অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাইয়া চিবুৰদানিজে

মাইয়া চিবুৰদানিজে (জৰ্জিয়ান: მაია ჩიბურდანიძე; জন্ম ১৭ জানুৱাৰী ১৯৬১) এগৰাকী জৰ্জিয়ান দবা গ্ৰেণ্ডমাষ্টাৰ। তেওঁ ষষ্ঠ মহিলা বিশ্ব দবা চেম্পিয়নৰ খিতাপৰ অধিকাৰী আছিল। এই খিতাপ তেওঁ ১৯৭৮ পৰা ১৯৯১ চনলৈ ধাৰণ কৰে। ২০১০ চনলৈ এই খিতাপ লাভ কৰা তেওঁ আছিল সৰ্বকনিষ্ঠ খেলুৱৈ, হৌ ইফানে এই অভিলেখ ভংগ কৰে।

হালনাগাদ: ১১ ফেব্ৰুৱাৰী ২০২৫ ৪৮৪ শব্দ · ৩ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

মাইয়া চিবুৰদানিজে (জৰ্জিয়ান: მაია ჩიბურდანიძე; জন্ম ১৭ জানুৱাৰী ১৯৬১) এগৰাকী জৰ্জিয়ান দবা গ্ৰেণ্ডমাষ্টাৰ। তেওঁ ষষ্ঠ মহিলা বিশ্ব দবা চেম্পিয়নৰ খিতাপৰ অধিকাৰী আছিল। এই খিতাপ তেওঁ ১৯৭৮ পৰা ১৯৯১ চনলৈ ধাৰণ কৰে। ২০১০ চনলৈ এই খিতাপ লাভ কৰা তেওঁ আছিল সৰ্বকনিষ্ঠ খেলুৱৈ, হৌ ইফানে এই অভিলেখ ভংগ কৰে। চিবুৰদানিজে আছিল ফিদে(FIDE) ৰ পৰা গ্ৰেণ্ডমাষ্টাৰ উপাধি লাভ কৰা দ্বিতীয় গৰাকী মহিলা। এই খিতাপ তেওঁ ১৯৮৪ চনত লাভ কৰিছিল। তেওঁ মহিলাৰ দবা অলিম্পিয়াডত স্বৰ্ণপদক বিজয়ী দলত ৯ বাৰকৈ অংশগ্ৰহণ কৰিছিল।১

প্ৰাৰম্ভিক জীৱন আৰু জীৱিকা

মাইয়া চিবুৰদানিজেৰ জন্ম হৈছিল জৰ্জিয়ান ছোভিয়েট ছ’চিয়েলিষ্ট ৰিপাব্লিক, ইউ. এছ. এছ. আৰৰ কুটাইচিত। তেওঁ প্ৰায় আঠ বছৰ বয়সৰ পৰা দবা খেলিবলৈ আৰম্ভ কৰিছিল। ১৯৭৬ চনত তেওঁ ইউ. এছ. এছ. আৰ কন্যা শাখাৰ দবা প্ৰতিযোগিতাৰ চেম্পিয়ন হৈছিল আৰু তাৰ ঠিক এক বছৰৰ পাছত মহিলা শাখাৰ খিতাপ জয় কৰে। ১৯৭৭ চনত চিবুৰদানিজে আন্তৰ্জাতিক দবা মহাসংঘ বা চমুকৈ ফিদে(FIDE) ৰ পৰা মহিলা গ্ৰেণ্ডমাষ্টাৰৰ (WGM) উপাধি লাভ কৰে।

১৯৭৪ চনত চিবুৰদানিজে ব্ৰাছ’ভ মহিলাৰ আন্তৰ্জাতিক প্ৰতিযোগিতাত প্ৰথম বাৰৰ বাবে অংশগ্ৰহণ কৰিয়েই চেম্পিয়ন হয়। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ১৩ বছৰ। তাৰ পিছত ১৯৭৫ চনত টিবিলিছিত আন এখন প্ৰতিযোগিতাত জয়লাভ কৰি তেওঁ ১৯৭৬/৭৭ চনৰ মহিলাৰ বিশ্ব চেম্পিয়নশ্বিপ চক্ৰত প্ৰৱেশ কৰে।

চিবুৰদানিজেৰ দবাৰ চাল দিয়াৰ ধৰণ হৈছে স্থিৰ, কিন্তু আগ্ৰাসী আৰু ধ্ৰুপদী নীতিৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁৰ খেলাৰ শৈলীত ছোভিয়েটৰ শীৰ্ষ প্ৰশিক্ষক এডৱাৰ্ড গুফেল্ডৰ প্ৰভাৱ আছিল। প্ৰাৰম্ভিক জীৱনত গুফেল্ড চিবুৰদানিজেৰ প্ৰশিক্ষক আছিল।

মহিলা বিশ্ব চেম্পিয়ন (১৯৭৮–৯১)

চিবুৰদানিজে ১৯৭৬ চনত টিবিলিছি মহিলা ইণ্টাৰজ'নেলত দ্বিতীয় স্থান লাভ কৰি ১৯৭৭ চনৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী মেচলৈ যোগ্যতা অৰ্জন কৰে। তেওঁ প্ৰাৰ্থী বাচনি প্ৰতিযোগিতাৰ ফাইনেলত আল্লা কুশনিৰক ৭½–৬½ ব্যৱধানত পৰাস্ত কৰি জৰ্জিয়াৰ পিতছুন্দাত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপৰ মেচত তৎকালীন মহিলা বিশ্ব চেম্পিয়ন নোনা গাপ্ৰিন্দাছভিলিৰ সৈতে মুখামুখি হয়। চিবুৰদানিজে গাপ্ৰিন্দাছভিলিক ৮½–৬½ ব্যৱধানত পৰাস্ত কৰে।

তেওঁ চাৰিবাৰ খিতাপ ৰক্ষা কৰিবলৈ সক্ষম হয়। ১৯৮১ চনত চিবুৰদানিজে বোৰজোমি/টিবিলিছিত নানা আলেক্সান্ড্ৰিয়াৰ সৈতে ৮–৮ ব্যৱধানত ড্ৰ কৰি নিজৰ মুকুট ৰক্ষা কৰে। তিনিবছৰ পিছত তেওঁ ৰাছিয়াৰ ভলগোগ্ৰাদত ইৰিনা লেভিটিনাৰ বিপক্ষে ৮½–৫½ ব্যৱধানত জয় লাভ কৰে। ১৯৮৬ চনত ছফিয়াত এলেনা আখমিলোভস্কায়াৰ সৈতে মুখামুখি হৈ ৮½–৫½ ব্যৱধানত জয়ী হয়। ১৯৮৮ চনত তেওঁ জৰ্জিয়াৰ টেলাভিত নানা ই'ছেলিয়ানিক ৮½–৭½ ব্যৱধানত পৰাস্ত কৰে।

আন্তৰ্জাতিক দবা মহাসংঘই (FIDE) ১৯৮৪ চনত চিবুৰদানিজেক গ্ৰেণ্ডমাষ্টাৰ উপাধি প্ৰদান কৰে।২ তেওঁ গাপ্ৰিন্দাছভিলিৰ পাছত এই উপাধি লাভ কৰা দ্বিতীয় গৰাকী মহিলা।

খিতাপ ৰক্ষাৰ যুঁজত পৰাস্ত

১৯৯১ চনৰ ফেব্ৰুৱাৰীত চীনৰ চিয়ে জুনে বিশ্ব মুকুটৰ বাবে প্ৰত্যাহ্বান জনোৱাৰ অধিকাৰ লাভ কৰে। চিবুৰদানিজে মেনিলাত ৮½–৬½ ব্যৱধানত কনিষ্ঠ চীনা খেলুৱৈৰ বিপক্ষে পৰাস্ত হৈ নিজৰ মুকুট হেৰুৱায়। তেওঁৰ শাসনকাল আছিল তেৰ বছৰীয়া, মহিলা বিশ্ব চেম্পিয়নৰ ইতিহাসত ই তৃতীয় সৰ্বাধিক দৈৰ্ঘৰ সময়। ভেৰা মেনচিকৰ ১৭ বছৰৰ শাসনকাল (১৯২৭-১৯৪৪) আৰু গাপ্ৰিন্দাছভিলিৰ ১৬ বছৰৰ শাসনকালৰ পিছত চিবুৰদানিজেৰ স্থান।

চিবুৰদানিজে খিতাপ পুনৰুদ্ধাৰ কৰিবলৈ বহু প্ৰচেষ্টা কৰিছিল, কিন্তু চীনা মহিলাৰ উত্থান আৰু পলগাৰ ভগ্নীদ্বয়ৰ শক্তিশালী প্ৰদৰ্শনে এই কামটো কঠিন কৰি তোলে। ১৯৯৪ চনত টিলবাৰ্গ প্ৰাৰ্থী টুৰ্ণামেণ্টত তেওঁ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰে, যদিও প্লে অফত জুচ্ছা পলগাৰৰ বিপক্ষে ৫½–১½ ব্যৱধানত পৰাস্ত হয়। নকআউট ফৰ্মেটক ব্যক্তিগত ভাবে পচন্দ নকৰাৰ পিছতো তেওঁ সাম্প্ৰতিক বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি আহিছে। ২০০১ চনত তেওঁ ছেমি ফাইনেলত চীনৰ ঝু চেনৰ হাতত পৰাস্ত হয়, যিজনে পৰৱৰ্তী সময়ত খিতাপ জয় কৰে। ২০০৪ চনত চিবুৰদানিজে আকৌ ছেমি ফাইনেলত অণ্টোৱানেটা ষ্টেফানোৱাৰ হাতত পৰাস্ত হয়, যিজনে ফাইনেলত জয়ী হৈ খিতাপ লাভ কৰে।

২০০৭ চনত চিবুৰদানিজে, হেৰাকলিয়ন
২০০৭ চনত চিবুৰদানিজে, হেৰাকলিয়নছবি: karpidis from Piraeus, Greece · CC BY 2.0

তথ্যসূত্ৰ

  1. ↑ কেৱল তেওঁৰ দলৰ সতীৰ্থ খেলুৱৈ নোনা গপ্ৰিন্দছভিলিয়েহে তেওঁতকৈ অধিক সংখ্যক (১১ বাৰ) অলিম্পিয়াডত খেলিছে। চাওক OlimpBase Overall Statistics
  2. ↑ Gaige, Jeremy. (1987). Chess Personalia, A Biobibliography. McFarland & Company. পৃ. 70. ISBN 0-7864-2353-6

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাইয়া চিবুৰদানিজে” প্ৰবন্ধৰ সংশোধন ৪৭৫৭১৭ (১১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।