মহাগুৰু ফাল্গুনন্দ বা ফাল্গুনন্দ (Phalgunanda বা Mahaguru Phalgunanda; ১০ নৱেম্বৰ ১৮৮৫ – ৪ এপ্ৰিল ১৯৪৯) ফাল্গুনন্দ লিংডেন নামেৰেও পৰিচিত আৰু তেখেত নেপালৰ কিৰাত জনসাধাৰণৰ বাবে কিৰাত ধৰ্মৰ এজন নেতা হিচাপে পৰিচিত।১২
প্ৰাৰম্ভিক জীৱন আৰু পৃষ্ঠভূমি
১৮৮৫ চনৰ ১০ নৱেম্বৰ (২৫ কাতি ১৯৪২ বিএচ)ত নেপালৰ ইলাম জিলাৰ চুক্চিনাম্বা গাঁৱত মহাগুৰু ফাল্গুনন্দ লিংডেনৰ জন্ম হৈছিল। জন্মৰ সময়ত তেখেতৰ নাম আছিল ফাল্গু নাথ আনন্দ।৩ তেখেতৰ পিতৃৰ নাম আছিল জগনবাজ লিংডেন আৰু মাতৃৰ নাম আছিল হংসমতী লিংডেন। অতি কম বয়সতে তেখেতে ব্ৰিটিছ ভাৰতীয় সেনাবাহিনীত এজন নেপালী গোৰ্খা সৈনিক হিচাপে যোগদান কৰি সেৱা আগবঢ়াইছিল আৰু প্ৰথম বিশ্বযুদ্ধত অংশগ্ৰহণ কৰিছিল।২৪ ব্ৰিটিছ ভাৰতত তেখেতে প্ৰায় এটা দশক কটাইছিল আৰু সামৰিক সেৱাৰপৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত এগৰাকী আধ্যাত্মিক নেতা হিচাপে পৰিচিত হৈ পৰিছিল।৫
কৰ্মজীৱন
তেখেত বিশেষকৈ লিম্বু, ৰায়, সুনুৱাৰ, যখখা, লোহৰুং, ধিমল আৰু জুৰেল কিৰাত লোকসকলৰ মাজত 'মহাগুৰু' নামেৰে পৰিচিত আছিল। নিৰামিষভোজী, মদ নিষিদ্ধকৰণ, লিম্বু পৰম্পৰা আৰু লিপি অনুসৰণ আদিকে ধৰি পিউৰিটান নীতিৰ ওপৰত প্ৰাচীন কিৰাত ধৰ্ম অব্যাহত ৰখাৰ কৃতিত্ব তেথেতক দিয়া হয়।৬ সামাজিক-সাংস্কৃতিক আৰু ধৰ্মীয় বাৰ্তাৰ বাবে তেখেতক স্মৰণ কৰা হয়। তেখেতৰ মূল বাৰ্তাসমূহৰ ভিতৰত আছিল পশু বলি নিষিদ্ধ কৰাৰ আহ্বান, কিয়নো ইয়াৰ ফলত জন্ম, বিয়া, অন্ত্যেষ্টিক্ৰিয়া আদি উদযাপনৰ বাবে সামাজিক ব্যয় বৃদ্ধি পায়।২
বিশ্বাস আৰু ৰাষ্ট্ৰীয় স্বীকৃতি
তেখেতে বিশ্বাস কৰিছিল যে শিক্ষাই মানুহৰ হৃদয় পৰিষ্কাৰ কৰিবলৈ জ্ঞান দিয়ে, যিটোক তেখেতে মুক্তিৰ একমাত্ৰ চাবি-কাঠি বুলি জ্ঞান কৰিছিল। ফাল্গুনন্দৰ মতে ঈশ্বৰক উপলব্ধি কৰাৰ বাবে মুক্তিয়েই চূড়ান্ত সত্য। তেখেতে তেখেতৰ দৰ্শনত প্ৰেম আৰু অহিংসাত বিশেষ গুৰুত্ব আৰোপ কৰিছিল৷ তেখেতে বহুতো মন্দিৰ নিৰ্মাণ কৰিছিল। ১৯৪৯ চনত তেখেতৰ মৃত্যু হয়৷৭
২০০৯ চনত চিৰস্থায়ী প্ৰভাৱৰ স্বীকৃতি স্বৰূপে শ্ৰী পাচ কো চৰকাৰে (তেতিয়াৰ নেপাল চৰকাৰ) তেখেতক নেপালী ইতিহাসৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে ঠাই দিছিল আৰু ৰাষ্ট্ৰীয় জ্যোতিষ্ক হিচাপে ঘোষণা কৰিছিল। তেখেতক নেপালৰ ষোড়শ জ্যোতিষ্ক বুলি কোৱা হয়৷৮৯
১৯৯৩ চনত নেপাল ডাক সেৱা বিভাগে বিভাগৰ "বিশিষ্ট ব্যক্তিত্ব ধাৰাবাহিক"ৰ অংশ হিচাপে ফাল্গুনন্দৰ সন্মানত এক ডাক টিকট জাৰি কৰিছিল।১০
লিগেচি
বিশেষকৈ নেপাল আৰু কাঠমাণ্ডুৰ পূব প্ৰান্তত, এক সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে তেখেতৰ জন্ম বাৰ্ষিকী ফাল্গুনন্দ জয়ন্তী হিচাপে ব্যাপকভাৱে উদ্যাপন কৰা হয়। সাধাৰণতে নেপালী চান্দ্ৰ পঞ্জিকাত কাতি মাহৰ ২৫ তাৰিখে এই অনুষ্ঠান পালন কৰা হয়।৯
তথ্যসূত্ৰ
- ↑ (2021). A Place in the World New Local Historiographies in Africa and South Asia. Brill. পৃ. 335. ISBN 9004492232
- ↑ Gaenszle, Martin. (2014). The Satyahangma rituals: commemorating Phalgunanda in eastern Nepal. European Bulletin of Himalayan Research. পৃ. 6-27
- ↑ Anupam, Birat. (10 November 2020). Facts About Mahaguru Phalgunanda. Sancharkarmi
- ↑ (10 November 2020). Special Feature: Five fundamental facts about Mahaguru Phalgunanda. Ratopati
- ↑ (11 November 2021). 137th Phalgunanda birth anniversary being observed. My Republica
- ↑ European Bulletin of Himalayan Research, issues 25-28, Südasien Institut, 2004
- ↑ Nepal Government, Postal Services Department, Nepal Philatelic Bureau, Kathmandu
- ↑ (11 November 2022). Mahaguru Phalgunanda's 138th birth anniversary being marked. The Himalayan Times
- ↑ (11 November 2021). Phalgunanda Jayanti being observed today. The Himalayan Times
- ↑ Kirat Yakthung Chumlung. www.chumlung.org.np
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহাগুৰু ফাল্গুনন্দ” প্ৰবন্ধৰ সংশোধন ৫৫১২৯৪ (১৪ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।