মহিলা কূটনীতিবিদ
১২ প্ৰবন্ধ
-
অশোকা বাণ্ডাৰেজ
অশোকা বাণ্ডাৰেজ হৈছে আন্তঃৰাষ্ট্ৰীয় উন্নয়ন, ৰাজনৈতিক অৰ্থনীতি, মহিলা আৰু লিংগ অধ্যয়ন, বহুসংস্কৃতিবাদ, সংঘাত বিশ্লেষণ আৰু সমাধান, শান্তি আৰু নিৰাপত্তা, দক্ষিণ এছিয়া, শ্ৰীলংকা, জনসংখ্যা আৰু পৰিৱেশ বিজ্ঞানৰ বিশেষজ্ঞ শ্ৰীলংকাৰ শিক্ষাবিদ।
-
অৰুণি ৱিজেবৰ্ধনে
অৰুণি যশোধা ৱিজেবৰ্ধনে এগৰাকী শ্ৰীলংকাৰ কূটনীতিবিদ যিয়ে ২০২২ চনৰপৰা ২০২৪ চনলৈকে শ্ৰীলংকাৰ বৈদেশিক সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে শ্ৰীলংকাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ কেইবাটাও উচ্চ পদবীত কাৰ্যনিৰ্বাহ কৰাৰ লগতে বহিঃৰাজ্যতো কাৰ্যনিৰ্বাহ কৰিছিল।
-
আউট ডেং আচুইল
আউট ডেং আচুইল হৈছে দক্ষিণ চুডানৰ এজন ৰাজনীতিবিদ যিয়ে ৰিভাইটালাইজড ট্ৰেঞ্জিচনেল গভৰ্ণমেণ্ট অৱ নেচনেল ইউনিটি (R-TGoNU)ৰ সাধাৰণ শিক্ষা আৰু নিৰ্দেশনাৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে।
-
আলডা বাণ্ডেইৰা
আলডা বাণ্ডেইৰা টাভাৰেছ ভাজ দা কনচেইচ (জন্ম ২২ ছেপ্টেম্বৰ, ১৯৪৯ চন) হৈছে চাও টমে আৰু প্ৰিন্সিপেৰ এগৰাকী ৰাজনীতিবিদ। ১৯৪৯ চনত চাও টমেৰ চাণ্টানাত জন্মগ্ৰহণ কৰিছিল বাণ্ডেইৰাই। তেওঁৰ পিতৃ এগৰাকী নাৰ্ছ আছিল।
-
ইটা বাণ্ডা
ইটা এলিজাবেথ বাণ্ডা ( Eta Elizabeth Banda; জন্ম: ১৯৪৯) ২০০৯ চনৰপৰা ২০১১ চনলৈকে মালাউইৰ এগৰাকী প্ৰাক্তন ৰাজনীতিবিদ। ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁ স্বাস্থ্য পেছাদাৰী আৰু বিশ্ববিদ্যালয়ৰ প্ৰশাসক হিচাপে কাম কৰিছিল।
-
গ্লৰিয়া আমন নিকোই
গ্লৰিয়া আডৱা আমন নিকোই, জন্ম নাম আড্ডে (৬ জুন ১৯২৭ – ১০ নৱেম্বৰ ২০১০)ঘানাৰ এগৰাকী কূটনীতিবিদ আছিল, যিয়ে ১৯৭৯ চনত সশস্ত্ৰ বাহিনী বিপ্লৱী পৰিষদ (AFRC) চৰকাৰৰ অধীনত বৈদেশিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এই পদত অধিষ্ঠিত হোৱা তেওঁ আছিল প্ৰথম ঘানাৰ মহিলা।
-
নিয়াৰমালা বাদ্ৰিছিং
নিয়াৰমালা বাদ্ৰিছিং (জন্ম ৪ জুলাই ১৯৬২ চন) এগৰাকী চুৰিনামৰ মহিলা কূটনীতিবিদ আৰু ৰাজনীতিবিদ। তেওঁ ২০১৫ চনৰ ১২ আগষ্টৰপৰা ২০১৭ চনৰ ১ ফেব্ৰুৱাৰীৰ ভিতৰত ৰাষ্ট্ৰপতি ডেচি বাউটাৰ্ছৰ মন্ত্ৰীসভাত চুৰিনামৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আছিল।
-
পামেলা এম্বোঅ’
পামেলা এম্বোঅ’ (১৯৩৮ – ২৬ জানুৱাৰী ২০০৯) কেনিয়াৰ এগৰাকী ৰাজনৈতিক কৰ্মী আৰু কূটনীতিবিদ আছিল আৰু কেনিয়াৰ ট্ৰেড ইউনিয়নবাদী, শিক্ষাবিদ, পান আফ্ৰিকানবাদী, লেখক, স্বাধীনতা কৰ্মী, কেবিনেট মন্ত্ৰী আৰু কেনিয়া গণৰাজ্যৰ অন্যতম প্ৰতিষ্ঠাপক পিতৃ টম এম্বোঅ’ৰ পত্নী আছিল।
-
ফাউজিয়া ইউছুফ আদম
ফাউজিয়া ইউছুফ হাজী আদম এগৰাকী ছোমালি ৰাজনীতিবিদ। ২০১২ চনৰ ৪ নৱেম্বৰৰপৰা ২০১৪ চনৰ ১৭ জানুৱাৰীলৈকে তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু ছোমালিয়াৰ উপ-প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২৪ চনৰ জানুৱাৰী মাহত ছোমালিয়াই আফ্ৰিকান ইউনিয়ন আয়োগৰ অধ্যক্ষৰ পদৰ বাবে তেওঁক মনোনীত কৰে।
-
মণিকা কেথিনা জুমা
মনিকা কেথিনা জুমা'চিবিএছ, ইজিএইচ, এমবিএছ (জন্ম ২৬ ছেপ্টেম্বৰ ১৯৬৩) এগৰাকী কেনিয়াৰ কূটনীতিবিদ যিয়ে বৰ্তমান ৰাষ্ট্ৰপতি উইলিয়াম ৰুটোৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
মেৰিনি ডি লিভেৰা
মেৰিনি ডি লিভেৰা এগৰাকী শ্ৰীলংকাৰ অধিবক্তা আৰু সমাজ কৰ্মী যিয়ে শ্ৰীলংকাত ৰাষ্ট্ৰীয় শিশু সুৰক্ষা কৰ্তৃপক্ষৰ (এনচিপিএ) প্ৰাক্তন অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৯ চনত আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে তেওঁক আন্তৰ্জাতিক সাহসী মহিলা বঁটা প্ৰদান কৰে।
-
লিলজা ডগ আলফ্ৰেডছড'টিৰ
লিলজা ডগ আলফ্ৰেডছড'টিৰ (জন্ম ৪ অক্টোবৰ ১৯৭৩) আইচলেণ্ডৰ এজন ৰাজনীতিবিদ আৰু সাংসদ যিয়ে ২০২১ চনৰ নৱেম্বৰৰপৰা ২০২৪ চনৰ ডিচেম্বৰলৈকে পৰ্যটন, বাণিজ্য আৰু সংস্কৃতিৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।