ভাৰতীয় পৰিৱেশবিদ
৫ প্ৰবন্ধ
-
অজিত কুমাৰ বেনাৰ্জী
অজিত কুমাৰ বেনাৰ্জী (Ajit Kumar Banerjee; ১ ছেপ্টেম্বৰ ১৯৩১ – ২৯ নৱেম্বৰ ২০১৪) এজন বিখ্যাত পৰিৱেশবিদ আৰু বন ব্যৱস্থাপনাৰ বিশেষজ্ঞ আছিল আৰু তেওঁক যৌথ বন ব্যৱস্থাপনাৰ ধাৰণাটোৰ পিতৃ হিচাপে জনা যায়; যৌথ বন ব্যৱস্থাপনাক প্ৰায়ে সংক্ষিপ্তভাৱে জেএফএম বুলি কোৱা হয়।
-
আদিত্য নাৰায়ণ পুৰোহিত
আদিত্য নাৰায়ণ পুৰোহিত (Aditya Narayan Purohit; জন্ম ৩০ জুলাই ১৯৪০) এজন ভাৰতীয় বিজ্ঞানী আৰু প্ৰাধ্যাপক যিয়ে মূলতঃ গছৰ প্ৰজাতিৰ পৰিৱেশ-শৰীৰবিজ্ঞান আৰু উচ্চভূমি এলেকাৰ ঔষধি উদ্ভিদৰ শৰীৰবিজ্ঞানৰ বিষয়ে কাম কৰি আহিছে।
-
নৱাংগ ভুটিয়া
নৱাংগ ভুটিয়া (Nawang Gyasto Bhutia) ছিক্কিমৰ এগৰাকী প্ৰকৃতিবিদ। তেওঁক ছিক্কিমৰ পখিলা মানৱ (Butterfly Man of Sikkim) নামেৰে জনা যায়। প্ৰকৃতি আৰু পখিলা সংৰক্ষণৰ বাবে জনাজাত ভুটিয়াৰ নাম আটাইতকৈ বেছি পখিলা হাতত তোলাৰ বাবে লিমকা বুক অৱ ৰেকৰ্ডত অন্তৰ্ভুক্ত হৈছে।
-
বিভৱ কুমাৰ তালুকদাৰ
বিভৱ কুমাৰ তালুকদাৰ (Bibhab Kumar Talukdar) এজন ভাৰতীয় সংৰক্ষণবিদ আৰু জীৱবিজ্ঞানী। তেওঁ অসমৰ গুৱাহাটীত অৱস্থিত বন্যপ্ৰাণীৰ অগ্ৰণী বেচৰকাৰী সংস্থা আৰণ্যকৰ প্ৰতিষ্ঠাপক। ই ভাৰতৰ এটা বৈজ্ঞানিক, ঔদ্যোগিক গৱেষণা কেন্দ্ৰ আৰু আগশাৰীৰ পৰিৱেশ সংস্থা।
-
মাধৱ চন্দ্ৰ দাশ
মাধৱ চন্দ্ৰ দাশ (Madhab Chandra Dash); জন্ম: ১৯৩৯ চনত ওড়িশাৰ পুৰীত) এগৰাকী ভাৰতীয় পৰিৱেশ বিজ্ঞানী আৰু পৰিৱেশ জীৱবিজ্ঞানী। বৰ্তমান তেওঁ ওড়িশা চৰকাৰৰ আপীল কৰ্তৃপক্ষ, পানী (পিচিপি) আইন, ১৯৭৪ৰ সদস্য। তেওঁ সম্বলপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য (২০০১–২০০৪)।