অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

পৰা আমলখি

পৰা আমলখি বা পৰামলখি বা পামলখি বা হলফলি (বৈজ্ঞানিক নাম: Phyllanthus acidus) Phyllanthaceae পৰিয়ালৰ এবিধ গছ। ইয়াক ইংৰাজীত ষ্টাৰবেৰী বুলিও কোৱা হয়। হালধীয়া বৰণৰ ফল ধৰা এই গছবিধৰ নাম পৰা আমলখি হোৱা স্বত্বেও ইয়াৰ ফলৰ সোৱাদ আমলখিতকৈ ভিন্ন।

হালনাগাদ: ১৫ আগষ্ট ২০২২ ১৯৭ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

পৰা আমলখি বা পৰামলখি বা পামলখি বা হলফলি (বৈজ্ঞানিক নামকৰণ পদ্ধতি: Phyllanthus acidus) Phyllanthaceae পৰিয়ালৰ এবিধ গছ। ইয়াক ইংৰাজীত ষ্টাৰবেৰী বুলিও কোৱা হয়। হালধীয়া বৰণৰ ফল ধৰা এই গছবিধৰ নাম পৰা আমলখি হোৱা স্বত্বেও ইয়াৰ ফলৰ সোৱাদ আমলখিতকৈ ভিন্ন।

বিৱৰণ

পুলি অৱস্থাৰ পৰা আমলখি
পুলি অৱস্থাৰ পৰা আমলখিছবি: L. Shyamal · CC BY-SA 3.0

পৰা আমলখিৰ প্ৰকৃতি জোপোহা আৰু বৃক্ষৰ মাজতে। ই ২ৰ পৰা ৯ মিটাৰ (৬.৫ৰ পৰা ৩০ ফুট) ওখ হয়।১ গছজোপাৰ শীৰ্ষ জোপোহাটো পৰ্ণপাতী পত্ৰ সংযোজিত কঠিন ঠাৰিৰ থোপাৰে গঠিত। এই ঠাৰিসমূহ ১৫ৰ পৰা ৩০ চে.মি. দীঘল। পাতৰ আকৃতিত ডিম্বাকৃতিৰ আৰু মূৰ অংশ জোঙা। পাতবোৰ ২–৭.৫ চেণ্টিমিটাৰ দীঘল। পাতৰ ওপৰৰ ফাল সেউজীয়া ৰঙৰ আৰু মসৃণ। তলৰ ফালে নীলাভ-সেউজীয়া। গছজোপাৰ সৈতে বিলম্বি গছৰ সাদৃশ্য আছে।

ফুলবোৰ মতা, মাইকী বা উভয়লিংগী হ'ব পাৰে।১ এইসমূহ গোলাপী ৰঙৰ আৰু ৫ৰ পৰা ১২.৫ চে.মি. দীঘল ঠাৰিত থুপ খাই ফুলে। গছজোপাৰ মূল ডালবোৰৰ পাতবিহীন অংশত ফুল গঠন হয়। ফলসমূহ ৰঙালাওৰ দৰে ৬ৰ পৰা ৮টা পাঁজৰযুক্ত আৰু এইসমূহ ঘনকৈ থুপ খাই থাকে। ইয়াৰ ৰং শেঁতা হালধীয়া বা বগা। ফলসমূহ ৰসাল আৰু টেঙা। প্ৰতিটো ফলৰ মাজত এটা শিলত ৪ৰ পৰা ৬টা বীজ থাকে।১২

ব্যৱহাৰ

ফলসমূহ
ফলসমূহছবি: No machine-readable author provided. Hans B.~commonswiki assumed (based on copyr · Public domain

পৰা আমলখিৰ বিভিন্ন অংশ খাদ্যৰ বাবে ব্যৱহাৰ কৰা হয়। বাংলাদেশ, ভাৰত আৰু ইণ্ডোনেছিয়াত সিজোৱা পাতবোৰ খাদ্য হিচাপে গ্ৰহণ কৰা হয়।২ ফলবোৰ কেঁ‌চাকৈ খোৱা হয়। কেতিয়াবা ইণ্ডোনেছিয়াৰ অন্যান্য খাদ্যৰ বাবে সোৱাদবৰ্দ্ধম হিচাপে ব্যৱহাৰ কৰা হয় যদিও ইয়াক সাধাৰণতে প্ৰাকৃতিক ৰূপত নিজে খাব নোৱাৰাকৈ অতি টেঙা বুলি গণ্য কৰা হয় আৰু ইয়াক আৰু অধিক প্ৰক্ৰিয়াকৰণ কৰি ব্যৱহাৰ কৰা হয়।২৩ ইয়াক চেনিত ডুবাই কেণ্ডি প্ৰস্তত কৰা হয় বা নিমখ দি আচাৰ, চাটনি আদি তৈয়াৰ কৰা হয়। ফিলিপাইনছত ইয়াক ভিনেগাৰ বনোৱাৰ লগতে কেঁচাকৈ খোৱা হয়। নিমখ বা ভিনেগাৰ-নিমখৰ দ্ৰৱণত তিয়াই ৰাস্তাৰ কাষতো বিক্ৰী কৰা হয়। ইয়াৰ পৰা কেণ্ডি তৈয়াৰ কৰাৰ লগতে চিৰাপৰ সৈতে জাৰত সংৰক্ষণ কৰা হয়। ইয়াক ফলৰ ৰস বনাবলৈও ব্যৱহাৰ কৰা হয়। থাইলেণ্ডত ইয়াক ছম টাম বনাবলৈ, আচাৰ বনাবলৈ, চিৰাপত উতলাবলৈ (মা-য়ম চুৱাম) বিশেষ উপাদান হিচাপে ব্যৱহাৰ কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ Center for New Crops & Plants Products. Otaheite Gooseberry. Purdue University
  2. ↑ National Geographic. (18 November 2008). Edible: an Illustrated Guide to the World's Food Plants. National Geographic Books. পৃ. 110. ISBN 978-1-4262-0372-5
  3. ↑ Janick, Jules; Robert E. Paull. (12 April 2008). The Encyclopedia of Fruit & Nuts. CABI. পৃ. 373. ISBN 978-0-85199-638-7

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰা আমলখি” প্ৰবন্ধৰ সংশোধন ৩৩০৫৭৪ (১৫ আগষ্ট ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।