অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিনীতা সিং

বিনীতা সিং(:Vineeta Singh, জন্ম ১৯৮৩) এগৰাকী ভাৰতীয় উদ্যোগী আৰু মুখ্য কাৰ্যবাহী বিষয়া, চুগাৰ কচমেটিকছৰ সহ-প্ৰতিষ্ঠাপক। ২০২১ চনত শ্বাৰ্ক টেংক ইণ্ডিয়া ব্যৱসায়িক ৰিয়েলিটি টিভি শ্ব' শ্বাৰ্ক টেংক ইণ্ডিয়াৰ শ্বাৰ্ক (অৰ্থাৎ বিচাৰক/বিনিয়োগকাৰী) হিচাপে কাম কৰি আহিছে।

হালনাগাদ: ১৮ ছেপ্তেম্বৰ ২০২৬ ৫৬৮ শব্দ · ৩ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

বিনীতা সিং(:Vineeta Singh, জন্ম ১৯৮৩) এগৰাকী ভাৰতীয় উদ্যোগী আৰু মুখ্য কাৰ্যবাহী বিষয়া, চুগাৰ কচমেটিকছৰ সহ-প্ৰতিষ্ঠাপক। ২০২১ চনত শ্বাৰ্ক টেংক ইণ্ডিয়া ব্যৱসায়িক ৰিয়েলিটি টিভি শ্ব' শ্বাৰ্ক টেংক ইণ্ডিয়াৰ শ্বাৰ্ক (অৰ্থাৎ বিচাৰক/বিনিয়োগকাৰী) হিচাপে কাম কৰি আহিছে।১

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

সিঙৰ জন্ম হৈছিল ১৯৮৩ চনত গুজৰাটৰ আনন্দত।২ তেওঁৰ মাক পি এইচ ডি আৰু পিতৃ তেজ পি সিং অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ জৈৱপদাৰ্থবিজ্ঞানী।[3]৩

সিঙে ২০০১ চনত দিল্লী পাব্লিক স্কুল, আৰ কে পুৰমত শিক্ষা সমাপ্ত কৰে।৪ তাৰ পিছত সেই বছৰতে আই আই টি মাদ্ৰাজত নামভৰ্তি কৰে।৫ সিঙে আই আই টি-এমত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ অধ্যয়ন সম্পূৰ্ণ কৰে আৰু ২০০৫ চনত স্নাতক ডিগ্ৰী লাভ কৰে।৬ ইয়াৰ পিছত ২০০৭ চনত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট আহমেদাবাদৰ পৰা এম বি এ ডিগ্ৰী লাভ কৰে।৭

এম বি এ পঢ়াৰ সময়ত ২০০৬ চনত ডয়চে বেংকত গ্ৰীষ্মকালীন ইন্টাৰ্ণ হিচাপে কাম কৰিছিল আৰু বাৰ্ষিক ১ কোটি ₹ দৰমহা পোৱাৰ পিছতো চাকৰি নাকচ কৰিছিল।৮৯ সিংৰ লগতে একেটা প্ৰস্তাৱ নাকচ কৰা আনজন স্নাতকে নিজাকৈ লিংগৰী ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছিল,১০ কিন্তু তেওঁলোকে প্ৰয়োজনীয় ধন সংগ্ৰহ কৰিব নোৱাৰাৰ বাবে এই ধাৰণাটোৱে আগ বাঢ়িব নোৱাৰিলে।৭

কৰ্ম জীৱন

২০০৭ চনত সিঙে তেওঁৰ প্ৰথম ষ্টাৰ্টআপ কুৱেটজাল প্ৰতিষ্ঠা কৰে। ১১ কিন্তু নিযুক্তি প্ৰদানকাৰীসকলক পটভূমি পৰীক্ষণ পৰীক্ষা প্ৰদান কৰাট সফল হ’ব নোৱাৰিলে। ২০১২ চনত তেওঁ দ্বিতীয়টো ষ্টাৰ্টআপ ফেব-বেগ আৰম্ভ কৰে, এইটো এটা চাবস্ক্ৰিপচন প্লেটফৰ্ম যিয়ে মাহেকীয়া সৌন্দৰ্য্য সামগ্ৰীৰ ডেলিভাৰী প্ৰদান কৰে।১২ তেওঁৰ তৃতীয়টো ষ্টাৰ্টআপ চুগাৰ কচমেটিকছ, সিঙে ২০১৫ চনত স্বামীৰ সৈতে একেলগে প্ৰতিষ্ঠা কৰে।১৩ কোম্পানীটোৱে ভাৰতীয় বজাৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰসাধন সামগ্ৰী আৰু ব্যক্তিগত যত্নৰ সামগ্ৰী বিক্ৰী কৰে।১৪১৫ ব্যক্তিগত ইকুইটি প্ৰতিষ্ঠান এল কেটাৰটনৰ সৈতে ৫ কোটি ডলাৰৰ চুক্তি বন্ধ কৰাৰ পিছত সিঙে কোম্পানীটোৰ সামগ্ৰীসমূহক বিভিন্ন ৰঙৰ ছালৰ মহিলাসকলৰ পছন্দ অনুসৰি বিভিন্ন বৈশিষ্ট্যৰ সামগ্ৰী প্ৰদান কৰে।১৬ ২০২২ চনৰ ছেপ্টেম্বৰ মাহত অভিনেতা ৰণবীৰ সিঙে যথেষ্ট পৰিমাণৰ ধন বিনিয়োগ কৰে আৰু চুগাৰ কচমেটিকছৰ "ব্ৰেণ্ড ইভানজেলিষ্ট" হয়।১৭১৮

সিং ফৰ্বছ ইণ্ডিয়া, বিজনেছ টুডে আৰু বিজনেছৱৰ্ল্ড আদি ব্যৱসায়িক আলোচনীৰ হাৰ্ড কপি কভাৰ পৃষ্ঠাত প্ৰকাশ পাইছিল।১৯ বিজনেছ টুডেক তেওঁ প্ৰকাশ কৰে যে এসময়ত তেওঁৰ স্বামীয়ে কোম্পানীটোত পূৰ্ণকালীনভাৱে যোগদান কৰাৰ চৰ্ততহে ধন প্ৰদান কৰা হৈছিল, যিটো তেওঁ লিংগ বৈষম্য বুলি গণ্য কৰিছিল।২০২১ ২০২১ চনত ফৰ্বছ ইণ্ডিয়াই সিঙক ফৰ্বছ ইণ্ডিয়া ডব্লিউ-পাৱাৰৰ মহিলা সাফল্যৰ তালিকাৰ ভিতৰত অন্যতম হিচাপে তালিকাভুক্ত কৰে।২২৩ ২০২৩ চনত বলীউডৰ অভিনেত্ৰী কৰীনা কাপুৰ খানে সিং আৰু তেওঁৰ স্বামীৰ সৈতে যৌথ উদ্যোগ গঠন কৰি ভাৰতত কোৰিয়ান স্কিমকেয়াৰ ব্ৰেণ্ড কুৱেঞ্চ বটানিক্স আৰম্ভ কৰে।২৩

বঁটা আৰু স্বীকৃতি

ব্যক্তিগতভাৱে বা চুগাৰ কচমেটিকছৰ উদ্যোগীকৰণৰ কৃতিত্বৰ স্বীকৃতি স্বৰূপে সিঙে তলত দিয়া বঁটা আৰু স্বীকৃতি লাভ কৰিছে:

  • ২০০১–০৫ চনলৈকে অংশগ্ৰহণ কৰা ৪খন আন্তঃ আই আই টি ক্ৰীড়া মিটত আই আই টি মাদ্ৰাজৰ বাবে ২টা সোণ আৰু ২টা ৰূপৰ পদক২৪
  • উদ্যোগীৰ দ্বাৰা ২০১৯ চনৰ খুচুৰা ষ্টাৰ্ট-আপ
  • ইকনমিক টাইমছৰ দ্বাৰা ২০১৯ চনৰ সৰ্বাধিক আশাব্যঞ্জক ব্ৰেণ্ড
  • ৪০ আণ্ডাৰ ফৰ্টি ২০২০ by The Economic Times
  • ৪০ বছৰৰ তলৰ ৪০ ২০২১ ফৰ্চুন ইণ্ডিয়াৰ দ্বাৰা২৫
  • ভাৰতৰ সৰ্বাধিক বিশ্বাসযোগ্য ব্ৰেণ্ড ২০২১ by CNBC TV18২৬
  • সৰ্বাধিক প্ৰশংসিত খুচুৰা বিক্ৰেতা বঁটা ২০২১ by IMAGES
  • ফৰ্বছ ইণ্ডিয়াৰ দ্বাৰা ডব্লিউ-পাৱাৰ ২০২১২৭
  • 40 under 40 2021 দ্বাৰা BW Disrupt২৫
  • বিশ্ব অৰ্থনৈতিক মঞ্চৰ দ্বাৰা যুৱ গ্ল'বেল লিডাৰ ২০২২২৫
  • MPW 2022 by বিজনেছ টুডে২৮
  • ডি এন এ ইণ্ডিয়াৰ দ্বাৰা মহিলা কৃতিত্ব দিৱসৰ বঁটা ২০২৩২৯
  • MPW 2023 by Business Today৩০
  • MPW 2023 by বিজনেছ টুডে৩১

বিনোদন

সিং ব্যৱসায়িক ৰিয়েলিটি শ্ব' শ্বাৰ্ক টেংক ইণ্ডিয়াৰ অন্যতম প্ৰধান বিনিয়োগকাৰী আৰু বিচাৰক।৩২৩৩

২০২২ চনত শ্বাৰ্ক টেংক ইণ্ডিয়াৰ আন বিচাৰকসকলৰ সৈতে সিঙে হু ৱাণ্টছ টু বি এ মিলিয়নাৰ?ৰ হিন্দী সংস্কৰণ কৌন বানেগা কোৰপতিত ভিআইপি প্ৰতিযোগী হিচাপে উপস্থিত হয়।৩৪ একে বছৰতে শ্বাৰ্ক টেংক ইণ্ডিয়াৰ অন্যান্য বিচাৰকৰ সৈতে একেলগে দ্য কপিল শৰ্মা শ্ব'ত অতিথি হিচাপেও অভিনয় কৰিছিল।৩৫৩৬

ব্যক্তিগত জীৱন

২০১১ চনত বিনীতা সিঙে কৌশিক মুখাৰ্জীৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ দুজন পুত্ৰ সন্তান জন্ম হয়।৩৭ আই আই এম আহমেদাবাদত পঢ়াৰ সময়ত কৌশিকক লগ পাইছিল।

সিং এজন ট্ৰাইএথলীট আৰু আল্ট্ৰামাৰাথন দৌৰবিদ আৰু তেওঁ ২০টা মাৰাথন, আল্ট্ৰামাৰাথন আৰু ১২টা হাফ-মাৰাথনত অংশগ্ৰহণ কৰিছে।৩৮২০১২ চনৰ পৰা ২০১৪ চনলৈকে ৮৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ কমৰেডছ মাৰাথনত অংশগ্ৰহণ কৰিছিল।৩৯২০১৭ চনত অষ্ট্ৰিয়াত অনুষ্ঠিত হোৱা আইৰনমেন ট্ৰাইএথলন সম্পূৰ্ণ কৰিছিল।৪০ ২০১৮ চনৰ মুম্বাই মাৰাথনত ৬ মাহৰ গৰ্ভৱতী অৱস্থাত ২:৪২:৫১ ছেকেণ্ডত মুঠ ২১ কিলোমিটাৰ দৌৰিছিল।৪১

তথ্যসূত্ৰ

  1. ↑ "Hardest Part Is.." Shark Tank India's Vineeta Singh On Death Reports. NDTV.com
  2. ↑ Kapoor, Eetika. (25 January 2023). Early Life. Business Insider
  3. ↑ Meghani, Varsha. (23 November 2021). Vineeta Singh: Sugar Cosmetics, and the passion for the impossible. Forbes India
  4. ↑ (19 December 2021). Vineeta Singh Sugar Cosmetics CEO The Next Judge of Shark Tank India. SharkTank.co.in
  5. ↑ Pandey, Shree; Sundararajan, Shrikant; Shashin, Shibani. (2022). The IITM Nexus. Notion Press. ISBN 978-1-68563-906-8
  6. ↑ Oberoi, Pragatti. (18 August 2022). How to become a CEO? Vineeta Singh guides on the role of mathematics, IITs, IIMs and the skills needed. TimesNow
  7. ↑ Bagchi, Shrabonti. (21 May 2021). Vineeta Singh: On a SUGAR high. Mint
  8. ↑ Ghosh, Sutrishna. (22 April 2020). The IIM Alumnus Who Turned Down a Rs 1 Cr Job to Launch a Rs.100 Cr Cosmetics Empire.. Yahoo
  9. ↑ (29 December 2006). Two IIM-A grads shun Rs 1-cr offer. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  10. ↑ No to crore-a-year to make lingerie. The Telegraph (India)
  11. ↑ Angels dare to fly: Indian women are getting into entrepreneurial roles. The Economic Times
  12. ↑ (12 April 2022). The Sweet and Bitter Story of Sugar Cosmetic Founder: Vineeta Singh. startup insider
  13. ↑ Vineeta Singh: Sugar Cosmetics, And The Passion For The Impossible. Forbes India
  14. ↑ Punj, Shwweta. (26 December 2021). Vineeta Singh: Sweet success.. India Today
  15. ↑ As CEO, my job is to get out of their way. BBC News
  16. ↑ Kandavel, Sangeetha. (31 May 2022). SUGAR Cosmetics closes $50 million in series D fundraise. দ্য হিন্দু
  17. ↑ Bhushan, Ratna. (3 September 2022). Actor Ranveer Singh invests in Sugar Cosmetics. The Economic Times
  18. ↑ Verma Ambwani, Meenakshi. (3 September 2022). Ranveer Singh invests in SUGAR Cosmetics. Business Line
  19. ↑ Carvalho, Brian. (22 November 2021). Forbes India W-Power 2021: Role models who will inspire a generation. Forbes India("Editor's Note" including image of cover showing Singh)
  20. ↑ (13 November 2022). Issue for 13 November 2022. Business Today(Shows cover of 13 November 2022 print issue which features and names Singh)
  21. ↑ (17 December 2022). Sugar Rush ("Image of cover showing Singh and teaser to the corrosponding cover story)
  22. ↑ Singh, Rajiv. (9 September 2021). Sugar cosmetics: Lips don't lie. Forbes India
  23. ↑ Verma Ambwani, Meenakshi. (13 October 2023). Kareena Kapoor Khan becomes co-owner of Vineeta Singh's Quench Botanics. Business Line
  24. ↑ Bhandari, Kabir Singh. (14 June 2022). Shark Tank India's Vineeta Singh Has Amazing Stamina And Fitness. This Is Her Secret. Entrepreneur
  25. ↑ Joshi, Chaitrali; Ramani, Vyom. (4 May 2023). How Vineeta Singh's cosmetics startup is revolutionising the beauty industry. ET Edge Insights
  26. ↑ (12 November 2021). 17th IMAGES Retail Awards honours excellence in the business of retail. India Retailing
  27. ↑ Anis, Fakeha. (24 June 2024). Shark Tank India's Vineeta Singh reveals TWO major tips to deal with entrepreneurship stress; know HERE. PINKVILLA
  28. ↑ (29 March 2023). MPW 2022 honours Ghazal Alagh, Roshni Nadar, Vineeta Singh and other star performers in business. Business Today
  29. ↑ (3 March 2023). DNA Women Achievers Awards 2023: Vineeta Singh wins in Startup category. DNA India
  30. ↑ (17 April 2023). BT's Most Powerful Women in Business awards: Celebrating success. Business Today
  31. ↑ (17 April 2023). BT's Most Powerful Women in Business awards: Celebrating success. Business Today
  32. ↑ Farzeen, Sana. (17 January 2023). Sugar's Vineeta Singh on how Shark Tank India changed her life: "My kids ask, why people want a photo with you.". The Indian Express
  33. ↑ Panjari, Swagata; Salve, Priyanka. What makes Sharks take the bait? Vineeta Singh, Namita Thapar share the idea USP that attracts. The Economic Times
  34. ↑ (29 December 2022). KBC: Here's how Vineeta Singh, Aman Gupta, Anupam Mittal pitched for themselves to grab the hotseat. হিন্দুস্তান টাইমছ
  35. ↑ (26 May 2022). The Kapil Sharma Show S2- Sharks - Massive Contributors To Country's GDP -Ep 225-Full EP-30 Jan 2022. The Kapil Sharma Show
  36. ↑ (29 January 2022). Kapil Sharma asks Shark Tank's Vineeta Singh about lipstick marks on husband's shirt, he has a funny response. হিন্দুস্তান টাইমছ
  37. ↑ Srivastava, Arushi. (18 April 2022). Shark Tank India: From an athlete to business leader under 40, lesser-known facts about Vineeta Singh. Pinkvilla
  38. ↑ S, Vidya. (25 September 2021). Run, Vineeta, Run. Business Today
  39. ↑ Singh Bhandari, Kabir. (14 June 2022). Shark Tank India's Vineeta Singh Has Amazing Stamina And Fitness. Entrepreneur
  40. ↑ Ganesan Ram, Sharmila. (22 October 2017). Powai power couple on losing friends and becoming 'Iron Man'. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  41. ↑ Iyer, Sundari. (22 January 2018). Woman runs 21 km while being six months pregnant. Mid-day

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিনীতা সিং” প্ৰবন্ধৰ সংশোধন ৬৩৬১০৩ (১৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।