অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বাচ্ছা পোছ

বাচ্ছা পোছ (بچه پوش, আক্ষৰিক অৰ্থত "ল'ৰাৰ পোছাক পিন্ধা") হৈছে আফগানিস্তান আৰু পাকিস্তানৰ কিছু অংশত প্ৰচলিত এক প্ৰথা য'ত পুত্ৰহীন কিছুমান পৰিয়ালে তেওঁলোকৰ এজনী ছোৱালীক ল'ৰাৰ দৰে জীৱন যাপন কৰিবলৈ আৰু ল'ৰাৰ দৰে আচৰণ কৰিবলৈ নিৰ্বাচন কৰে।

হালনাগাদ: ৪ মাৰ্চ ২০২২ ৩৬২ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

বাচ্ছা পোছ (بچه پوش, আক্ষৰিক অৰ্থত "ল'ৰাৰ পোছাক পিন্ধা") হৈছে আফগানিস্তান আৰু পাকিস্তানৰ কিছু অংশত প্ৰচলিত এক প্ৰথা য'ত পুত্ৰহীন কিছুমান পৰিয়ালে তেওঁলোকৰ এজনী ছোৱালীক ল'ৰাৰ দৰে জীৱন যাপন কৰিবলৈ আৰু ল'ৰাৰ দৰে আচৰণ কৰিবলৈ নিৰ্বাচন কৰে। এই প্ৰথা অনুসৰি নিৰ্বাচিত কন্যা সন্তান গৰাকীয়ে এইদৰেই ল'ৰাৰ দৰে মুক্তভাৱে আচৰণ কৰিব লাগিব, যেনেঃ বিদ্যালয়লৈ যোৱা, নিজৰ ভগ্নীক সুৰক্ষা দিয়া আৰু সামাজিক কাম আদিত অংশগ্ৰহণ কৰা আদি।

উৎপত্তি

আনুমানিক এক শতিকাৰ আগৰ বুলি নথিভুক্ত হৈছে যদিও এই প্ৰথাটি অধিক পুৰণি হোৱাৰ সম্ভাৱনা আছে, আৰু ই আজিও প্ৰচলিত।১ যুদ্ধৰ সময়ছোৱাত মহিলাসকলে যুঁজিবলৈ, বা সুৰক্ষাৰ হেতু নিজকে পুৰুষবুলি প্ৰৱঞ্চনা কৰিছিল আৰু এনেকৈয়ে এই প্ৰথাৰ আৰম্ভ হোৱা বুলি অনুমান কৰা হয়।২

বুৰঞ্জীবিদ নেন্সি ডুপ্ৰিয়ে দ্য নিউয়ৰ্ক টাইমছৰ এজন সাংবাদিকক কৈছিল যে তেওঁ ১৯০০ ৰ দশকৰ আৰম্ভণিৰ হাবিবুল্লা হনৰ শাসনকালৰ এখন আলোকচিত্ৰ দেখিছিল য'ত পুৰুষৰ পোছাক পৰিধান কৰা মহিলাসকলে ৰজাৰ হাৰেম ৰক্ষা কৰিছিল। আনুষ্ঠানিকভাৱে, এই হৰেম মহিলা বা পুৰুষৰ দ্বাৰা সুৰক্ষিত কৰিব নোৱাৰি বুলি ৰীতি প্ৰচলিত। তেওঁ কৈছিল, "পৃথক্কৰণ সৃষ্টিশীলতাৰ বাবে আৱশ্যক," "এই লোকসকলৰ আশ্চৰ্যজনক ভাৱে পৰিস্থিতিৰ মোকাবিলা কৰাৰ ক্ষমতা আছে।" ৩

অৱলোকন

আফগানিস্তানত পৰিয়ালবোৰৰ বাবে পৰিয়ালৰ নাম কঢ়িয়াই লৈ যাবলৈ আৰু পিতৃৰ সম্পত্তিৰ উত্তৰাধিকাৰী হ'বলৈ পুত্ৰ এজন থকাটো একপ্ৰকাৰৰ সামাজিক চাপ স্বৰূপ। পুত্ৰৰ অনুপস্থিতিত, পৰিয়ালবোৰে তেওঁলোকৰ এজনী ছোৱালীক পুৰুষ হিচাপে পোছাক পিন্ধখব পাৰে, কোনো কোনোৱে বিশ্বাস কৰে যে বাচ্ছা পোছ থাকিলে পৰৱৰ্তী গৰ্ভধাৰণত এগৰাকী মাতৃয়ে পুত্ৰ সন্তান জন্ম দিয়াৰ সম্ভাৱনা অধিক হ'য়।৩

ল'ৰা হিচাপে বাস কৰা ছোৱালী এজনীয়ে পুৰুষৰ বিশেষ পোছাক পিন্ধিব লগা হোৱাৰ উপৰি, চুলি চুটি কৰি কাটিব লাগে,৪ তথা পুৰুষৰ নাম ব্যৱহাৰ কৰিব লগা হয়।৫ তেওঁৰ পৰিয়ালত, তেওঁ এক মধ্যৱৰ্তী মৰ্যাদা লাভ কৰিব য'ত তেওঁক কন্যা বা সম্পূৰ্ণৰূপে পুত্ৰ হিচাপে গ্ৰহণ কৰা নহয়, কিন্তু তেওঁ আন ছোৱালীৰ দৰে ৰান্ধিব বা যিকোনো ধোৱা-পখলা কাম কৰাৰ প্ৰয়োজন নহয়। বাচ্ছা পোছ হিচাপে, ছোৱালী এজনীয়ে অধিক সহজে বিদ্যালয়ত পঢ়িবলৈ, কাম-কাজ চলাবলৈ, ৰাজহুৱাভাৱে মুক্তভাৱে চলাচল কৰিবলৈ, ভগ্নীসকলক সামাজিক ভাৱে সুৰক্ষা দিবলৈ বা ক্ৰীড়া আদিত অংশগ্ৰহণ কৰিব লগাত পৰে।৩

প্ৰচলন আৰু গ্ৰহণযোগ্যতা

বাচ্ছা পোছৰ সাংস্কৃতিক প্ৰথা মূলতঃ মধ্য প্ৰাচ্যৰ বাহিৰত প্ৰচাৰ কৰা হোৱা নাছিল। গোলকীয় পৃথিৱীত বাচ্ছা পোছ প্ৰথা আৰু সমাজত তেওঁলোকৰ ভূমিকা লাহে লাহে প্ৰকাশ হৈছে।৬ এই প্ৰথাৰ কিছু গোপনীয় প্ৰকৃতিৰ বাবে এই প্ৰথা বৰ্তাই ৰখা পৰিয়ালৰ পৰিসংখ্যা গম পোৱা নাযায়। অধিক গোপনীয়ভাবে কেৱল মুখ্য পৰিয়াল, পাৰিবাৰিক বন্ধুবৰ্গ, আৰু প্ৰয়োজনীয় স্বাস্থ্য আৰু শিক্ষা বিষয়াসকলেহে বাচ্ছা পোছৰ জৈৱিক যৌনতা জানে। মুখ্যতঃ সমাজে এই প্ৰথা সহ্য আৰু স্বীকাৰ কৰে, আৰু উত্তৰাধিকাৰী বা সমমৰ্যাদাৰ পুৰুষ ব্যক্তি অবিহনে তেওঁলোকক এক ব্যৱহাৰিক সমাধান হিচাপে গণ্য কৰে। অৱশ্যে এই প্ৰথাক মহিলাৰ বিৰুদ্ধে উৎপীড়ন বুলিও গণ্য কৰা হ'ব পাৰে। এই গোপনীয়তা ভংগ হ'লে সামাজিক ভাৱে এনে শিশু এজন এলজিবিটি সম্পৰ্কীয় ইছলামিক অপবাদৰ বলি হ'ব লগাও হয়।৭

তথ্যসূত্ৰ

  1. ↑ Ford, Cheryl Waiters, with Darnella. (October 2011). Blood, sweat, and high heels: a memoir. iUniverse. পৃ. 9. ISBN 978-1462054961
  2. ↑ Shah, Mudassar. (August 24, 2012). Boys no more. Nepali Times
  3. ↑ Nordberg, Jenny. "Where Boys Are Prized, Girls Live the Part", The New York Times, September 20, 2010. Accessed September 20, 2010
  4. ↑ Tahir Qadiry. (March 27, 2012). The Afghan girls who live as boys. BBC News
  5. ↑ Arbabzadah, Nushin. (November 30, 2011). Girls will be boys in Afghanistan. Guardian
  6. ↑ Warcholak, Natasha. (30 May 2012). Cross dressing in quest for education. Guardian
  7. ↑ Nordberg, Jenny. Where Girls Will be Boys. The (ON)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাচ্ছা পোছ” প্ৰবন্ধৰ সংশোধন ৩১৫৭৭৭ (৪ মাৰ্চ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।