অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ব্ৰেইন ৰট

ব্ৰেইন ৰট বা মগজুৰ পচন (Brain rot) একধৰণৰ জ্ঞানমূলক অৱনতি যি মূলতঃ অগভীৰ বা প্ৰত্যাহ্বানহীন সামগ্ৰীৰ (বৰ্তমান বিশেষকৈ অনলাইন বিষয়-বস্তু) অতিমাত্ৰা বা বিশৃংখল ব্যৱহাৰৰ ফলত হয়।

হালনাগাদ: ২৮ মাৰ্চ ২০২৬ ৫০২ শব্দ · ৩ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ব্ৰেইন ৰট বা মগজুৰ পচন (Brain rot) একধৰণৰ জ্ঞানমূলক অৱনতি যি মূলতঃ অগভীৰ বা প্ৰত্যাহ্বানহীন সামগ্ৰীৰ (বৰ্তমান বিশেষকৈ অনলাইন বিষয়-বস্তু) অতিমাত্ৰা বা বিশৃংখল ব্যৱহাৰৰ ফলত হয়।১২ অক্সফৰ্ড বিশ্ববিদ্যালয় প্ৰেচ (২০২৪)এ, ব্ৰেইন ৰট শব্দটোক ইদৰে সংজ্ঞায়িত কৰিছে-“বিশেষকৈ অপ্ৰত্যাহ্বানজনক বুলি গণ্য কৰা সামগ্ৰীৰ ( বিশেষকৈ অনলাইন বিষয়বস্তু) অতিমাত্ৰা ব্যৱহাৰৰ ফলত হোৱা ব্যক্তিৰ মানসিক বা বৌদ্ধিক অৱস্থাৰ অৱনতি।"।৩ এই পৰিঘটনাক জেনেৰেচন জি আৰু জেনেৰেচন আলফা নামৰ নতুন প্ৰজন্মই জনপ্ৰিয় কৰি তুলিছে। .৪ ব্ৰেইন-ৰট হৈছে অত্যধিক ইণ্টাৰনেট ব্যৱহাৰৰ নেতিবাচক পৰিণতি, যিয়ে মানুহৰ মস্তিষ্কৰ তথ্য প্ৰক্ৰিয়াকৰণৰ ধৰণ সলনি কৰি দিব পাৰে। ৫৬ তথ্য লাভৰ সহজতাই মগজুক কোনো গভীৰ চিন্তাধাৰা প্ৰয়োগ নকৰাকৈ নিম্নমানৰ, প্ৰত্যাহ্বানহীন তথ্যবোৰ বাৰে বাৰে ব্যৱহাৰ কৰিলে মগজুৱে সেই অভ্যাস গঢ়ি তুলিবলৈ প্ৰশিক্ষণ পায়। ইয়াৰ ফলত বিষয়-বস্তুৰ বিষয়ে গভীৰ বুজ নোলোৱাকৈ এটা তথ্যৰপৰা আন এটা তথ্যলৈ মনোযোগ দ্ৰুতভাৱে সলনি হোৱাৰ অভ্যাস গঢ়ি উঠে।৭

উৎপত্তি আৰু ব্যৱহাৰ

অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছৰ মতে, ১৮৫৪ চনত হেনৰী ডেভিদ থ'ৰ'ৰ ৱাল্ডেন নামৰ এখন কিতাপত ব্ৰেইন-ৰট শব্দটোৰ প্ৰথম ব্যৱহাৰ কৰা হৈছিল। ৮ ৯ সেই কিতাপখনত থ'ৰ'ৱে বস্তুবাদৰ ওপৰত চিন্তা কৰি এই শব্দৰে যুক্তি দিছিল যে তুচ্ছ ধাৰণাক পছন্দ কৰাৰ প্ৰৱণতাই মগজুৰ পচন বা দুৰ্বলতা আনিব পাৰে।১০

১৮০০ চনৰ শেষৰফালে, বাতৰি কাকতবিলাক তেওঁলোকৰ সময়ৰ সস্তীয়া সংবাদ মাধ্যমক সমালোচনা কৰিবলৈ এই বাক্যাংশটো তুলি লৈছিল। ব্ৰুকলিন ডেইলি ঈগলৰ দৰে জনপ্ৰিয় বাতৰি কাকতবোৰে চিত্ৰ-কাহিনী কাকতবোৰৰ লিখনিসমূহ "মগজুৰ পচন" বুলি সমালোচনা কৰিছিল, কাৰণ এনে লিখনিবোৰত গভীৰ চিন্তাধাৰাৰ সলনি তৎকালীন আগ্ৰহ, দ্ৰুত ৰোমাঞ্চ আৰু কম তথ্যৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। ১৯৬০ চনত ব্ৰেইন ৰট শব্দটো স্বাস্থ্যৰ ক্ষেত্ৰত কিছুমান মানসিক অৱস্থাৰ বৰ্ণনাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। পৰৱৰ্তী বছৰবোৰত ইলেক্ট্ৰনিক যন্ত্ৰই মানৱ জীৱনত উল্লেখযোগ্য ভূমিকা ল’বলৈ আৰম্ভ কৰাৰ লগে লগে বিশেষকৈ দূৰদৰ্শনএ মস্তিষ্কৰ পচনত অৰিহণা যোগাইছে বুলি উদ্বেগ সৃষ্টি হৈছিল, যাৰ ফলত ব্যাপক বিতৰ্কৰ সূচনাও হৈছিল ১১ ২০২৪ চনত, অক্সফোৰ্ড বিশ্ববিদ্যালয় প্ৰকাশনে ব্ৰেইন ৰটক 'ৱৰ্ড অৱ দ্য য়েৰ' হিচাপে নিৰ্বাচিত কৰে। ২০২৩ চনৰপৰা ২০২৪ চনলৈকে অক্সফৰ্ডে এই শব্দটোৰ ব্যৱহাৰ প্ৰতি মিলিয়ন শব্দৰ কম্পাঙ্ক ২৩০% বৃদ্ধি পোৱা বুলি জনাইছে।৪ ১২ ১৩

মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ

শিক্ষা মনোবিজ্ঞানীসকলে জ্ঞানমূলক অৱনতি, মানসিক ক্লান্তি আৰু নিম্নমানৰ ছ'চিয়েল মিডিয়া সামগ্ৰীৰ অত্যধিক সংস্পৰ্শৰ মাজৰ সম্পৰ্কৰ পৰ্যালোচনাত 'মগজুৰ পচন' বাক্যাংশটো ব্যৱহাৰ কৰা দেখা গৈছে। তেওঁলোকৰ গৱেষণাৰ মতে সেই মগজুৰ পচনে আৱেগিক অসংবেদনশীলতা, জ্ঞানমূলক অতিৰিক্ত বোজা আৰু নেতিবাচক আত্ম-ধাৰণাৰ সৃষ্টি কৰিব পাৰে।১৪ ২০২৪ চনৰপৰা মানসিক স্বাস্থ্য সংস্থাসমূহে প্ৰতিৰোধ আৰু চিকিৎসাৰ বাবে পৰামৰ্শ আগবঢ়াই এই শব্দটো ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। ১৫ গৱেষণাৰপৰা দেখা গৈছে যে ইণ্টাৰনেটৰ সৈতে বৰ্তমানৰ প্ৰজন্মত নিচাৰ ফলত প্ৰত্যাহ্বানমূলক কামবোৰ সম্পূৰ্ণ কৰাৰ প্ৰেৰণা হ্ৰাস পাব পাৰে। ইয়াৰ ফলত জ্ঞানশক্তিৰ অৱনতি ঘটিব পাৰে আৰু ফলস্বৰূপে মগজু মগজুৰ পচন হʼব পাৰে। ১

লক্ষণ

মগজুৰ পচন হোৱা অত্যধিক ডিজিটেল ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত কেইবাটাও লক্ষণ সাধাৰণতে দেখা যায়: প্ৰথমটো হ'ল জ্ঞানমূলক ক্ষমতা হ্ৰাস ১৬ ব্যৱহাৰকাৰীসকলে মনোযোগ দিব নোৱাৰে ১৭, ব্যৱহাৰকাৰীৰ স্মৃতিশক্তিৰ অৱনতি ১৮ আৰু নতুন তথ্য প্ৰক্ৰিয়াকৰণ কৰাত অসুবিধা ১৯। দ্বিতীয় লক্ষণটো হ'ল উৎপাদনশীলতা হ্ৰাস ২০, কাম সম্পূৰ্ণ কৰাত প্ৰত্যাহ্বান আৰু বিলম্ব বৃদ্ধি ২১। তৃতীয় লক্ষণটো হ'ল অলসতা আৰু প্ৰেৰণাহীনতা ২২, কিয়নো ব্যৱহাৰকাৰীসকলে বিৰক্তি আৰু শক্তিৰ অভাৱত আবদ্ধ অনুভৱ কৰে ২৩। চতুৰ্থতে, ব্যৱহাৰকাৰীসকলে টোপনিৰ অসুবিধাৰ সন্মুখীন হ’ব পাৰে, যাৰ ফলত টোপনিৰ মানদণ্ড বেয়া হ’ব পাৰে ২৪। মগজুৰ পচনৰ কেইবাটাও সূচক আছে। প্ৰথমটো হ’ল গভীৰ মনোগেৰে পঢ়াৰ ক্ষমতা হ্ৰাস। মগজুৰ পচনে মগজুক গভীৰ পঢ়াতকৈ দ্ৰুত আৰু ওপৰোৱাকৈ পঢ়াৰ অনুকূল অৱস্থাত পেলায়, যাৰ ফলত জটিল তথ্য বুজি পোৱাৰ ক্ষমতাত ব্যাঘাত জন্মে। দ্বিতীয়টো সূচক হ'ল মাল্টিটাস্কিং (কেইবাটাও কাম একেলগে কৰা) অভ্যাসৰ বাবে মনোযোগৰ খণ্ডিতকৰণ হʼব পাৰে, যাৰ ফলত মগজুৱে দীৰ্ঘ সময়ৰ বাবে এটা কামত মনোনিৱেশ কৰাত অসুবিধা পায় ৭।

তথ্যসূত্ৰ

  1. ↑ Bhagwath, A. The Psychology of Brain Rot
  2. ↑ Roy, Jessica. (2024-06-13). If You Know What 'Brainrot' Means, You Might Already Have It. The New York Times
  3. ↑ corp.oup.com/news/brain-rot-named-oxford-word-of
  4. ↑ Rufo, Yasmin. (2024). Losing your mind looking at memes? The dictionary has a word for that. BBC
  5. ↑ N. Carr, The Shallows: What the Internet Is Doing to Our Brains. New York: W. W. Norton & Company, Inc., 2010
  6. ↑ Fian, K., Roqib, M., Nawawi, S., Alfi, I., & Rifani, E. (2025, September). Brain Rot in the Digital Era: Reflecting on Religious Moderation in Combating Radicalism. In International Conference of Islamic Studies (ICONIS 2025) (pp. 148-172). Atlantis Press
  7. ↑ N. Carr, The Shallows: What the Internet Is Doing to Our Brains. New York: W. W. Norton & Company, Inc., 2010
  8. ↑ Levitin, Mia. (2024-12-28). Social media, brain rot and the slow death of reading. Financial Times
  9. ↑ Levitin, Mia. (2024-12-28). Social media, brain rot and the slow death of reading. Financial Times
  10. ↑ Yazgan, Ayşe Müge. (2025-03-31). The problem of the century: Brain rot. OPUS Journal of Society Research. পৃ. 211–221
  11. ↑ Lance Eliot. Generative ai and brain rot. www.forbes.com/sites/lanceeliot/ 2024/06/18/generative-ai-and-brain-rot/, June 2024. Forbes
  12. ↑ Levitin, Mia. (2024-12-28). Social media, brain rot and the slow death of reading. Financial Times
  13. ↑ Levitin, Mia. (2024-12-28). Social media, brain rot and the slow death of reading. Financial Times
  14. ↑ Yousef, Ahmed Mohamed Fahmy. (7 March 2025). Demystifying the New Dilemma of Brain Rot in the Digital Era: A Review. Brain Sciences. পৃ. 283
  15. ↑ (10 January 2024). Brain rot: The impact on young adult mental health. The Newport Institute
  16. ↑ E. Connell et al., “Microbial-derived metabolites as a risk factor of age-related cognitive decline and dementia,” Mol Neurodegeneration, vol. 17, no. 43, pp. 1–26, 2022, doi: 10.1186/s13024-022-00548-6
  17. ↑ N. A. M. Hassan, A. Baharum, Z. H. Abdullah Sani, K. Chau, and N. A. Mat Noor, “Reducing Cognitive Impairment Among Dementia Users Through Mobile Application,” JST, vol. 29, no. 2, pp. 863–883, 2021, doi: 10.47836/pjst.29.2.09
  18. ↑ A. K. Schnell, N. S. Clayton, R. T. Hanlon, and C. Jozet-Alves, “Episodic-like memory is preserved with age in cuttlefish,” Proc. R. Soc. B., vol. 288, no. 1957, p. 20211052, 2021, doi: 10.1098/rspb.2021.1052
  19. ↑ A. Aprilia and D. Aminatun, "Investigating memory loss: How depression affects students' memory endurance," JELTL, vol. 3, no. 1, pp. 1–11, 2022, doi: 10.33365/jeltl.v3i1.1719
  20. ↑ S. N. Mosolov and P. A. Yaltonskaya, “Primary and Secondary Negative Symptoms in Schizophrenia,” Front. Psychiatry, vol. 12, p. 766692, 2022, doi: 10.3389/fpsyt.2021.766692
  21. ↑ F. M. Sirois, “Procrastination and Stress: A Conceptual Review of Why Context Matters,” IJERPH, vol. 20, no. 6, p. 5031, 2023, doi: 10.3390/ijerph20065031
  22. ↑ R. M. Enoka, A. M. Almuklass, M. Alenazy, E. Alvarez, and J. Duchateau, “Distinguishing between Fatigue and Fatigability in Multiple Sclerosis,” Neurorehabil Neural Repair, vol. 35, no. 11, pp. 960–973, 2021, doi: 10.1177/15459683211046257
  23. ↑ S. Murphy, T. Hill, P. McDonagh, and A. Flaherty, “Mundane emotions: Losing yourself in boredom, time and technology,” Marketing Theory, vol. 23, no. 2, pp. 275–293, 2023, doi: 10.1177/14705931221138617
  24. ↑ A. Maestro-Gonzalez, M. Sánchez-Zaballos, M. P. Mosteiro-Díaz, and D. Zuazua-Rico, “Quality of sleep among social media users during the lockdown period due to COVID-19 in Spain,” Sleep Medicine, vol. 80, pp. 210–215, 2021

সম্পৰ্কিত শ্ৰেণী

মনোবিজ্ঞানঅপশব্দ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্ৰেইন ৰট” প্ৰবন্ধৰ সংশোধন ৫৯৬২৯৩ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।