মেবেল বাৰ্লট্ৰপ (ইংৰাজী ভাষা: Mabel Barltrop; জন্মগত উপাধি: এণ্ড্ৰুজ; ১১ জানুৱাৰী ১৮৬৬ – ১৬ অক্টোবৰ ১৯৩৪), যি পিছলৈ অক্টাভিয়া বাৰ্লট্ৰপ নামেৰে পৰিচিত হৈছিল, এগৰাকী ব্ৰিটিছ মহিলা আছিল যিয়ে পানাচিয়া ছ’চাইটি প্ৰতিষ্ঠা কৰিছিল। তেওঁ বেডফৰ্ডত এটা ধৰ্মীয় সম্প্ৰদায় গঢ়ি তুলিছিল আৰু নিজকে "ভগৱানৰ কন্যা" (God the daughter) বুলি ঘোষণা কৰিছিল।
জীৱন
বাৰ্লট্ৰপৰ জন্ম লণ্ডনৰ পেকহামত আগষ্টাচ আৰু কেথেৰিন এণ্ড্ৰুজৰ কোলাত হৈছিল। তেওঁৰ এজন ধৰ্মপিতা আছিল কবি কভেণ্ট্ৰী পেটম’ৰ, যিয়ে বাৰ্লট্ৰপৰ দেউতাকৰ ভগ্নী এমিলী আগষ্টা পেটম’ৰক বিবাহ কৰাইছিল। ১৮৭৫ চনত দেউতাকৰ মৃত্যু হয়; বাৰ্লট্ৰপ আৰু তেওঁৰ অসুস্থ মাতৃ গৈ ক্ৰইডনত মেবেলৰ বিধবা পেহী ফেনি ৱাল্ড্ৰনৰ সৈতে থাকিবলৈ লয়।১ তেওঁৰ মাতৃ ‘হাই চাৰ্চ’ আৰু পেহী ‘লো চাৰ্চ’পন্থী আছিল আৰু তেওঁৰ ককাক এজন কনগ্ৰিগেচনেল ধৰ্মযাজক আছিল।১
১৮ বছৰ বয়সত তেওঁ আৰ্থাৰ হেনৰী বাৰ্লট্ৰপৰ সৈতে দীৰ্ঘকালৰ বাবে বাগদানত আবদ্ধ হয়। আৰ্থাৰে তেতিয়া চিচেষ্টাৰৰ এখন প্ৰশিক্ষণ মহাবিদ্যালয়ত চাৰ্চ অৱ ইংলেণ্ডৰ ধৰ্মযাজক হোৱাৰ প্ৰশিক্ষণ লৈ আছিল। ১৮৮৮ চনত আৰ্থাৰে থিঅ’লজিকেল কলেজৰ শিক্ষা সম্পূৰ্ণ কৰে আৰু পিছৰ বছৰত ড’ভাৰত এজন কিউৰেট হিচাপে যোগদান কৰে। ১৮৮৯ চনৰ ১ জুনত লণ্ডনত তেওঁলোকৰ বিবাহ হয়। ১৮৯০ চনৰ পৰা ১৮৯৮ চনৰ ভিতৰত তেওঁলোকৰ চাৰিটা সন্তান জন্ম হয়। আৰ্থাৰে ১৯০২ চনলৈকে মেইডষ্টোন আৰু তাৰ পিছত ক্ৰইডনত কিউৰেট হিচাপে কাম কৰি গৈছিল; তেওঁ কেতিয়াও পাদুৰী (Vicar) হ’ব পৰা নাছিল। ১৯০২ চনত তেওঁ অসুস্থ হৈ পৰে আৰু পিছলৈ পৰিয়ালটো বেডফৰ্ডত থাকিবলৈ লয়। ১৯০৬ চনত তেওঁৰ মৃত্যু হয় আৰু বাৰ্লট্ৰপৰ বিষাদগ্ৰস্ততাৰ বাবে চিকিৎসালয়ত চিকিৎসা কৰা হয়। তেওঁ এগৰাকী সম্পাদক হিচাপে কামত যোগ দিয়ে আৰু তেওঁৰ পেহী ফেনি বাৰ্লট্ৰপো তেওঁৰ পৰিয়ালৰ সৈতে যোগ দিয়ে।১
এলিচ চিম’ৰে লিখা এখন পত্ৰিকাৰ জৰিয়তে বাৰ্লট্ৰপে জ’য়ানা চাউথকটৰ বিষয়ে জানিব পাৰিছিল।২ তেওঁ ডেভনচায়াৰৰ ধৰ্মপ্ৰচাৰিকা চাউথকটৰ শিক্ষাৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল, যিগৰাকীয়ে ৬৪ বছৰ বয়সত এগৰাকী মচীহাৰ গৰ্ভধাৰণ কৰা বুলি দাবী কৰি মৃত্যুুবৰণ কৰিছিল।৩ চিম’ৰে চাউথকটৰ কৰ্মৰাজি আৰু এখন আলোচনী প্ৰকাশৰ ব্যৱস্থা কৰিছিল, কিন্তু বাৰ্লট্ৰপেহে বৃহৎ চাউথকটীয় গোটটোৰ নেতৃত্ব দিছিল। চিম’ৰে বাৰ্লট্ৰপৰ বিৰোধিতা কৰিছিল যদিও তেওঁলোকৰ মাজত কেতিয়াও বিচ্ছেদ হোৱা নাছিল, কাৰণ চাউথকটৰ বাকচটো পুনৰ খোলাৰ সময়ত চিম’ৰ উপস্থিত থাকিব বিচাৰিছিল। চিম’ৰৰ অন্যতম অনুগামী এলেন অলিভাৰে বাৰ্লট্ৰপৰ উদীয়মান গোটটোত যোগদান কৰিছিল।৪
ভগৱানৰ কন্যা

বাৰ্লট্ৰপ আৰু ১২ গৰাকী ধৰ্মপ্ৰচাৰকে মিলি এই সমাজখন প্ৰতিষ্ঠা কৰিছিল, যাক তেওঁলোকে ‘কমিউনিটি অৱ দ্য হোলী ঘষ্ট’ বুলি মাতিছিল।৫ ১৯১৯ চনত বেডফৰ্ডৰ ১২ এলবানী ৰোডত ইয়াৰ ভেটি স্থাপন কৰা হৈছিল। বাৰ্লট্ৰপে নিজকে "ভগৱানৰ কন্যা" বুলি ঘোষণা কৰিছিল আৰু ‘অক্টাভিয়া’ নাম গ্ৰহণ কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে তেওঁ চাউথকটৰ ভৱিষ্যদ্বাণীত উল্লেখ কৰা ‘চিলোহ’। এই ধাৰণাটো তেওঁৰ নিজা নাছিল; ১৯১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত এলেন অলিভাৰে এই পৰামৰ্শ দিছিল আৰু ৰাচেল ফক্সৰ সমৰ্থনত বাৰ্লট্ৰপক অষ্টম চাউথকটীয় ধৰ্মপ্ৰচাৰক হিচাপে গণ্য কৰি ‘অক্টাভিয়া’ নাম দিয়া হৈছিল। খ্ৰীষ্টীয় ত্ৰিত্ববাদক (Trinity) পুনৰ বিবেচনা কৰি ইয়াত ঈশ্বৰ পিতৃ, ঈশ্বৰ মাতৃ (পবিত্ৰ আত্মা), পুত্ৰ যীচু আৰু কন্যা অক্টাভিয়াক অন্তৰ্ভুক্ত কৰা হৈছিল।৫ তেওঁ প্ৰতিদিনে বিয়লি ৫:৩০ বজাত ‘অটোমেটিক ৰাইটিং’ পদ্ধতি ব্যৱহাৰ কৰি ‘ৰাইটিং অৱ দ্য হোলী ঘষ্ট’ সৃষ্টি কৰিছিল। এই লেখাসমূহ টাইপ কৰি আলোচনা কৰা হৈছিল।৬ এই বাৰ্তাসমূহ ১৬টা খণ্ডত প্ৰকাশ পাইছিল।৭

এই সমাজে জ’য়ানা চাউথকটে নিৰ্দেশনা দি থৈ যোৱা ভৱিষ্যদ্বাণীৰ মোহৰমৰা বাকচটো খুলিবলৈ ২৪ গৰাকী ইংৰাজী পাদুৰী (Bishops)ক মান্তি কৰাবলৈ এক অভিযান চলাইছিল। বাতৰি কাকতত বিজ্ঞাপন দিয়া হৈছিল আৰু ১৯২০-ৰ দশকৰ শেষৰ ফালে তথা ১৯৩০-ৰ দশকৰ আৰম্ভণিতে সমাজখনে বাকচটো খোলাৰ দাবীত এক লাখতকৈও অধিক আৱেদন সংগ্ৰহ কৰিছিল।৮
১৯২১ চনত এমিলী গুডউইনে বাৰ্লট্ৰপৰ পৰিয়ালত যোগ দিয়ে। ১৯২৩ চনত গম পোৱা গৈছিল যে সম্প্ৰদায়ৰ এজন সদস্যই এটা সমকামী পুৰুষৰ গোটক নেতৃত্ব দি আছিল আৰু তেওঁ নেতৃত্বত স্থান পাবলৈ চেষ্টা কৰিছিল। তেওঁলোকে এডগাৰ পইচাৰ্টক সমাজৰ পৰা বহিষ্কাৰ কৰে। যেতিয়া একে বছৰতে তেওঁৰ মৃত্যুৰ খবৰ আহে, এমিলী গুডউইনৰ মৰ্যাদা বৃদ্ধি পায় আৰু তেওঁ নিজকে "স্বৰ্গীয় মাতৃ" (The Divine Mother) বুলি ঘোষণা কৰে।১
সমাজে যীচুৰ পুনৰাগমনৰ (Second coming) অপেক্ষাত আছিল, কিন্তু ১৯২৩ চনত বাৰ্লট্ৰপে সিদ্ধান্ত লয় যে তেওঁৰ প্ৰয়াত স্বামীয়েই আছিল যীচু, গতিকে তেওঁলোকে যীচুৰ ‘তৃতীয় আগমন’ৰ বাবেহে অপেক্ষা কৰি আছে।৯
মধুমেহ ৰোগত আক্ৰান্ত হৈ বেডফৰ্ডত বাৰ্লট্ৰপৰ মৃত্যু হয়।১ কিন্তু তেওঁৰ অনুগামীসকলে তিনিদিনলৈকে এই কথা স্বীকাৰ কৰা নাছিল। তেওঁলোকে মৃতদেহটো উম দি ৰাখিছিল এই আশাত যে তেওঁ পুনৰ জী উঠিব। কিন্তু যেতিয়া সেয়া নহ’ল, তেতিয়াহে তেওঁৰ শৰীৰটো কফিনত ভৰোৱা হৈছিল।১০৯ বেডফৰ্ডৰ ফষ্টাৰ হিল ৰোড কবৰস্থানত তেওঁক সমাধিস্থ কৰা হয়। তেওঁৰ নামৰ ফলকত কেৱল "এম.বি." (M.B.) লিখা আছে আৰু লগত "মই পুনৰুত্থান আৰু জীৱন" (I am the Resurrection and the Life) বাৰ্তাটো লিখা আছে। সেই একে কবৰস্থানতে তেওঁৰ এশৰো অধিক সমৰ্থকক সমাধিস্থ কৰা হৈছে।১১
উত্তৰাধিকাৰ
বাৰ্লট্ৰপৰ মৃত্যুৰ পিছতো এই আন্দোলনটোৱে প্ৰসাৰ লাভ কৰিছিল।১ ২০১১ চনত জেন শ্ব’ৱে ‘অক্টাভিয়া, ডটাৰ অৱ গড: দ্য ষ্ট’ৰী অৱ এ ফিমেল মচীহা এণ্ড হাৰ ফল’ৱাৰ্ছ’ নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰে, য’ত তেওঁৰ জীৱন আৰু কৰ্মৰাজিৰ বিৱৰণ দিয়া হৈছে। অৱশ্যে ফ্ৰান্সেছ ষ্ট’নৰ চাউণ্ডাৰ্ছে বাৰ্লট্ৰপৰ ভ্ৰান্ত ধাৰণাসমূহ সঠিকভাৱে উদঙাই নিদিয়াৰ বাবে কিতাপখনক সমালোচনা কৰিছিল। সেই সময়ত শ্ব’ পানাচিয়া চেৰিটিৰ এগৰাকী ন্যাসৰক্ষী আছিল।৯ ২০১২ চনত পানাচিয়া সম্প্ৰদায়ৰ অন্তিমগৰাকী সদস্যৰ মৃত্যু হয়। ২০১৯ চনত ইয়াৰ লগত জড়িত ন্যাসাটোৰ সম্পত্তিৰ মূল্য আছিল ৩৪ নিযুত পাউণ্ড।৩ ২০১৯ চনত বেডফৰ্ডত পানাচিয়া আৰু তেওঁৰ জীৱনৰ ওপৰত ভিত্তি কৰি এখন নাটকো প্ৰদৰ্শন কৰা হৈছিল।১২ স্থানীয় সংগ্ৰহালয় ‘দ্য হিগিন্স আৰ্ট গেলেৰী এণ্ড মিউজিয়াম’ত বেডফৰ্ডৰ বিখ্যাত ব্যক্তিসকলৰ বাবে এখন গেলেৰী আছে আৰু ইয়াত অন্তৰ্ভুক্ত কৰা মহিলাসকলৰ ভিতৰত ভোটাধিকাৰ কৰ্মী এমি ৱামছলী, বাৰ্লট্ৰপ আৰু ডিকনেছ ফেনি ইগেলছ অন্যতম।১৩
তথ্যসূত্ৰ
- ↑ Shaw, Jane. (2012). Barltrop, Mabel (name in religion Octavia) (1866–1934), prophet and founder of the Panacea Society. ISBN 978-0-19-861412-8
- ↑ Shaw, Jane; Lockley, Philip. (30 May 2017). The History of a Modern Millennial Movement: The Southcottians. I.B.Tauris. ISBN 9781786721907
- ↑ Pope, Alex. (17 November 2019). The woman who said Jesus would return – to Bedford. BBC News
- ↑ (2004). Seymour, Alice (1857–1947), schoolteacher and expositor and publisher of the writings of Joanna Southcott. ISBN 978-0-19-861411-1
- ↑ Octavia, the founder of the Panacea Society. Panacea Charitable Trust and Museum
- ↑ Rowland, Christopher. (30 August 2017). Radical Prophet: The Mystics, Subversives and Visionaries Who Foretold the End of the World. Bloomsbury Publishing. পৃ. 55. ISBN 978-1-78673-238-5
- ↑ Shaw, Jane. (29 February 2012). Octavia, Daughter of God. Random House. পৃ. 335. ISBN 978-1-4464-8427-2
- ↑ Panacea Society. Panacea Charitable Trust and Museum
- ↑ Saunders, Frances Stonor. (30 June 2011). Octavia, Daughter of God by Jane Shaw – review. The Guardian
- ↑ Mohammed, Sagal. (9 June 2019). Mabel Barltrop: Polite society's least likely cult leader. YOU Magazine
- ↑ Bean, Adrian. (23 August 2021). Mabel Barltrop and the Panacea Society Graves. Foster Hill Road Cemetery
- ↑ Roffe, Erica. (11 October 2019). Panacea play coincides with centenary of Bedford's secretive sect. Bedford Independent
- ↑ Galleries. www.thehigginsbedford.org.uk
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেবেল বাৰ্লট্ৰপ” প্ৰবন্ধৰ সংশোধন ৫৯৬৬৩৩ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।