বালি আৰ্টছ ফেষ্টিভেল Bali Arts Festival (ইণ্ডোনেছিয়ান ভাষা: পেষ্টা কেচেনিয়ান বালি; বালিনী: ᬧᬾᬲ᭄ᬢᬓᬾᬲᬾᬦᬶᬬᬦ᭄ᬩᬮᬶ) বা পিকেবি(PKB) হৈছে ইণ্ডোনেছিয়াৰ বালিত প্ৰতি বছৰে আয়োজিত হৈ অহা বাৰ্ষিক কলা উৎসৱ, যি উৎসৱে বালিন শিল্প আৰু সংস্কৃতিক উদযাপন, সংৰক্ষণ আৰু বিকাশত অৰিহনা যোগাই আহিছে।১ ১৯৭৯ চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা ই ইণ্ডোনেছিয়াৰ আটাইতকৈ দীৰ্ঘদিনীয়া কলা উৎসৱত পৰিণত হৈছে।২৩এই উৎসৱ সাধাৰণতে ইণ্ডোনেছিয়াৰ বালি দ্বীপৰ ডেনপাছৰৰ বজৰা সন্ধি স্মৃতিসৌধৰ চৌহদত বৰ্ণিল উদ্বোধনী পেৰেডেৰে আৰম্ভ হয়। এমাহজোৰা এই অনুষ্ঠানটো ইয়াৰ মূল স্থান ডেনপাছৰৰ তমন ৱেৰ্ধি বুদয়া কলা কেন্দ্ৰত চলি থাকে। এই মহোৎসৱত পৰম্পৰাগত বালিন শিল্পীসকলে দৈনিক অনুষ্ঠান পৰিৱেশন কৰাৰ উপৰিও, ইণ্ডোনেছিয়াৰ অন্যান্য অংশ আৰু অন্যান্য দেশৰ কলা-কুশলীসকলেও দৈনিক পৰিবেশন কৰে।৪৫ এই উৎসৱত বিভিন্ন সংস্কৃতিক প্ৰতিযোগিতা, আলোচনা চক্ৰ আৰু শিল্প, হস্তশিল্প আৰু প্ৰামাণিক বালিন খাদ্যৰ প্ৰদৰ্শনীও অনুষ্ঠিত হয়।৬৭
ইতিহাস
১৯৭৯ চনত ইডা বাগছ মন্ত্ৰৰ গৱৰ্ণৰ পদত থকাৰ সময়ত বালিৰ পৰম্পৰাগত সংস্কৃতিৰ প্ৰচাৰ আৰু ইয়াক প্ৰচলিত কৰি ৰখাৰ মহান উদ্দেশ্য আগত ৰাখি এই উৎসৱ অনুস্থিত কৰা হৈছিল।
বালি কলা মহোৎসৱৰ মূল আয়োজক নিয়ন্ত্ৰণ হৈছে "বালি কলা মহোৎসৱ সম্পৰ্কীয় ১৯৮৬ চনৰ সপ্তম বালি প্ৰদেশৰ আঞ্চলিক নিয়ন্ত্ৰণ" সংস্থাৰ দ্বাৰা।
প্ৰথম বালি কলা মহোৎসৱ ১৯৭৯ চনৰ ২০ জুনৰ পৰা ১৯৭৯ চনৰ ২৩ আগষ্টলৈকে প্ৰায় ২ মাহ ধৰি চলিছিল।
বালি কলা উৎসৱৰ উদ্দেশ্য হৈছে বালি সম্প্ৰদায়ৰ কলাত্মক অৱদানসমূহ অন্বেষণ, আৱিষ্কাৰ আৰু প্ৰদৰ্শন কৰিবলৈ মানুহক প্ৰেৰণা যোগোৱা। পিকেবিয়ে প্ৰতি বছৰে বিভিন্ন ধৰণৰ অনন্য আৰু ভিন্ন বিষয়বস্তু আগবঢ়ায়। ২৫তম সংখ্যক বালি আৰ্টছ পাৰ্টিৰ লগত সংগতি ৰাখি বালি আৰ্ট পেষ্টছ আৰু বালিৰ ৰূপালী কলা উৎসৱৰ জুবিলিয়ামতো বালিৰ শিল্প প্ৰদৰ্শন কৰা হয়।
বালি আৰ্টছ পাৰ্টিৰ ইতিহাসত ইয়াক সাধাৰণতে ৰাজ্যৰ উচ্চ পদস্থ বিষয়াসকলে উদ্বোধন কৰিছিল। ১৯৭৯ চনত প্ৰথমবাৰৰ বাবে ‘পেষ্টা কেচেনিয়ান বালি’ (পিকেবি) মুকলি কৰে প্ৰয়াত ইডা বাগুছ মন্ত্ৰই, যি সেই সময়ত বালিৰ প্ৰথম স্তৰৰ মুৰব্বীৰ ৰাজ্যপালৰ লগতে পেষ্টা কেচেনিয়ান বালিৰ প্ৰৱৰ্তক আছিল। ‘পেষ্টা কেচেনিয়ান বালি’ৰ মুকলিৰ বাকী কাম মন্ত্ৰী, উপ-ৰাষ্ট্ৰপতি, ৰাষ্ট্ৰপতি আৰু প্ৰথম মহিলাই কৰিছিল।৮
তথ্যসূত্ৰ
- ↑ Bali Arts Festival opens with flamboyant street parade. The Jakarta Post
- ↑ Bali Arts Festival to Kick Off on Saturday. Jakarta Globe
- ↑ President Joko Widodo to take part in Bali Arts Festival 2017 parade. The Jakarta Post
- ↑ One month-long Bali Arts Festival kicks off with multicultural parade. The Jakarta post
- ↑ Bali Arts Festival: Ensures relevance of island's traditional arts. The Jakarta post
- ↑ Visiting Bali Arts Festival in June? Here's the schedule. The Jakarta post
- ↑ Pesta Kesenian Bali 2019 Akan Banyak Gunakan Ornamen Berbahan Alami. Detik
- ↑ Sejarah Pesta Kesenian Bali
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বালি আৰ্টছ ফেষ্টিভেল” প্ৰবন্ধৰ সংশোধন ৫২৩০৮৫ (১০ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।