মহেছি এন ৰামাছামী (তামিল ভাষা: மகேஷி என். ராமசாமி) এগৰাকী ব্ৰিটিছ-শ্ৰীলংকাৰ চিকিৎসক আৰু প্ৰবক্তা। বৰ্তমান তেওঁ অক্সফৰ্ড ভেকচিন গ্ৰুপৰ অন্যতম মুখ্য তদন্তকাৰী হিচাপে কাম কৰি আছে।১
জীৱনী
মহেছীয়ে শ্ৰীলংকাত জন্মগ্ৰহণ কৰিছিল। মহেছি ৰামাছামীৰ পিতৃ তামিল আৰু মাতৃ সিংহলী লোক। তেওঁৰ পিতৃ ৰঞ্জন ৰামাছামী শ্ৰীলংকাৰ এজন বিশিষ্ট তামিল বিজ্ঞানী আৰু মাতৃ সমৰানায়কে ৰামছামীও আছিল এগৰাকী বিখ্যাত সিংহলী বিজ্ঞানী।২
কেৰিয়াৰ
মহেছিয়ে ব্ৰিটেইনত চিকিৎসা শিক্ষা সম্পূৰ্ণ কৰাৰ পূৰ্বে ১৯৯৫ চনত মেলবৰ্ণ বিশ্ববিদ্যালয়ত চিকিৎসা প্ৰশিক্ষণ আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁ কেম্ব্ৰিজৰ ক্ৰাইষ্ট কলেজৰপৰা চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰে আৰু লণ্ডন আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ত সংক্ৰামক ৰোগ আৰু সাধাৰণ অভ্যন্তৰীণ চিকিৎসা বিষয়ৰ প্ৰশিক্ষাৰ্থী হয়।৩ মহেছিয়ে অক্সফৰ্ডৰ ৱাধাম কলেজৰপৰাও ডি.ফিল ডিগ্ৰী লাভ কৰে।৪
বৰ্তমান তেওঁ এন এইচ এছ ফাউণ্ডেশ্যন ট্ৰাষ্ট, ২০১৯ত পৰামৰ্শদাতা চিকিৎসক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তদুপৰি তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয় আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ মেগডেলেন কলেজত সন্মানীয় জ্যেষ্ঠ ক্লিনিকেল প্ৰবক্তা হিচাপেও কাম কৰিছিল।৪
বৰ্তমান মহেছীক ক'ভিড-১৯ত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে ভেকচিন প্ৰস্তুত কৰাৰ প্ৰয়াসত অক্সফৰ্ড ভেকচিন গ্ৰুপৰ ভিতৰত অন্যতম ফ্ৰণ্টলাইন বিজ্ঞানী হিচাপে গণ্য কৰা হয়।৫৬ তেওঁ ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় প্ৰতিষেধক সূচী মূল্যায়ন কনচৰ্টিয়ামৰ নেতৃত্ব দিয়ে আৰু টিকাকৰণ আৰু প্ৰতিষেধক যুটীয়া সমিতিৰো (জেচিভিআই) সদস্য।
জনপ্ৰিয় চিকিৎসা আলোচনী দ্য লেন্সেটে প্ৰকাশ কৰা এটা প্ৰবন্ধত তেওঁৰ নাম উল্লেখ কৰি ভেকচিন আৱিষ্কাৰৰ যাত্ৰাৰ স্বীকৃতি দিয়া হৈছিল যিটো ভেকচিনৰ ক্লিনিকেল প্ৰয়োগ পদ্ধতিৰ বিষয়টো এতিয়াও বিকাশৰ পৰ্যায়ত আছে।২
তথ্যসূত্ৰ
- ↑ Lahiru Pothmulla. (November 21, 2020). SL born Dr Ramasamy an investigator in Oxford COVID-19 Vaccine Group. www.themorning.lk
- ↑ (2020-11-21). Sri Lankan born medical professional at the forefront of COVID-19 vaccine development. Sri Lanka News - Newsfirst
- ↑ Maheshi Ramasamy. www.ovg.ox.ac.uk
- ↑ Dr Maheshi Ramasamy · Magdalen College Oxford. www.magd.ox.ac.uk
- ↑ Oxford Covid-19 vaccine shows promise among over 70s in trials. www.irishtimes.com
- ↑ (2020-11-19). Covid: Oxford vaccine shows 'encouraging' immune response in older adults. BBC News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহেছি ৰামাছামী” প্ৰবন্ধৰ সংশোধন ৫৮৭৬০৯ (১২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।