অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

বাৰগাৰ্ল

বাৰগাৰ্ল হৈছে এগৰাকী নাৰী যাক বাৰৰ গ্ৰাহক সকলৰ ব্যক্তিগত সেৱাৰ বাবে বা প্ৰদৰ্শক হিচাপে মনোৰঞ্জনৰ বিনিময়ত মূল্য পৰিশোধ কৰা হয়। মনোৰঞ্জনৰ সঠিক প্ৰকৃতি ঠাই ভেদে ব্যাপকভাৱে পৃথক হোৱা দেখা যায়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৫০৩ শব্দ · ৩ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

বাৰগাৰ্ল হৈছে এগৰাকী নাৰী যাক বাৰৰ গ্ৰাহক সকলৰ ব্যক্তিগত সেৱাৰ বাবে বা প্ৰদৰ্শক হিচাপে মনোৰঞ্জনৰ বিনিময়ত মূল্য পৰিশোধ কৰা হয়। মনোৰঞ্জনৰ সঠিক প্ৰকৃতি ঠাই ভেদে ব্যাপকভাৱে পৃথক হোৱা দেখা যায়। স্থানৰ ওপৰত নিৰ্ভৰ কৰি এই সেৱা তৰল কথোপকথনৰ পৰা আৰম্ভ কৰি যৌন সংগম, তথা ব্যক্তিগত মনোৰঞ্জনৰ বাবে গ'-গ' নৃত্য বা ষ্ট্ৰিপটিজ আদি হ'ব পাৰে। এই বাৰগাৰ্ল শব্দটোৰ বিভিন্ন প্ৰকাৰৰ ভিতৰত আছে "বি-গাৰ্ল", "হোষ্টেছ", "জ্যুচি গাৰ্ল", আৰু "গেষ্ট ৰিলেচন অফিচাৰ"।

এইধৰণৰ বাৰৰ প্ৰকাৰ সমূহৰ ভিতৰত আছে অতিথি সেবক বাৰ যি সমূহ পূব এছিয়াত বেছিকৈ দেখা যায়, গ' গ' বাৰ, বিয়েৰ বাৰ, ভাৰতৰ দৰে ঠাইৰ ডান্স বাৰ আদি। বাৰমেইডৰ সৈতে এই বাৰগাৰ্ল একেই নহয়। বাৰমেইড সকল কেৱল পানীয় পৰিবেশনৰ সৈতে জড়িত। তেওঁলোকৰ পৰা কোনোধৰণৰ যৌন সেৱাৰ আশা কৰা নহয়। সেয়ে বিভিন্ন বাৰত অতিৰিক্ত বাৰগাৰ্ল ৰখা হয় যি গ্ৰাহকক মনোৰঞ্জনৰ লগতে যৌন সেৱা প্ৰদান কৰে।

মনোৰঞ্জনৰ প্ৰকাৰ

গ্ৰাহকসকলক ব্যক্তিগতভাৱে মনোৰঞ্জন দিয়াৰ উপৰিও, বাৰগাৰ্লসকলে স্থান বিশেষে যেনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষ্ট্ৰিপ ক্লাব আৰু এছিয়াৰ গ'-গ' বাৰ আদিৰ মঞ্চত নৃত্য কৰে। বাৰগাৰ্লসকলে প্ৰায়ে নৃত্যৰ বাবে পোছাক হিচাপে বিকিনি বা অন্যান্য শৰীৰ উন্মোচিত পোছাক পিন্ধে। কোনো কোনোৱে আংশিক বা সম্পূৰ্ণ নগ্ন ৰূপটো নৃত্য প্ৰদৰ্শন কৰে।

পৰিশোধৰ পদ্ধতি

বাৰগাৰ্ল সকলে প্ৰায়ে তেওঁলোকৰ গ্ৰাহকৰ দ্বাৰা ক্ৰয় কৰা পানীয়ৰ ওপৰত কমিছন লাভ কৰে।১ য'ত প্ৰযোজ্য হয়, তেওঁলোকক বাৰৰ পৰা বাহিৰলৈ নিব বিচৰা যিকোনো গ্ৰাহকে পৰিশোধ কৰা এছক'ৰ্ট মাচুল বা বাৰ ফাইনৰ নিৰ্ধাৰিত অংশ প্ৰদান কৰা হয়। আন ক্ষেত্ৰত, তেওঁলোকৰ পানীয় বা বাৰ ফাইনৰ বা দুয়োটাৰ বাবদ পৰিশোধিয় এক কিস্তি অংশ থাকিব পাৰে।

এছিয়াৰ বৰগাৰ্ল পতিতা বৃত্তি

এছিয়াত বাৰগাৰ্লসকলে পতিতা হিচাপে কাম কৰাটো এক সাধাৰণ প্ৰথা। দক্ষিণ কোৰিয়াত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক ঘাটিসমূহৰ গেটৰ ওচৰত থকা "জ্যুচি বাৰ" বোৰে সৈনিকসকলৰ বাবে পতিতা সেৱা প্ৰদান কৰে।২

জাপানত ১৯৮১ চনত প্ৰব্ৰজনকাৰী ফিলিপিনা মহিলাসকলক জাপানী নাইটক্লাবত কাম কৰিবলৈ অনুমতি প্ৰদানৰ বাবে এক "মনোৰঞ্জনকাৰী ভিছা" প্ৰৱৰ্তন কৰা হৈছিল। এই মনোৰঞ্জনৰ ভিতৰত ষ্ট্ৰিপ শ্ব'ত নৃত্য কৰা, পুৰুষ গ্ৰাহকৰ সৈতে মিলামিছা কৰা, আৰু কোনো কোনো ক্ষেত্ৰত পতিতাবৃত্তি অন্তৰ্ভুক্ত আছিল।৩

বাৰগাৰ্লসকলে পতিতা হিচাপে কাম কৰা বাৰ সমূহৰ, আৰ্হিবোৰ ব্যাপকভাৱে পৃথক পৃথক হোৱা দেখা যায়। কিছুমানে এটা দিনত যিমান সম্ভৱ সিমান গ্ৰাহক ৰাখিব বিচাৰে; এই মহিলাসকলে সাধাৰণতে কেৱল "কম সময়ৰ" গ্ৰাহক লয়। আন কিছুমানে নিৰ্বাচিত গ্ৰাহক আৰু প্ৰতিদিনে কেৱল এজন গ্ৰাহকক হে সেৱা প্ৰদান কৰে, দীৰ্ঘম্যাদী গ্ৰাহক হিচাপে এৰাতিৰ বাবে বা কেইদিনমানৰ বাবেও গ্ৰাহকক সেৱা প্ৰদান কৰে।

আইনী ব্যৱস্থা

এখন পোষ্টাৰ য'ত জোৱান সকলক বাৰফাইন ক্ৰয়ৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়া হৈছে।
এখন পোষ্টাৰ য'ত জোৱান সকলক বাৰফাইন ক্ৰয়ৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়া হৈছে।ছবি: ThreeAnswers at English Wikipedia · Public domain

কিছুমান দেশত পতিতাবৃত্তিক এক গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰা হয়; ফিলিপাইনছত ইয়াক ২০০৩ চনৰ ব্যক্তি সৰবৰাহ-বিৰোধী আইনৰ অধীনত সামৰি লোৱা হৈছে।৪ থাইলেণ্ড আৰু আন বহুতো দেশত য'ত বাৰ ফাইন বেশ্যাবৃত্তি সচৰাচৰ প্ৰচলিত, তেনে ঠাইবোৰত কাৰিকৰীভাৱে এই সেৱা অবৈধ যদিও বহুক্ষেত্ৰত উপেক্ষা কৰা হয়।৫

ইউনিফৰ্ম ক'ড অফ মিলিটাৰী জাষ্টিছে আমেৰিকান সামৰিক কৰ্মীসকলক বাৰ জৰিমনা ক্ৰয় কৰাত বাধা দিয়ে, যিটো পতিতাৰ সেৱা ক্ৰয় কৰাৰ সমান বুলি বিবেচিত এক অপৰাধ।

বাৰ ফাইন

"বাৰ ফাইন" হৈছে গ্ৰাহকে বাৰ এখনৰ অপাৰেটৰসকলক কৰা পৰিশোধ যি এজন নৃত্যশিল্পী, হোষ্টেছ বা সেই বাৰৰ আন কোনো কৰ্মচাৰীক সোনকালে কাম এৰি গ্ৰাহকৰ সৈতে বাহিৰলৈ যাবলৈ অনুমতি দিয়ে বাৰ ফাইন সাধাৰণতে বাৰগাৰ্লৰ অনুপস্থিতিত বাৰ কৰ্তৃপক্ষই হেৰুওৱাব লগীয়া উপাৰ্জনৰ সলনি ৰখা হয়, কিন্তু কিছুমান ডাঙৰ বাৰ চেইনত বাৰগাৰ্লে বাৰ ফাইনৰ এটা অংশ লাভ কৰে, যাৰ বেছিভাগ বাৰগাৰ্লৰ বাবে এছটিডি আৰু এইচ.আই.ভি. পৰীক্ষাৰ বাবে পৰিশোধ কৰিবলৈ ব্যৱহাৰ কৰা হয়।৬ যদিও ই সৰ্বজনীন নহয়, এই প্ৰথা সাধাৰণতে বিদেশীসকলক সেৱা প্ৰদানকৰা স্থানসমূহৰ সৈতে সম্পৰ্কিত - বিশেষকৈ দক্ষিণ-পূব এছিয়াৰ দেশ যেনে থাইলেণ্ড৭৮৫ আৰু ফিলিপাইন আদিত এনে সেৱা প্ৰচলিত।৯

তথ্যসূত্ৰ

  1. ↑ (1994). Random House Historical Dictionary of American Slang. পৃ. 139. ISBN 978-0394544274
  2. ↑ Jon Rabiroff; Hwang Hae-Rym. (9 September 2009). 'Juicy bars' said to be havens for prostitution aimed at U.S. military. Stars and Stripes
  3. ↑ Wee, Lionel; Goh, Robbie B. H.; Lim, Lisa. (2013). The Politics of English: South Asia, Southeast Asia and the Asia Pacific. John Benjamins Publishing. পৃ. 219. ISBN 9789027228352
  4. ↑ Republic Act 9208. Chan Robles Virtual Law Library. Retrieved 26 December 2013
  5. ↑ Askew, Marc. Bangkok: Place, practice and representation. Chapter 9: Sex workers in Bangkok - Refashioning female identities in the global pleasure space. Pacificdiscovery.org
  6. ↑ Steinfatt, Thomas M. (2002). Working at the Bar: Sex Work and Health Communication in Thailand. Greenwood Publishing Group. পৃ. 35. ISBN 9781567505672
  7. ↑ Internet Archive copy of Stickman's guide to Naughty Nightlife in Bangkok
  8. ↑ How Bars Work. pattayanewbie.com
  9. ↑ (2012-12-31). Sex is on sale in Angeles City, Philippines. rockitreports.com

সম্পৰ্কিত শ্ৰেণী

পেচা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাৰগাৰ্ল” প্ৰবন্ধৰ সংশোধন ৩৮২০৫৫ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।