বেলা ভাটিয়া (Bela Bhatia) ভাৰতৰ দক্ষিণ ছত্তীশগড়ৰ বস্তৰ সংমণ্ডলৰ জিলা আদালতত কৰ্মৰত এগৰাকী স্বতন্ত্ৰ লেখিকা আৰু মানৱ অধিকাৰ অধিবক্তা।১
জীৱনী
বেলা ভাটিয়াই মধ্যবিত্তীয়, উচ্চবৰ্ণৰ পাঞ্জাবী হিন্দু পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। জাতি ব্যৱস্থাৰ বিৰুদ্ধে এক পদক্ষেপ হিচাপে ২০০৩ চনত নাগপুৰৰ দীক্ষাভূমিত তেওঁ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে। তেওঁৰ ডক্টৰেট ডিগ্ৰীৰ থিছিছ আছিল 'মধ্য বিহাৰত নক্সালবাদী আন্দোলন' (Faculty of Social and Political Sciences, University of Cambridge, 2000)।
শৈক্ষিক দিশলৈ যোৱাৰ পূৰ্বে তেওঁ প্ৰায় এটা দশক ধৰি সাবৰকান্ত জিলাৰ (গুজৰাট) ভিলোডা তালুকাৰ ভূমিহীন কৃষি শ্ৰমিক আৰু প্ৰান্তীয় কৃষকৰ সংগথান (সামূহিক) আৰু ইৰাক আৰু পেলেষ্টাইনত শান্তি আৰু ন্যায়ৰ বাবে স্বায়ত্তশাসিত আন্দোলনত পূৰ্ণকালীন অধিকাৰ কৰ্মী আছিল।
২০০৬ চনত ভাৰতীয় ৰাষ্ট্ৰ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাওবাদী)ৰ মাজত চলি থকা যুদ্ধৰ বিষয়ে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰাৰ সময়তে প্ৰথমবাৰৰ বাবে তেওঁ বাষ্টাৰলৈ আহিছিল আৰু পিছৰ বছৰবোৰতো নিয়মীয়াকৈ ভ্ৰমণ কৰি গৈছিল। ২০১৫ চনৰ জানুৱাৰী মাহত বাষ্টাৰত থাকিবলৈ তেওঁ গুচি যায় আৰু তেতিয়াৰ পৰাই তাত স্বতন্ত্ৰ ভিত্তিত কাম কৰি আহিছে। ২৩
দিল্লীৰ চেণ্টাৰ ফৰ দ্য ষ্টাডি অৱ ডেভেলপিং ছ’চাইটিজৰ এছ’চিয়েট ফেলো আৰু বম্বেৰ টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সৰ সন্মানীয় অধ্যাপিকা হিচাপে তেওঁ কাম কৰি আহিছে। তেওঁৰ গৱেষণামূলক আগ্ৰহৰ ভিতৰত আছে দলিত, আদিবাসী, আৰু ভাৰতৰ গ্ৰাম্য অঞ্চলৰ অন্যান্য প্ৰান্তীয় সম্প্ৰদায়ৰ জীৱনৰ সৈতে জড়িত প্ৰশ্ন। দৰিদ্ৰতা, বৈষম্য, অন্যায় আৰু প্ৰতিৰোধ আন্দোলনসমূহ বুজিবলৈ তেওঁ বিশেষভাৱে আগ্ৰহী হৈ আহিছে।
২০১৯ চনত ইজৰাইলৰ চাইবাৰ চোৱাচিতা এন এছ অ’ গ্ৰুপৰ কুখ্যাত পেগাছাছ স্পাইৱেৰ ব্যৱহাৰ কৰি হোৱাটছএপৰ জৰিয়তে লক্ষ্য কৰি লোৱা বুলি অভিযোগ উত্থাপন হোৱা ১২১ জন ভাৰতীয়ৰ ভিতৰত তেওঁ অন্যতম আৰু আমেৰিকাৰ আদালতত এন এছ অ’ৰ বিৰুদ্ধে হোৱাটছএপৰ আইনী গোচৰৰ অংশ হিচাপে বিশ্বজুৰি অসামৰিক লোকক লক্ষ্য কৰি লোৱা পাঁচটা পেগাছাছৰ ভিতৰত অন্যতম (ডিচেম্বৰ ২০২০)।
তেওঁ আনহাৰ্ড ভইচছ: ইৰাকী উইমেন অন ৱাৰ এণ্ড চেনচনছ (লণ্ডন: চেঞ্জ, ১৯৯২)ৰ সহ-লেখিকা; (মেৰী কাৱাৰ আৰু মৰিয়াম শ্বাহিনৰ সৈতে), ৱাৰ এণ্ড পিচ ইন দ্য গালফ: টেষ্টিমনিজ অৱ দ্য গালফ পিছ টিমৰ (লণ্ডন: মুখপাত্ৰ, ২০০১)ৰ সহ-সম্পাদক (জিন ড্ৰেজ আৰু কেথী কেলিৰ সৈতে) আৰু সহ-লেখিকা (অন্য সদস্যসকলৰ সৈতে ভাৰত চৰকাৰৰ পৰিকল্পনা আয়োগে গঠন কৰা 'বিশেষজ্ঞ গোট'ৰ 'উগ্ৰপন্থী প্ৰভাৱিত অঞ্চলত উন্নয়ন প্ৰত্যাহ্বান' (২ খণ্ড, ২০০৮)৷ এই প্ৰতিবেদনৰ প্ৰথম খচৰা লিখিছিল কে বালাগোপাল আৰু তেওঁ নিজেই। তেওঁৰ গ্ৰন্থ India's Forgotten Country: A View from the Margins ২০২৪ চনত পেংগুইন ইণ্ডিয়াই প্ৰকাশ কৰিছিল।
তেওঁ নিজকে এগৰাকী মানৱতাবাদী, মুক্তিবাদী সমাজবাদী আৰু বিশ্ব নাগৰিক বুলি গণ্য কৰে।
বাহ্যিক সংযোগ
*, Bela Bhatia attacked in Bastar, interview with Bela Bhatia (video)
- Footnotes on citizenship from rural India by Bela Bhatia (video)
- Corruption and Change in India, interview with Bela Bhatia (video)
- Articles by Bela Bhatia in Economic and Political Weekly
তথ্যসূত্ৰ
- ↑ Ashutosh Sharma. (Apr 09, 2025 08:15 IST). The Adivasis bear the brunt: Bela Bhatia. The Frontline
- ↑ Academic Bela Bhatia Attacked, Threatened in Bastar. Wire.in
- ↑ Why Chhattisgarh wants this researcher out. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেলা ভাটিয়া” প্ৰবন্ধৰ সংশোধন ৫৫৮৭৫৮ (২৯ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।