৭ ভাৰতত উৎপাদিত সামগ্ৰী যাতে বিশ্বৰ বজাৰত বৰ্জিত নহয় ইয়াক সুনিশ্চিত কৰাটো শ্লোগানটোৰ অন্যতম লক্ষ্য।১৮
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (25 September 2014). Look East, Link West, says PM Modi at Make in India launch. Hindustan Times
- ↑ (28 December 2014). Centre, States to ready ‘Make in India’ plan. The Hindu
- ↑ (25 September 2014). Focus on 'Make In India'. Business Standard
- ↑ (27 May 2015). 7 facts not known about PM Modi’s Make In India. Newsroom Post
- ↑ (29 December 2014). Modi for ‘zero defect’ Make in India products. The Hindu Business Line
- ↑ (28 January 2015). Spice Group announces Rs 500 crore investment to build mobile manufacturing unit in UP. DNA India
- ↑ (15 January 2015). MSME-Samsung Technical School to promote 'Make in India'. Business Standard
- ↑ (17 February 2015). Samsung launches new 4G phones, says still on top in India. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ (16 February 2015). Hitachi keen to push ‘Make in India’ programme. দ্য হিন্দু
- ↑ (5 February 2015). China's Huawei makes $170 million "Make in India" investment. Reuters
- ↑ (5 February 2015). Huawei India opens new R&D campus in Bengaluru. Deccan Herald
- ↑ (1 February 2015). MPEDA keen on producing ‘Make in India’ shrimp seed. দ্য হিন্দু
- ↑ আৰ্কাইভ কপি
- ↑ (July 16, 2015). Russia partners Reliance Group for ‘Make in India’ warships. The Hindu
- ↑ Manu Pubby. (July 16, 2015). Biggest warship project: Russia selects Anil Ambani's Pipavav to make frigates for Indian Navy. The Economic Times
- ↑ (July 15, 2015). FDI in equity jumped 48% after launch of 'Make in India': Commerce and industry ministry Read more at: economictimes.indiatimes.com/articleshow/4807755. The Economic Times
- ↑ Ecologists cheer Modi's 'zero defect, zero effect' slogan. The Times of India
- ↑ Mahajan, Neha. (15 August 2014). 'Zero defect, zero effect' to 'Make in India': Modi's jugglery with words. www.hindustantimes.com/
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মে'ক ইন ইণ্ডিয়া” প্ৰবন্ধৰ সংশোধন ৪৪১১২৮ (২৭ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।