বগদ খান উল জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল (Bogd Khan Uul Biosphere Reserve) হৈছে মংগোলিয়াৰ ৰাজধানী চহৰ, উলানবাটৰৰ দক্ষিণ দিশত অৱস্থিত এখন প্ৰকৃতি সংৰক্ষিত বনাঞ্চল। ই খেণ্টি পৰ্বতমালা অঞ্চলৰ অন্তৰ্গত, ফৰেষ্ট ষ্টেপ জ'নৰ দক্ষিণ অংশত অৱস্থিত। ই বগদ খান পৰ্বতৰ অন্তৰ্ভুক্ত আৰু ১৯৯৬ চনত ইউনেস্কোৰ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হিচাপে মনোনীত হৈছিল। ইয়াক বিশ্বৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান বুলি দাবী কৰা হয়।
বিৱৰণ


বগদ খান উল জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ মুঠ মাটিকালি ৬৭,৩০০ হেক্টৰ (২৬০ বৰ্গমাইল)। ইয়াৰ উচ্চতাৰ পৰিসৰ সমুদ্ৰপৃষ্ঠৰ পৰা ১,৩১০ৰ পৰা ২,২৭০ মিটাৰ (৪,৩০০ আৰু ৭,৪৫০ ফুট)ৰ ভিতৰত। ইয়াৰ মূল এলেকা প্ৰায় ৪১,৬৫১ হেক্টৰ (১৬০.৮২ বৰ্গমাইল) যাক বাফাৰ জ’ন আৰু কিছুমান পৰিৱৰ্তনশীল অঞ্চলে আৱৰি ৰাখিছে। বগদ খান পৰ্বতৰ উত্তৰ ঢালবোৰ ঘন শংকুসদৃশ অৰণ্যৰে আবৃত হোৱাৰ বিপৰীতে দক্ষিণ দিশটো কেৱল উদং শিলেৰে আবৃত।১
ইতিহাস
প্ৰায় ত্ৰয়োদশ শতিকাৰ পৰাই বগদ খান পৰ্বতত পৰিৱেশ সুৰক্ষামূলক কাম-কাজ আৰম্ভ হৈছিল। সেই সময়ত কেৰাইত বংশৰ শাসক, তুৰিল খানে বগদ খান এটি পবিত্ৰ পৰ্বত বুলি দাবী কৰি তাত খৰি কটা আৰু বন্যপ্ৰাণী চিকাৰ নিষিদ্ধ কৰিছিল।১ তেতিয়াৰ পৰাই স্থানীয় লোকসকলে এই পাহাৰটোক পূজা কৰিবলৈ লয় আৰু তেওঁলোক কেতিয়াও পাহাৰটোত চিকাৰো কৰা নাছিল আৰু খৰি সংগ্ৰহো নাছিল। ১৭৭৮ চনত, বৰ্তমানৰ উলান-বাটৰৰ, মংগোলীয় গৱৰ্ণৰে কিয়ানলং সম্ৰাটৰ ওচৰত আবেদন জনাই বছৰি দুবাৰকৈ মাউণ্ট বগদ খান উলৰ বাবে উৎসৰ্গিত বাৰ্ষিক সমাৰোহ পাতিবলৈ অনুমোদন জনায়। আঠ দিনৰ পিছত তেওঁলোকে বছৰি দুবাৰকৈ সমাৰোহৰ আয়োজন কৰিবলৈ অনুমতি পায়।২ ১৭৮৩ চনত, কিং বংশৰ স্থানীয় চৰকাৰে বগদ খানক ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে সংৰক্ষিত স্থান বুলি ঘোষণা কৰে, যাৰ ফলত ই বিশ্বৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান হিচাপে পৰিগণিত হয়।৩৪
১৯৯৬ চনত ইউনেস্ক’ই বগদ খান উলক জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰে।১ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ লক্ষ্য হৈছে "বহনক্ষম উন্নয়নৰ পদ্ধতি বিকশিত কৰা আৰু কাৰ্যকৰী কৰা" আৰু পৰিৱেশ সংৰক্ষণৰ সৈতে স্থানীয় সম্প্ৰদায়ৰ প্ৰয়োজনীয়তাক একত্ৰিত কৰি "পৰিৱেশ আৰু সাংস্কৃতিক বৈচিত্ৰ্য"ক উৎসাহিত কৰা।৫ মূল অঞ্চলটো কঠোৰভাৱে সুৰক্ষিত। বাফাৰ জ’নটো ভাল পৰিৱেশগত পদ্ধতিৰ সৈতে সামঞ্জস্যপূৰ্ণ কাৰ্য্যকলাপৰ বাবে ব্যৱহাৰ কৰা হয় আৰু পৰিৱৰ্তনশীল জ’নে পৰিৱেশগতভাৱে বহনক্ষম কাৰ্য্যকলাপ কৰিবলৈ অনুমতি দিয়ে।৬
উদ্ভিদকুল আৰু প্ৰাণীকুল
সংৰক্ষিত বনাঞ্চলখনত ঘাঁহনি, তৈগা উদ্ভিদ, আলপাইন তুন্দ্ৰা আৰু উদং শিলকে ধৰি বিভিন্ন প্ৰকাৰৰ আবাসস্থল আছে। কিছুমান অঞ্চলত লাৰ্চ (Larix sibirica), বাৰ্চ (Betula spp.), "পিনাছ চিবিৰিকা" ("চিডাৰ", সাধাৰণ ৰুছ নাম) (Pinus spp.), সৰল (Pinus spp.) আৰু পপলাৰ (Populus spp.)ৰ দৰে উদ্ভিদো পোৱা যায়। এনেদৰে অৰণ্যখনত মিশ্ৰিতভাৱে বহু উদ্ভিদ আছে।১
সংৰক্ষিত বনাঞ্চলখনৰ কিছুমান আটাইতকৈ বিপন্ন স্তন্যপায়ী প্ৰাণীসমূহৰ ভিতৰত, কস্তুৰী মৃগ (Moschus moschiferus), ৰ’ হৰিণ (Capreolus capreolus), চেবল (Martes zibellina) আৰু আৰ্কটিক শহাপহু (Lepus timidus) আদি উল্লেখযোগ্য।১
তথ্যসূত্ৰ
- ↑ Boghd Khan Uul. Man and the Biosphere Programme. UNESCO
- ↑ Documents on worshipping Khan Uul. Mongolian Governmental Implementing Agency
- ↑ Bonnett, Alastair. (2015). The Geography of Nostalgia: Global and Local Perspectives on Modernity and Loss. Routledge. পৃ. 68. ISBN 978-1-134-68616-2
- ↑ Gunin, P.D.; Vostokova, Elizabeth A.; Dorofeyuk, Nadezhda I. (2013). Vegetation Dynamics of Mongolia. Springer Science & Business Media. পৃ. 188. ISBN 978-94-015-9143-0
- ↑ World Network of Biosphere Reserves. Ecological Sciences for Sustainable Development. UNESCO
- ↑ MAB leaflet 2015. UNESCO
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বগদ খান উল জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল” প্ৰবন্ধৰ সংশোধন ৪৫৫৭৭১ (১৬ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।