বাপচি সিধৱা (بیپسی سدھوا; জন্ম: ১১ আগষ্ট, ১৯৩৮) গুজৰাটী পাৰ্চী জৰ’ৱাষ্ট্ৰিয়ান বংশোদ্ভৱ ১ এগৰাকী এমেৰিকান ঔপন্যাসিক, যি ইংৰাজী ভাষাত লিখে। তেওঁ আমেৰিকা নিবাসী।
বাপচি ইণ্ডো-কানাডিয়ান চলচ্চিত্ৰ নিৰ্মাতা দীপা মেহতাৰ সৈতে তেওঁৰ সহযোগিতামূলক কামৰ বাবে সৰ্বাধিক জনাজাত। চিধৱাই ১৯৯১ চনত আইচ কেণ্ডি মেন উপন্যাসখন লিখিছিল যাৰ আধাৰত ১৯৯৮ চনত মেহতাৰ ‘আৰ্থ’ চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছিল। সেইদৰে সিধৱাৰ ৱাটাৰ উপন্যাসৰ আধাৰত নিৰ্মিত হৈছিল মেহতাৰ ২০০৫ চনৰ চলচ্চিত্ৰ ‘ৱাটাৰ’। "বাপচি: চাইলেন্সচ অৱ মাই লাইফ" নামেৰে চিধৱাৰ জীৱনসম্পৰ্কীয় এখন তথ্যচিত্ৰ নিৰ্মিত হৈছে; তথ্যচিত্ৰখন বৰ্তমান প্ৰযোজনাত আছে আৰু ২০২১ চনতে মুক্তি পাব বুলি আশা কৰা হৈছে।২৩
পৃষ্ঠভূমি
সিধৱা পাৰ্চী জৰ’ৱাষ্ট্ৰিয়ান পিতৃ-মাতৃ পেশ্বোটান আৰু তেহমিনা ভাণ্ডাৰাৰ সন্তান। কৰাচী, বম্বে প্ৰেচিডেন্সীত তেওঁৰ জন্ম হয়। পিছত পৰিয়াল সহিতে তেওঁ লাহোৰ, পঞ্জাৱ প্ৰ'ভিন্সলৈ গুচি যায়। ৪ মাত্ৰ দুবছৰ বয়সতে তেওঁৰ পলিঅ’ হৈছিল আৰু সেই যন্ত্ৰণাই গোটেই জীৱন তেওঁক পীড়া দিছিল। পলিঅ'ত আক্ৰান্ত হোৱাৰ বাবেই তেওঁ পোন্ধৰ বছৰ বয়সলৈকে ঘৰতে শিক্ষা গ্ৰহণ কৰিছিল আৰু বিস্তৃতভাৱে অধ্যয়ন কৰিছিল।। ১৯৪৭ চনৰ ভাৰত বিভাজনৰ সময়ত সিধৱা ন বছৰীয়া আছিল আৰু এই পৰিৱেশে পিছত সিধৱাৰ উপন্যাস ক্ৰেকিং ইণ্ডিয়াৰ লেনি নামৰ চৰিত্ৰটো আৰু ইয়াৰ পৃষ্ঠভূমিক ভাঁজ দিছিল।৫লাহোৰৰ কিন্নায়াৰ্ড মহিলা কলেজৰপৰা ১৯৫৭ চনত তেওঁ কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছিল।
১৯ বছৰ বয়সত তেওঁৰ বিয়া হৈছিল আৰু বিবাহ-বিচ্ছেদৰ আগতে প্ৰায় পাঁচ বছৰ বম্বেত আছিল। তেওঁ বৰ্তমানৰ স্বামী নছিৰৰ সৈতে লাহোৰত পুনৰ বিবাহপাশত আৱদ্ধ হয়। নছিৰো এজন জৰ’ৱাষ্ট্ৰিয়ান। লেখক ৰূপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰাৰ আগতেই সিধৱা তিনিটি সন্তানৰ মাতৃ হৈছিল। তেওঁৰ এজন সন্তানৰ নাম মহোৰ সিধৱা৬, যি এৰিজোনাৰ ৰাজ্যিক প্ৰতিনিধিৰ প্ৰাৰ্থী। ৭
সিধৱা বৰ্তমানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিউষ্টনৰ বাসিন্দা। সিধৱাই নিজকে ‘পঞ্জাৱী-পাৰ্চী’ বুলি কয়। তেওঁৰ প্ৰথম ভাষা গুজৰাটী, দ্বিতীয় ভাষা উৰ্দু আৰু তৃতীয় ভাষা ইংৰাজী।৮৯ তেওঁ ইংৰাজী ভাষাত বেছি ভালকৈ পঢ়া-শুনা আৰু লিখা-মেলা কৰিব পাৰে; কিন্তু কথা-বাৰ্তা পাতোঁতে গুজৰাটী আৰু উৰ্দু ব্যৱহাৰ কৰিবলৈ ভাল পায় আৰু প্ৰায়ে গুজৰাটী বা উৰ্দুৰপৰা ইংৰাজীলৈ আক্ষৰিক অনুবাদ কৰে।৮
শিক্ষকতা
বপচি সিধৱাই আগতে হিউষ্টন বিশ্ববিদ্যালয়, ৰাইচ বিশ্ববিদ্যালয়, কলম্বিয়া বিশ্ববিদ্যালয়, মাউণ্ট হলিয়ক মহাবিদ্যালয় আৰু ব্ৰেণ্ডেইছ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল।
স্বীকৃতি
- ৰেডক্লিফ/হাভাৰ্ডত বাণ্টিং ফেলোশ্বিপ (১৯৮৬)
- ইটালীৰ বেলাগিঅ'ৰ ‘ৰকফেলাৰ ফাউণ্ডেচন চেণ্টাৰ’ত ভিজিটিং স্কলাৰ ( ১৯৯১)
- সিতাৰা-ই-ইমটিয়াজ (১৯৯১, কলাক্ষেত্ৰত প্ৰদান কৰা পাকিস্তানৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান)
- লিলা ৱেলেচ ৰিডাৰ্চ্ ডাইজেষ্ট ৰাইটাৰ্ছ এৱাৰ্ড (১৯৯৪)
- ৱাটাৰ উপন্যাসৰ বাবে বিদেশী লেখকৰ মণ্ডেলো পুৰস্কাৰ (২০০৭)১০
- জৰ’ৱাষ্ট্ৰিয়ান হল অফ ফেমত অন্তৰ্ভুক্ত (২০০০)
নিৰ্বাচিত কৰ্ম
- দেয়াৰ লেংগুৱেজ অৱ ল’ভ (২০১৩, পাকিস্তান)
- জাংগল ৱালা চাহিব (অনুবাদ, উৰ্দু, ২০১২, পাকিস্তান)
- চিটি অৱ চিন এণ্ড স্প্লেণ্ডাৰ(২০০৬, আমেৰিকা যুক্তৰাষ্ট্ৰ)
- ৱাটাৰ (উপন্যাস, ২০০৬, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডা)
- বাপচি সিধৱা অম্নিবাচ (২০০১, পাকিস্তান))
- এন এমেৰিকান ব্ৰত (১৯৯৩, আমেৰিকা যুক্তৰাষ্ট্ৰ; ১৯৯৫, ভাৰত)
- ক্ৰেকিং ইণ্ডিয়া (১৯৯১, আমেৰিকা যুক্তৰাষ্ট্ৰ.; ১৯৯২, ভাৰত; মূলত আইচ কেণ্ডি মেন ৰূপে প্ৰকাশিত, ১৯৮৮, ইংলেণ্ড)
- দ্যা ব্ৰাইড (১৯৮২, ইংলেণ্ড; ১৯৮৩; ১৯৮৪, ভাৰত; পাকিস্তানী ব্ৰাইড ৰূপে প্ৰকাশিত, ১৯৯০ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ২০০৮ আমেৰিকা যুক্তৰাষ্ট্ৰ)
- দ্যা ক্ৰ ইটাৰচ্ (১৯৭৮, পাকিস্তান; ১৯৭৯ আৰু ১৯৮১, ভাৰত; ১৯৮০, ইংলেণ্ড; ১৯৮২, আমেৰিকা যুক্তৰাষ্ট্ৰ)
তথ্যসূত্ৰ
- ↑ Sharma, Pranay. (June 2, 2014). Those Nights In Nairobi. Outlook India
- ↑ Bapsi Sidhwa
- ↑ Explore Their Stories. (২০১৯). Bapsi: Silences of My Life. Explore Their Stories
- ↑ Sharma, Pranay. (June 2, 2014). Those Nights In Nairobi. Outlook India
- ↑ Bapsi Sidhwa. www.litencyc.com
- ↑ Allen, Howard. Worldly Lessons. Tucson Weekly
- ↑ (2012-07-11). Meet Our Candidates: Mohur Sidhwa for State Representative, LD 9. Planned Parenthood Advocates of Arizona
- ↑ Jussawalla, Feroza F.; Dasenbrock, Reed Way. (1992). Interviews with Writers of the Post-colonial World. University Press of Mississippi. পৃ. 214. ISBN 9780878055722
- ↑ Deshmukh, Ajay Sahebrao. (2014). Ethnic Angst: A Comparative Study of Bapsi Sidhwa & Rohinton Mistry. Partridge Publishing. পৃ. 247. ISBN 9781482841534
- ↑ Bapsi Sidhwa wins Italy's Premio Mondello. Milkweed Editions
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাপচি সিধৱা” প্ৰবন্ধৰ সংশোধন ৬৩৭৪৩০ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।