অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

ফ'বছ (উপগ্ৰহ)

ফ'বছ (ইংৰাজী: Phobos) মঙ্গল গ্ৰহৰ দুয়োটা প্ৰাকৃতিক উপগ্ৰহৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ ভিতৰৰ উপগ্ৰহ। মঙ্গলৰ আনটো উপগ্ৰহৰ নাম ডিমছ। ১১ কিলোমিটাৰ (৭ মিটাৰ) গড় ব্যাসাৰ্ধৰ এই উপগ্ৰহটোৱে মঙ্গলৰ চাৰিওফালে এপাক ঘূৰিবলৈ ৭ ঘণ্টা ৩৯.২ মিনিট সময় লয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১১২ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ফ'বছ (ইংৰাজী ভাষা: Phobos) মঙ্গল গ্ৰহৰ দুয়োটা প্ৰাকৃতিক উপগ্ৰহৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ ভিতৰৰ উপগ্ৰহ।১ মঙ্গলৰ আনটো উপগ্ৰহৰ নাম ডিমছ। ১১ কিলোমিটাৰ (৭ মিটাৰ) গড় ব্যাসাৰ্ধৰ এই উপগ্ৰহটোৱে মঙ্গলৰ চাৰিওফালে এপাক ঘূৰিবলৈ ৭ ঘণ্টা ৩৯.২ মিনিট সময় লয়।২ ফ’বছ মঙ্গলৰ পৰা ৬,০০০ কিলোমিটাৰ (৩,৭০০ মিটাৰ) দূৰত্বত অৱস্থিত। গ্ৰীক দেৱতা ফ'বছৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে। গ্ৰীক উপাখ্যানৰ মতে ফ’বছ ডিমছৰ যমজ ভাতৃ আৰু ইয়াৰ অৰ্থ ‘ভয়’।৩

আৱিষ্কাৰ

১৮৭৭ চনৰ ১৮ আগষ্ট তাৰিখে প্ৰায় ০৯:১৪ (জি.এম.টি.) বজাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত অৱস্থিত আমেৰিকা যুক্তৰাষ্ট্ৰ নৌসেনা মানমন্দিৰত আমেৰিকান জ্যোতিৰ্বিজ্ঞানী এছাফ হলে ফ'বছ আৱিষ্কাৰ কৰিছিল। উল্লেখযোগ্য যে ফ’বছ আৱিষ্কাৰ কৰাৰ কিছুদিন আগতেই অৰ্থাৎ ১২ আগষ্ট তাৰিখে প্ৰায় ০৭:৪৮ (ইউ.টি.চি.) বজাত হলে মঙ্গলৰ আনটো উপগ্ৰহ ডিমছ আৱিষ্কাৰ কৰিছিল।৪৫৬৭

তথ্যসূত্ৰ

  1. ↑ Mar's moon Phobos. NASA
  2. ↑ (30 September 2003). Mars: Moons: Phobos. NASA Solar System Exploration
  3. ↑ Blunck, Jürgen. (2009). Solar System Moons: Discovery and Mythology. Springer. পৃ. 5. ISBN 978-3-540-68852-5
  4. ↑ Hall, A.; Observations of the Satellites of Mars, Astronomische Nachrichten, Vol. 91, No. 2161 (17 October 1877, signed 21 September 1877) pp. 11/12–13/14
  5. ↑ Morley, T. A.; A Catalogue of Ground-Based Astrometric Observations of the Martian Satellites, 1877–1982, Astronomy and Astrophysics Supplement Series, Vol. 77, No. 2 (February 1989), pp. 209–226 (Table II, p. 220: first observation of Deimos on 1877-08-12.32526)
  6. ↑ Notes: The Satellites of Mars, The Observatory, Vol. 1, No. 6 (20 September 1877), pp. 181–185
  7. ↑ The Discovery of the Satellites of Mars, Monthly Notices of the Royal Astronomical Society, Vol. 38, No. 4, (8 February 1878), pp. 205–209

সম্পৰ্কিত শ্ৰেণী

প্ৰাকৃতিক উপগ্ৰহসৌৰজগত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফ'বছ (উপগ্ৰহ)” প্ৰবন্ধৰ সংশোধন ৬৩১০৯৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।