মিছ ৱাও হৈছে গুজৰাটৰ চুৰাটত অনুষ্ঠিত হোৱা এটা বাৰ্ষিক সৌন্দৰ্য প্ৰতিযোগিতা। ইয়াৰ উদ্দেশ্য হৈছে সৌন্দৰ্যৰ লগতে বুদ্ধিমত্তা আৰু সামাজিক সচেতনতা থকা মহিলাসকলক সন্মানিত কৰা, যিসকলে সমাজক প্ৰেৰণা, শক্তি আৰু সংযোগ প্ৰদান কৰিব পাৰে। এই প্ৰতিযোগিতাখন প্ৰথমবাৰ ২০১৪ চনত আৰম্ভ হয় আৰু সাধাৰণতে বছৰৰ মাজভাগত অনুষ্ঠিত হয়।
ইতিহাস
প্ৰথম মিছ ৱাও প্ৰতিযোগিতাখন ২৯ মাৰ্চ ২০১৪ তাৰিখে ছুৰাটত অনুষ্ঠিত হৈছিল। ৰাজ্যজুৰি মুঠ ১৪ গৰাকী প্ৰতিযোগীক মূল অনুষ্ঠানৰ বাবে নিৰ্বাচিত কৰা হৈছিল। পেছাদাৰী মডেল নজ্নীণ শ্বেখে মিছ ৱাও ২০১৪ খিতাপ লাভ কৰে। তেওঁ ফেমিনা মিছ ইণ্ডিয়াৰ শীৰ্ষ ২০ গৰাকী প্ৰতিযোগীৰ মাজতো অন্তৰ্ভুক্ত আছিল। কুনিকা তনেজা আৰু আকাংক্ষা সোলাঙ্কীক ক্ৰমে প্ৰথম আৰু দ্বিতীয় ৰানাৰ্ছ আপ ঘোষণা কৰা হয়।১
মিছ ৱাও ২০১৫ সংস্কৰণটো বলিউড চেলিব্ৰিটি পুনম পাণ্ডেয়ে উদ্বোধন কৰে।২৩ আশ্না শ্বাহক মিছ ৱাও ২০১৫ হিচাপে অভিষিক্ত কৰা হয়।৪
২০১৬ চনৰ জুন মাহত অনুষ্ঠিত হোৱা মিছ ৱাও চূড়ান্ত পৰ্বত বিচাৰক হিচাপে উপস্থিত আছিল ফেমিনা মিছ ইণ্ডিয়া ২০১৪ বিজয়িনী কোয়েল ৰানা। তেওঁ মিছ ৱৰ্ল্ড ২০১৪ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল আৰু শীৰ্ষ ১০ গৰাকী প্ৰতিযোগীৰ মাজত স্থান লাভ কৰিছিল। ২০১৬ চনত প্ৰথম পৰ্যায়ত ১৫০ গৰাকী প্ৰতিযোগীক নিৰ্বাচিত কৰা হৈছিল, যাৰপৰা ৩০ গৰাকী পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়ে আৰু অন্ততঃ ১৪ গৰাকীয়ে চূড়ান্ত পৰ্বত প্ৰতিযোগিতা কৰে।৫
মুম্বাইস্থিত কোমল চাণ্ডেলক মিছ ৱাও ২০১৬ হিচাপে অভিষিক্ত কৰা হয়। নূপুৰ টেইলৰ আৰু ৰাশি শ্বাহ ক্ৰমে প্ৰথম আৰু দ্বিতীয় ৰানাৰ্ছ আপ আছিল।৬৭৮
মিছ ৱাও সংস্কৰণসমূহ
| বছৰ | বিজয়ীসকল | চূড়ান্ত প্ৰতিযোগী | তাৰিখ |
|---|---|---|---|
| ২০১৬ | * মিছ ৱাও ২০১৬ – কোমল চাণ্ডেল * মিছ ৱাও প্ৰথম ৰানাৰ্ছ আপ – নূপুৰ টেইলৰ * মিছ ৱাও দ্বিতীয় ৰানাৰ্ছ আপ – ৰাশি শ্বাহ | ১৬ | ১২ জুন ২০১৬ |
| ২০১৫ | * মিছ ৱাও ২০১৫ – আশ্না শ্বাহ * মিছ ৱাও প্ৰথম ৰানাৰ্ছ আপ – জিয়া সোজিত্ৰা * মিছ ৱাও দ্বিতীয় ৰানাৰ্ছ আপ – ৰিচা নাৰাং | ১৬ | জুন ২০১৫ |
| ২০১৪ | * মিছ ৱাও ২০১৪ – নজ্নীণ শ্বেখ * মিছ ৱাও ৰানাৰ্ছ আপ – কুনিকা তনেজা * মিছ ৱাও দ্বিতীয় ৰানাৰ্ছ আপ – আকাংক্ষা সোলাঙ্কী | ১৪ | ২৯ মাৰ্চ ২০১৪ |
তথ্যসূত্ৰ
- ↑ Dhawan, Shivangi Sandeep. (30 March 2014). The finale of one of the most smashing beauty contests - Miss. WOW 2014 in Surat. TNN
- ↑ Poonam Pandey Launches IIFT Ms Mr WOW. International Business Times
- ↑ Poonam Pandey Launches IIFT Ms Mr Wow In Surat. Bollywood Helpline
- ↑ IIFT Gujarat To Enter Last Leg Of Miss Wow. Mumbai News Network
- ↑ (10 June 2016). Gujarat to witness a grand celebration at third edition of IIFT Miss WOW 2016. India Infoline News Service
- ↑ (13 June 2016). Mumbai girl Komal Chandel crowned IIFT Miss Wow 2016. United News Of India
- ↑ (13 June 2016). Mumbai girl Komal Chandel crowned IIFT Miss Wow 2016. WebIndia123
- ↑ Miss Wow 2016. City Tadka
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিছ ৱাও” প্ৰবন্ধৰ সংশোধন ৫৮৪৫৫২ (৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।