মাল্যদান (Malyadan) ১৯৭১ চনত মুক্তি পোৱা ৰবীন্দ্ৰনাথ ঠাকুৰৰ এটা চুটিগল্পৰ আধাৰত নিৰ্মিত আৰু অজয় কৰ পৰিচালিত এখন ভাৰতীয় বঙালী ছবি আৰু ইয়াত সৌমিত্ৰ চেটাৰ্জী, সাবিত্ৰী চট্টোপাধ্যায় আৰু নন্দিনী মালিয়াই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ঠাকুৰৰ গল্পত নিৰ্দোষী প্ৰেমৰ এক কৰুণ কাহিনী বৰ্ণিত হৈছে। ১৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত এই ছবিখনে বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰূপৰ পদক লাভ কৰে।১২৩
ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰ্কাইভৰ দ্বাৰা মাল্যদান পুনৰুদ্ধাৰ আৰু ডিজিটেলাইজ কৰা হৈছে।৪
অভিনয় শিল্পী
- যতীনৰ চৰিত্ৰত সৌমিত্ৰ চেটাৰ্জী
- কুৰানীৰ চৰিত্ৰত নন্দিনী মালিয়া
- পতলৰ চৰিত্ৰত সাবিত্ৰী চট্টোপাধ্যায়
- হৰকুমাৰবাবুৰ চৰিত্ৰত শৈলেন গংগোপাধ্যায়
- মালীৰ চৰিত্ৰত ভানু বেনাৰ্জী
- মালীৰ পত্নীৰ চৰিত্ৰত গীতা দে
- জ্যেষ্ঠ চিকিৎসকৰ চৰিত্ৰত বিকাশ ৰায়
সংগীত
হেমন্ত মুখাৰ্জীয়ে ছবিখনৰ সংগীত ৰচনা কৰিছিল। ইয়াত হেমন্ত মুখাৰ্জী আৰু ৰাণু মুখাৰ্জীয়ে গোৱা ৰবীন্দ্ৰনাথ ঠাকুৰে লিখা দুটা গীত ব্যৱহাৰ কৰা হৈছে। সুৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে বিয়াৰ গীতটো লিখিছে আৰু সুৰ ৰচনা কৰিছে। এই গীতটোত গৌৰী ঘোষ, পদ্মৰাণী চেটাৰ্জী, মিনু দে, শৰ্মিলা গংগোপাধ্যায়, উমা আম্বালী, আৰু শীলা ভট্টাচাৰ্যই কণ্ঠদান কৰিছে।৫
বঁটা
অষ্টদশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৭০)
- বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰূপৰ পদক।
বি.জে.এ.এফ. বঁটা
- শ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰ
- শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী- সাবিত্ৰী চট্টোপাধ্যায়
তথ্যসূত্ৰ
- ↑ 18th National Film Awards. International Film Festival of India
- ↑ 18th National Film Awards (PDF). Directorate of Film Festivals
- ↑ Ei To Bhalo Legechhilo - From "Malyadan", a song by Hemant Kumar ... Spotify
- ↑ BFJA Awards (1972). gomolo
- ↑ Filmography details: Malyadan. bengalfilmarchive.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাল্যদান” প্ৰবন্ধৰ সংশোধন ৫০৮২৮০ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।