অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

মাদাৰহুড বিশ্ববিদ্যালয়

মাদাৰহুড বিশ্ববিদ্যালয় (MHU) ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ ৰূৰকীত অৱশ্থিত এখন ব্যক্তিগত বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খন উত্তৰাখণ্ড চৰকাৰ আইনৰ অধীনত প্ৰতিষ্ঠা কৰা হৈছে।

হালনাগাদ: ২৫ এপ্ৰিল ২০২৬ ১৫১ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

মাদাৰহুড বিশ্ববিদ্যালয় (MHU) ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ ৰূৰকীত অৱশ্থিত এখন ব্যক্তিগত বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খন উত্তৰাখণ্ড চৰকাৰ আইনৰ অধীনত প্ৰতিষ্ঠা কৰা হৈছে। ২০১৫ চনৰ আইন ০৫ আৰু ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিছন(ইউজিচি)দ্বাৰা ইউজিচি আইন ১৯৫৬ৰ অনুসৰি ডিগ্ৰী প্ৰদানৰ অধিকাৰ U/S 22[1]ৰদ্বাৰা স্বীকৃতি প্ৰদান কৰা হৈছে। বিশ্ববিদ্যালয় চৌহদটো ৰুৰকিৰ ১২ একৰ মাটিত ছ'লানি নদীৰ ওচৰত আৰু ৰুৰকি-ডেৰাডুন ঘাইপথৰ কাষতে অৱস্থিত। বিশ্ববিদ্যালয়খনক "মাদাৰহুড ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন'লজি ছ'চাইটি"ৰদ্বাৰা প্ৰচাৰ কৰা হৈছে। বিশ্ববিদ্যালয়ৰ সমিতিয়ে উত্তৰাখণ্ড আৰু দেশৰ আন যুৱক-যুৱতীসকলক তেওঁলোকৰ নিয়োগযোগ্যতা বৃদ্ধিৰ স্বাৰ্থত শিক্ষা, গৱেষণা আৰু প্ৰশিক্ষণ প্ৰদানৰ উদ্দেশ্যেৰে ২০০৪ চনত প্ৰতিষ্ঠা কৰা হৈছিল। অনাথ আশ্ৰম, ক্লিনিক, বৃদ্ধাশ্ৰম, দাতব্য চিকিৎসালয় আৰু সমাজৰ আন আন উদ্দেশ্যত স্থাপন কৰা হৈছে।

বিভাগসমূহ

  • কলা১
  • মানৱীয় আৰু সমাজ বিজ্ঞান
  • বাণিজ্য আৰু ব্যৱসায় অধ্যয়ন
  • ইঞ্জিনিয়াৰিং আৰু প্ৰযুক্তি
  • লাইব্ৰেৰী আৰু তথ্য বিজ্ঞান
  • গাণিতিক বিজ্ঞান
  • বিজ্ঞান
  • কৃষি
  • শিক্ষা
  • ঔষধ বিজ্ঞান
  • আইনী অধ্যয়ন
  • পেৰামেডিকেল বিজ্ঞান
  • মিত্ৰ স্বাস্থ্য বিজ্ঞান

স্বীকৃতি

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হৰিশ ৰাৱত আৰু উচ্চ শিক্ষা মন্ত্ৰী শ্ৰীমতী ড° ইন্দ্ৰ হৃদ্যেশয়ে বিশ্ববিদ্যালয়খনক "উত্তৰাখণ্ড শিক্ষাৰ উৎকৃষ্টতা বঁটা" প্ৰদান কৰে।

তথ্যসূত্ৰ

তথ্যসূত্ৰ

  1. ↑ Educational. Motherhood University

সম্পৰ্কিত শ্ৰেণী

বিশ্ববিদ্যালয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাদাৰহুড বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৬০২৫৯৫ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।