ব'ক্সী কো ঘৰ (बोक्सीको घर, ) হৈছে সুলক্ষণ ভাৰতীৰ দ্বাৰা পৰিচালিত, ২০২৪ চনৰ নেপালী ভাষাৰ এখন মনস্তাত্ত্বিক সামাজিক-থ্ৰিলাৰধৰ্মী চলচ্চিত্ৰ। ছবিখন ভাৰতীৰ স্বৰচিত নাটক এখনৰ আধাৰত নিৰ্মিত। নেপালী জনসমাজত প্ৰচলিত এক অন্ধবিশ্বাস, ডাইনী ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি নাৰীৰ ওপৰত হোৱা হিংসাৰ বিষয়টোৰ ওপৰত ছবিখনে আলোকপাত কৰিছে।১২ কেকী অধিকাৰী ফিল্মছৰ বেনাৰত ছবিখনৰ প্ৰযোজনা কৰিছে বদ্ৰী অধিকাৰীয়ে। ছবিখনত কেকী অধিকাৰীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে আৰু সহযোগী চৰিত্ৰত অভিনয় কৰিছে শূপালা সাপকোটা আৰু স্বেচ্ছা ৰাউতে। ছবিখনত এগৰাকী মহিলাৰ বেদনাদায়ক জীৱনৰ চিত্ৰণ কৰা হৈছে, যাক সমাজে “ডাইনী” বুলি অভিহিত কৰিছে।৩
২০২৪ চনৰ ২৬ এপ্ৰিল তাৰিখে ছবিগৃহত মুক্তি লাভ কৰা ছবিখনে সমালোচক আৰু দৰ্শকৰ ইতিবাচক সমালোচনা লাভ কৰে।২৪
কাহিনীভাগ
কাঠমাণ্ডুৰ এগৰাকী সাংবাদিকে এখন দুৰ্গম গাঁৱত ডাইনী হত্যাৰ অভিযোগৰ তদন্ত কৰিবলৈ যায়। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ দৰে সামাজিক সমস্যাসমূহেই এনে অভিযোগৰ আঁৰৰ কাৰণ বুলি তাই জানিবলৈ পায়। অধিক জানিব পৰা হোৱাৰ লগে লগে তাই নৈতিক আৰু ব্যক্তিগত প্ৰত্যাহ্বানৰ সন্মুখীন হয়। অৱশেষত এক জটিল পৰিস্থিতিৰ উন্মোচন হয় যিয়ে অভিযুক্ত ব্যক্তি আৰু সেই গাঁও দুয়োখনকে প্ৰভাৱিত কৰে।৫
কলা-কুশলী
- কেকী অধিকাৰী - জুনু
- শুপালা সাপকোটা - তৰুণী জুনু
- স্বেচ্ছা ৰাউত
- সুলক্ষণ ভাৰতী
- ৰামা থাপালিয়া
- সুষমা নিৰাউলা
- জীৱন বৰল
- সাবীন বাস্তোলা
সংগীত
চলচ্চিত্ৰখনৰ সংগীত আৰু পৃষ্ঠভূমিৰ সংগীত মনীষ নিৰৌলাৰ দ্বাৰা ৰচিত হৈছে। "বুঝিনা মইলে" চলচ্চিত্ৰখনৰ প্ৰথমটো একক গীত। ২০২৪ চনৰ ২ এপ্ৰিলত গীতটি মুক্তি পায় আৰু লগে লগে ইউটিউবত হিট হৈ পৰে, যিয়ে ছবিখনৰ বাবে এক বৃহৎ প্ৰচাৰ হিচাপে কাম কৰে। গীতটিত কণ্ঠ নিগৰাইছে সমিক্ষা অধিকাৰীয়ে আৰু সুৰাৰোপিত কৰিছে প্ৰকাশ সপুতে।৬ "জিন্দেগী" শীৰ্ষক দ্বিতীয় গীতটি একে বছৰৰে ১ মে'ত মুক্তিলাভ কৰিছিল।
অভ্যৰ্থনা
বক্স অফিচ
ছবিখনে নেপালত ২.৩০ কোটি ৰুপি উপাৰ্জনৰ সৈতে এক সুন্দৰ উদ্বোধনী সপ্তাহান্ত অতিবাহন কৰিছিল, যি প্ৰাৰম্ভিক প্ৰত্যাশাতকৈ যথেষ্ট ভাল আছিল, যাৰ ফলত ইয়াৰ প্ৰথম চাৰি দিনৰ সংগ্ৰহ মুঠ ৩.২৪ কোটি ৰুপি লৈ বৃদ্ধি পায় আৰু ছবিখনক এক বাণিজ্যিক সফলতা প্ৰদান কৰিছিল।৭ ছবিখনে ইয়াৰ প্ৰথম সপ্তাহত ৬.০৫ কোটি ৰুপি উপাৰ্জন কৰিছিল।৮ মুক্তিৰ ৯ দিনৰ পিছত ছবিখনে ৭.৫৫ কোটি ৰুপি উপাৰ্জন কৰিছিল। ফলত, নেপালত মহিলা প্ৰধান চলচ্চিত্ৰসমূহৰ ভিতৰত সৰ্বাধিক উপাৰ্জন কৰা চলচ্চিত্ৰ হৈ পৰে।৯ তিনি সপ্তাহৰ ভিতৰত, মহাযাত্ৰাৰ পিছত ই নেপালত ১০ কোটি ৰুপি অতিক্ৰম কৰা, ২০২৪ চনৰ দ্বিতীয়খন ছবি হিচাপে পৰিগণিত হয়, যি এক ব্লকবাষ্টাৰ হৈ পৰে।১০ চলচ্চিত্ৰখন কেইখনমান ছবিগৃহত প্ৰায় ৫১ দিন মান চলে আৰু প্ৰায় ১০.২ কোটি ৰুপি সংগ্ৰহ কৰি ই নেপালৰ সৰ্বাধিক উপাৰ্জনকাৰী চলচ্চিত্ৰসমূহৰ ভিতৰত এটা হৈ পৰে।১১
ছিকুৱেল
চলচ্চিত্ৰখনৰ প্ৰযোজকসকলে ঘোষণা কৰিছিল যে ছিকুৱেলটো সোনকালেই নিৰ্মাণ কৰা হ'ব আৰু ইয়াৰ চিত্ৰনাট্য ইতিমধ্যে সাজু হৈছে। ভাৰতীয়ে প্ৰথমে তেওঁৰ আন প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাৰ পিছত ছিকুৱেলখনৰ পৰিচালক হিচাপে কাম আৰম্ভ কৰিব।৮
তথ্যসূত্ৰ
- ↑ Boksiko Ghar - Mandala Theatre Nepal
- ↑ Ghimire, Anish. (2024-05-01). Uncomfortable truths. The Kathmandu Post
- ↑ अन्धविश्वासको चित्र 'बोक्सीको घर'. GorakhaPatra
- ↑ (2024-04-25). 'Boksiko Ghar' lauded in the premiere. THE CINEMA TIMES
- ↑ (2024-04-24). Keki's 'Boksiko Ghar' authentic thriller story. THE CINEMA TIMES
- ↑ लोकप्रिय भयो केकीको सिनेमाको गीत 'बुझिन मैले'. THE CINEMA TIMES
- ↑ 'बोक्सीको घर'ले ४ दिनमा कमायो ३ करोड २४ लाख ग्रस. THE CINEMA TIMES
- ↑ 'बोक्सीको घर'को कमाइ पहिलो हप्तामा ६ करोड ग्रस, दोस्रो भाग पनि बन्ने. THE CINEMA TIMES
- ↑ 'बोक्सीको घर' ले दोस्रो सप्ताहन्तसम्म कति कमायो?. Online Khabar
- ↑ तीन हप्तामै १० करोड क्लबमा 'बोक्सीको घर'. THE CINEMA TIMES
- ↑ ‘बोक्सीको घर’ले रञ्जना हलमा मनायो ५१ दिन. Online Khabar
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব'ক্সী কো ঘৰ” প্ৰবন্ধৰ সংশোধন ৪৫১৫৪২ (৫ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।