সংগ্ৰহালয়
১৩ প্ৰবন্ধ
-
গান্ধী স্মৃতি
গান্ধী স্মৃতি, যি পূৰ্বতে 'বিৰলা হাউচ' বা 'বিৰলা ভৱন' বুলি জনাজাত, ভাৰতৰ নতুন দিল্লীৰ টিচ জানুৱাৰী ৰোড (পূৰ্বৰ আলবুকুৰ্ক ৰোড)-ত অৱস্থিত মহাত্মা গান্ধীৰ বাবে উৎসৰ্গিত এক যাদুঘৰ। ই সেই স্থান য'ত মহাত্মা গান্ধীয়ে জীৱনৰ অন্তিম ১৪৪ দিন অতিক্ৰম কৰিছিল আৰু ১৯৪৮ চনৰ ৩০ জানুৱাৰীত মৃত্যু হৈছিল।
-
গল্ডেন গেট, কিয়েভ
কিয়েভৰ গোল্ডেন গেট (Golden Gate of Kyiv) আছিল একাদশ শতিকাত কিয়েভান ৰুছৰ ৰাজধানী কিয়েভ নগৰীৰ দুৰ্গ-প্ৰাচীৰৰ মুখ্য প্ৰৱেশদ্বাৰ। ইয়াৰ নাম সম্ভৱতঃ কনষ্টাণ্টিনোপলৰ গোল্ডেন গেটৰ অনুকৰণত ৰখা হৈছিল। মধ্যযুগত এই স্থাপনাটো ভাঙি পেলোৱা হয় আৰু ইয়াৰ অস্তিত্বৰ অতি কমসংখ্যক অৱশেষহে পোৱা গৈছিল।
-
আৰ্গো ফেক্টৰী
আৰ্গো ফেক্টৰী (Argo Factory)ইৰাণৰ তেহৰাণত অৱস্থিত এটা সমসাময়িক কলা সংগ্ৰহালয় আৰু সাংস্কৃতিক কেন্দ্ৰ, যিটো পূৰ্বৰ ৱাইন কাৰখানাত অৱস্থিত। আৰ্গো ফেক্টৰী পেজমেন ফাউণ্ডেশ্যন ছাইটৰ এটা অংশ।
-
ইউক্ৰেইন ৰাষ্ট্ৰীয় কলা সংগ্ৰহালয়
ইউক্ৰেইন ৰাষ্ট্ৰীয় কলা সংগ্ৰহালয় (National Art Museum of Ukraine, stylized NAMU) ইউক্ৰেইনৰ কলাৰ বাবে উৎসৰ্গিত এটা সংগ্ৰহালয়। ই ইউক্ৰেইনৰ কিয়েভ চহৰত অৱস্থিত।
-
গান্ধী তীৰ্থ
গান্ধী তীৰ্থ (গান্ধী ৰিচাৰ্চ ফাউণ্ডেচন, Gandhi Research Foundation) হৈছে ভাৰতৰ মহাৰাষ্ট্ৰৰ জলগাৱত মহাত্মা গান্ধীৰ ওপৰত এক গৱেষণা প্ৰতিষ্ঠান আৰু সংগ্ৰাহালয়। গান্ধী ফাউণ্ডেচনৰ দ্বাৰা ইয়াৰ গঠন আৰু প্ৰচাৰ কৰা হৈছিল। ই অজন্তা গুহাৰ পৰা ৬০ কিঃমিঃ দূৰত অৱস্থিত।
-
গান্ধী মণ্ডপ, গুৱাহাটী
গান্ধী মণ্ডপ (Gandhi Mandap) অসমৰ গুৱাহাটীৰ শৰণীয়া পাহাৰৰ শিখৰত অৱস্থিত মহাত্মা গান্ধীৰ স্মৃতিত নিৰ্মিত এখন সংগ্ৰহালয়। ১৯৪৬ চনত গান্ধীজীয়ে শৰণীয়া পাহাৰত পদাৰ্পণ কৰিছিল।
-
নেপালৰ প্ৰাকৃতিক ইতিহাসৰ সংগ্ৰহালয়
নেপালৰ প্ৰাকৃতিক ইতিহাসৰ সংগ্ৰহালয় (Natural History Museum of Nepal) বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বয়ম্ভুনাথৰ ওচৰত অৱস্থিত। সংগ্ৰহালয়টি ১৯৭৫ চনত স্থাপন কৰা হৈছিল। তেতিয়াৰ পৰা সংগ্ৰহালয়টিয়ে নেপালৰ উদ্ভিদ, প্ৰাণী আৰু ভেঁকুৰৰ ৫০,০০০ নমুনা সংগ্ৰহ কৰিছে।
-
প্ৰাচীন ইৰানৰ সংগ্ৰহালয়
প্ৰাচীন ইৰাণৰ সংগ্ৰহালয় (Museum of Ancient Iran) টো ইৰাণৰ তেহৰাণৰ মাছক চৌহদৰ পশ্চিম দিশত অৱস্থিত। পাহলৱী ইৰাণৰ তেতিয়াৰ শিক্ষামন্ত্ৰী আলী-আছঘৰ হিকমতৰ নিৰ্দেশত ফৰাচী স্থপতি আন্দ্ৰে গ’ডাৰ্ডে ইয়াৰ ডিজাইন কৰিছিল।
-
মণি ভৱন
মণি ভৱন(Mani Bhavan) হৈছে ভাৰতৰ মুম্বাইত অৱস্থিত এক ঐতিহাসিক অট্টালিকা, য’ত মহাত্মা গান্ধীয়ে দীৰ্ঘদিন ধৰি বাস কৰিছিল আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিছিল। এইটো আছিল ১৯১৭ চনৰ পৰা ১৯৩৪ চনলৈকে গান্ধীজীৰ বাসগৃহ। এই ভৱনটো মুম্বাইৰ গামদেৱী অঞ্চলৰ ১৯ লাবাৰ্নাম ৰোডত অৱস্থিত।
-
মহাত্মা ফুলে মিউজিয়াম
মহাত্মা ফুলে মিউজিয়াম (Mahatma Phule Museum) হৈছে মহাৰাষ্ট্ৰৰ পুনাত অৱস্থিত এটি সংগ্ৰহালয়। ১৮৯০ চনত এইটো প্ৰতিষ্ঠা কৰা হৈছিল আৰু তেতিয়া এই সংগ্ৰহালয়টো পুনা উদ্যোগিক সংগ্ৰহালয় (পুনা ইণ্ডাষ্ট্ৰিয়েল মিউজিয়াম) নামেৰে জনা গৈছিল। পিছত ‘লৰ্ড ৰে মিউজিয়াম’ নামেৰে নামাকৰণ কৰা হৈছিল।
-
মেট্ৰ’পলিটান মিউজিয়াম অৱ আৰ্ট
মেট্ৰ’পলিটান মিউজিয়াম অৱ আৰ্ট'(কথিতভাৱে মেট (MET) বুলি কোৱা হয়) হ'ল নিউয়ৰ্ক চহৰৰ এটা বিশ্বকোষীয় কলা সংগ্ৰহালয়। মজিয়াৰ এলেকাৰ হিচাপত ই বিশ্বৰ তৃতীয় বৃহত্তম সংগ্ৰহালয় আৰু আমেৰিকাৰ সৰ্ববৃহৎ কলা সংগ্ৰহালয়।
-
সামুদ্ৰিক সংগ্ৰহালয় (ইণ্ডোনেছিয়া)
সামুদ্ৰিক সংগ্ৰহালয় ( Maritime Museum) (ইণ্ডোনেছিয়ান: সংগ্ৰহালয় বাহাৰী) ইণ্ডোনেছিয়াৰ জাকাৰ্টাৰ পেঞ্জাৰিংগান মহকুমাৰ পেঞ্জাৰিংগান প্ৰশাসনিক গাঁৱৰ পুৰণি সুণ্ডা কেলাপা বন্দৰ অঞ্চলত অৱস্থিত। ডাচ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পূৰ্বৰ গুদামৰ ভিতৰতে এই সংগ্ৰহালয়টো উদ্বোধন কৰা হয়।
-
ৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহালয়, নতুন দিল্লী
ভাৰতৰ নতুন দিল্লীৰ ডাক ভৱনত থকা ৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহালয়টো (National Philatelic Museum, New Delhi) ডাক বিভাগৰ দ্বাৰা পৰিচালিত। সংগ্ৰহালয়টো "দিল্লী ঐতিহ্য গৱেষণা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠান"ৰ ড° আনন্দ বৰ্ধনে ৰূপাঙ্কণ কৰিছিল, তেওঁ "ভাৰতীয় সংগ্ৰহালয় সংস্থা"ৰ সচিবও।