ৰামায়ণৰ স্থানসমূহ
৮ প্ৰবন্ধ
-
কিষ্কিন্ধা
কিষ্কিন্ধা হৈছে সংস্কৃত মহাকাব্য ৰামায়ণত বালিৰ সৰু ভায়েক বান্দৰ ৰজা সুগ্ৰীৱৰ ৰাজ্য। ভাৰতৰ ঐতিহাসিক বিৱৰণ অনুসৰি, এই ৰাজ্যত সুগ্ৰীৱে তেওঁৰ বন্ধু হনুমানৰ সহায়ত শাসন কৰিছিল।
-
দণ্ডকাৰণ্য
দণ্ডকাৰণ্য হৈছে ৰামায়ণত উল্লিখিত এক ঐতিহাসিক স্থান। এই ঠাইক বৰ্তমানৰ ভাৰতৰ ছত্তীসগঢ়ৰ বাস্তাৰ ক্ষেত্ৰত অৱস্থিত এক অঞ্চলৰ সৈতে চিহ্নিত কৰা হয়। এই অঞ্চলে পশ্বিমে অবুঝমাৰ পাহাৰ আৰু পূবে পূৰ্বঘাট পৰ্বতমালাক সাঙুৰি প্ৰায় ৩৫,৬০০ বৰ্গ মাইল (৯২,২০০ বৰ্গ কি.মি.) মাটিকালি আগুৰি আছে।
-
অশোক বন
অশোক বন বা অশোক বাটিকা (Ashok Vatika) লংকাৰ ৰাক্ষস ৰজা ৰাৱণৰ ৰাজ্যত অৱস্থিত এখন বাগিচা আছিল৷ যি হিন্দু মহাকাব্য বিষ্ণু পুৰাণ আৰু বাল্মীকিৰ ৰামায়ণত উল্লেখ কৰা আছে আৰু পৰৱৰ্তী সকলো সংস্কৰণ যেনে- তুলসীদাসৰ দ্বাৰা ৰচিত ৰামচৰিতমানসৰ সুন্দৰ কাণ্ডত উল্লেখ পোৱা যায়।
-
মিথিলা (বিদেহ ৰাজ্য)
মিথিলা বা বিদেহৰাজ্য (তিৰাভুক্তি নামেৰেও জনাজাত) পৰৱৰ্তী বৈদিক ভাৰতৰ এক প্ৰাচীন ৰাজ্য আছিল ৰজা জনকৰ অধীনত এই অঞ্চলটোৱে প্ৰসিদ্ধি লাভ কৰিছিল (৮ম-৭ম শতিকা খ্ৰীষ্টপূৰ্ব)।
-
গন্ধমাদন পৰ্বত
গন্ধমাদন পৰ্বত পৰ্বতৰ আটাইতকৈ ওখ শৃংগ গন্ধমাদন, ৰামেশ্বৰমৰ সমীপৱৰ্তী পাম্বন দ্বীপত অৱস্থিত। ই মূল ভাৰত আৰু শ্ৰীলংকাৰ মাজত পালক জলদ্বীপত আছে। ইয়াত ভগৱান হনুমান বাস কৰে বুলি বহুতে বিশ্বাস কৰে।
-
পঞ্চাপ্সৰা
প্ৰাচীন সংস্কৃত মহাকাব্য ৰামায়ণৰ তৃতীয় কাণ্ডত উল্লেখিত হ্ৰদ হৈছে পঞ্চাপ্সৰা। এই নামৰ অৰ্থ হৈছে (হ্ৰদৰ) পাঁচগৰাকী অপ্সৰা, হিন্দু পৌৰাণিক কাহিনীৰ সৰগৰ অপেশ্বৰী। এই হ্ৰদটো হিন্দু ধৰ্মৰ বিষ্ণুৰ সপ্তম অৱতাৰ ৰামে দণ্ডকাৰণ্যৰ মাজেৰে যাত্ৰা কৰাৰ সময়ত পায়।
-
মনোকামনা মন্দিৰ
মনোকামনা মন্দিৰ (মৈথিলী: मनोकामना मंदिर) হৈছে ভাৰতৰ বিহাৰ ৰাজ্যৰ মিথিলা অঞ্চলৰ অন্তৰ্গত মধুবনী জিলাৰ হৰলাখী ব্লকৰ কামটৌল গাঁৱত অৱস্থিত এটা প্ৰাচীন হিন্দু মন্দিৰ। লোকবিশ্বাস অনুসাৰে এই মন্দিৰ ত্ৰেতাযুগৰ পৰা অস্তিত্বশীল বুলি ধৰা হয় আৰু ইয়াৰ ইতিহাস ৰামায়ণৰ সৈতে ঘনিষ্ঠভাৱে জড়িত।
-
ঔষধিপৰ্বত
ঔষধিপৰ্বত হৈছে ৰামায়ণত বৰ্ণিত ঔষধি উদ্ভিদেৰে পৰিপূৰ্ণ এক পৰ্বত। লংকাত ৰাম আৰু ৰাৱণৰ মাজত হোৱা যুদ্ধত ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতে ৰামৰ ভ্ৰাতৃ লক্ষ্মণক বাসৱী শক্তি বা শক্তিশেলেৰে আক্ৰমণ কৰে আৰু লক্ষ্মণ নিশ্চিত মৃত্যুৰ মুখত পৰে। তেওঁক আৰোগ্য কৰিবলৈ জাম্বৱনৰ পৰামৰ্শ অনুযায়ী হনুমান হিমালয়লৈ যাত্ৰা কৰে।