বাল্য নিকেতন অসমৰ যোৰহাট জিলাৰ টীয়ক বিধান সভা সমষ্টিৰ অন্তৰ্গত কাকজান অঞ্চলৰ এখন শিক্ষানুষ্ঠান। শিক্ষানুষ্ঠানখন বেচৰকাৰী খণ্ডৰ। স্থানীয় ৰাইজৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠানখনে টীয়কৰ শিক্ষাখণ্ডলৈ বৰঙণি আগবঢ়াইছে। এই বিদ্যালয়ত প্ৰাক্ প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চ মাধ্যমিক (দশম শ্ৰেণী) পৰ্যায়লৈকে শিক্ষা প্ৰদান কৰা হয়। অসম মাধ্যমিক শিক্ষা সংসদৰ অধীনস্থ শিক্ষানুষ্ঠানটোৰ পৰা প্ৰতি বছৰেই ১০০% ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাৰ লগতে ২০২১ বৰ্ষলৈকে তিনিজন ছাত্ৰ-ছাত্ৰীয়ে অসমৰ ভিতৰতে স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাল্য নিকেতন” প্ৰবন্ধৰ সংশোধন ৩০৬১৯৫ (১৪ নৱেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।