অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফিডেল কাষ্ট্ৰ'

ফিডেল আলেসাণ্ড্ৰ' কাষ্ট্ৰ' ৰুছ, যি ফিডেল কাষ্ট্ৰ (Fidel Castro; আগষ্ট ১৩, ১৯২৬ - নৱেম্বৰ ২৫, ২০১৬) নামেৰে জনপ্ৰিয়, আছিল এগৰাকী কিউবান ৰাজনীতিবিদ আৰু বিপ্লৱী। তেওঁ প্ৰধানমন্ত্ৰী হিচাপে ১৯৫৯ৰপৰা ১৯৭৬লৈ আৰু ৰাষ্ট্ৰপতি হিচাপে ১৯৭৬ৰপৰা ২০০৮লৈ কিউবা গণৰাজ্য শাসন কৰিছিল।

হালনাগাদ: ১১ জুন ২০২১ ৪৭৫ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ফিডেল আলেসাণ্ড্ৰ' কাষ্ট্ৰ' ৰুছ১, যি ফিডেল কাষ্ট্ৰ (Fidel Castro; আগষ্ট ১৩, ১৯২৬২ - নৱেম্বৰ ২৫, ২০১৬) নামেৰে জনপ্ৰিয়, আছিল এগৰাকী কিউবান ৰাজনীতিবিদ আৰু বিপ্লৱী। তেওঁ প্ৰধানমন্ত্ৰী হিচাপে ১৯৫৯ৰপৰা ১৯৭৬লৈ আৰু ৰাষ্ট্ৰপতি হিচাপে ১৯৭৬ৰপৰা ২০০৮লৈ কিউবা গণৰাজ্য শাসন কৰিছিল। ৰাজনৈতিকভাৱে তেওঁ এজন মাৰ্ক্সবাদী-লেনিনবাদী আৰু কিউবান জাতীয়তাবাদী। তেখেত কমিউনিষ্ট পাৰ্টি অৱ কিউবাৰ প্ৰথম চেক্ৰেটেৰী আছিল ১৯৬১ৰপৰা ২০১১লৈ। তেখেতৰ শাসনত কিউবা এক-পাৰ্টি সমাজবাদী ৰাজ্য হ'ল, উদ্যোগ আৰু বাণিজ্য ৰাষ্ট্ৰীয়কৃত কৰা হ'ল, আৰু সমাজত ৰাজ্য সমাজবাদী সংস্কাৰ অনা হ'ল।

জীৱন আৰু শাসন

বিৰাণত এগৰাকী ধনী কৃষকৰ পুত্ৰ হিচাপে জন্ম গ্ৰহণ কৰা ফিডেলে হাভানা বিশ্ববিদ্যালয়ত আইনী শিক্ষা গ্ৰহণ কৰাৰ পাছত বাম্পন্থী সাম্ৰাজ্যবাদ-বিৰোধী ৰাজনীতিলৈ মন মেলিলে। ডমিনিকান গণৰাজ্য আৰু কলোম্বিয়াত সোপন্থী চৰকাৰৰ বিৰুদ্ধে সংগ্ৰামত অংশ লোৱাৰ৩ পাছত তেও কিউবাৰ ৰাষ্ট্ৰপতি ফুলগেনকিঅ' বাটিষ্টাক ক্ষমতাৰপৰা নমোৱাৰ প্ৰয়াস কৰিলে। পিচে ১৯৫৩ত মনকাডা বাৰাক্সত সংঘটিত এই আক্ৰমণ বিফল হ'ল। এবছৰ কাৰাবাস খাটি তেও মেক্সিক' গ'ল আৰু তাত নিজৰ ভাতৃ ৰাউল কাষ্ট্ৰ' আৰু চে গেভাৰাৰ সৈতে টুৱেণ্টি চিক্সথ অৱ জুলাই মুভমেণ্ট নামৰ এক বিপ্লৱী গোট গঠন কৰিলে। কিউবালৈ উভতি আহি কাষ্ট্ৰ'ই কিউবান বিপ্লৱত গেৰিলা যুদ্ধৰ নেতৃত্ব বহন কৰি অগ্ৰণী ভূমিকা পালন কৰিলে। চিয়েৰা মেষ্ট্ৰাৰ বাটিষ্টাৰ বাহিনীক পৰাস্ত কৰি কাষ্ট্ৰ' কিউবাৰ প্ৰধানমন্ত্ৰী হৈ কিউবাৰ ৰাজনৈতিক আৰু সামৰিক শক্তিৰ গৰাকী হ'ল।৪ আমেৰিকা যুক্তৰাষ্ট্ৰই কাষ্ট্ৰ'ৰ ছ'ভিয়েট সংঘৰ সৈতে ভাল সম্পৰ্কৰ বিৰোধিতা কৰি অসফলভাৱে কাষ্ট্ৰ'ক হত্যা কৰি, অৰ্থনৈতিক বাধা আৰোপ কৰি আৰু বিপৰীত বিপ্লৱেৰে ১৯৬১ৰ বে' অৱ পিগছ দখলৰ দৰে কাণ্ডৰে ফিডেলক ক্ষমতাৰ পৰা অপসাৰিত কৰিব বিচাৰিলে।৫৬৭ এই প্ৰচেষ্টাসমূহৰ বিৰোধ কৰি কাষ্ট্ৰ'ই ছ'ভিয়েট সংঘৰ লগত সম্পৰ্ক ভাল ৰাখি ছ'ভিয়েট সংঘক ১৯৬২ত কিউবাত পৰমাণৱিক অস্ত্ৰ স্থাপন কৰাৰ অনুমতি প্ৰদান কৰিলে। ই কিউবান মিছাইল ক্ৰাইছিছত ৰূপান্তৰিত হ'ল, যি শীতল যুদ্ধৰ এক অতিকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত ঘটনা।৮৯

আন্তৰ্জাতিক ৰাজনীতিত

মাৰ্ক্সবাদী-লেনিনবাদী চিন্তাধাৰাত বিশ্বাসী কাষ্ট্ৰ'ই কিউবাক এক এক-দলীয় সমাজবাদী ৰাজ্যলৈ ৰূপান্তৰিত কৰিলে, যি পশ্চিমীয়া গোলকাৰ্দ্ধত এনে প্ৰথম ৰাজ্য হ'ল। কেন্দ্ৰীয় অৰ্থনৈতিক পৰিকল্পনা, স্বাস্থ্য আৰু শিক্ষাৰ প্ৰসাৰৰ দৰে কেইবাটাও সংস্কাৰ অনা হ'ল। পিচে সংবাদ মাধ্যমত বাধা আহি পৰিল আৰু আন্তৰিক বিৰোধ দমাই দিয়া হ'ল। বিদেশত, কাষ্ট্ৰ'ই সাম্ৰাজ্যবাদ-বিৰোধী বিপ্লৱী দলসমূহক সমৰ্থন কৰিছিল, সহায় কৰিছিল ছিলি, নিকাৰাগুৱা আৰু গ্ৰেণাডাত মাৰ্ক্সবাদী চৰকাৰ গঠন কৰিবলৈ আৰু বন্ধু ৰাষ্ট্ৰসমূহক য়ম কিপ্পুৰ যুদ্ধ, এথিয়'-চ'মালি যুদ্ধ আৰু এংগ'লান যুদ্ধত সহায় কৰিছিল। এই কৰ্মৰাজীৰ লগতে জোট-ইৰপেক্ষ আন্দোলনত ফিডেল কাষ্ট্ৰ'ৰ নেতৃত্বৰ১০ বাবে কিউবাই আৰু কিউবাৰ নেতাই বিকাশশীল বিশ্বত বিশেষ আদৰ লাভ কৰিবলৈ ধৰিলে। ১৯৯১ত ছ'ভিয়েট সংঘ ভংগ হোৱাৰ পাছত কাষ্ট্ৰ'ই কিউবাক নিজৰ "বিশেষ কাল" বা "স্পেচিয়েল পিৰিয়দ"লৈ নিলে, প্ৰকৃতিবাদী আৰু বিশায়ন বিৰোধী চিন্তাধাৰাৰে। ২০০০ৰ দশকত তেওঁ লেটিন আমেৰিকাত বিভিন্ন বাম্পন্থী মিত্ৰতা কৰিলে, বিশেষকৈ উল্লেখনীয় হুগ' ছেভেজৰ নেজুৱেলাৰ সৈতে, আৰু বলিভাৰিয়ান এলায়েঞ্চ ফৰ দ্য আমেৰিকাজ স্বাক্ষৰ কৰিলে।১১ কিউবা পিংক টাইদৰ সময়ত এনে মিত্ৰ হ'ল। ২০০৬ত তেওঁ নিজৰ দায়িত্ব উপ-ৰাষ্ট্ৰপতি ৰাউল কাষ্ট্ৰ'ক অৰ্পণ কৰিলে যিয়ে ২০০৮ চনত আনুষ্ঠানিক ভাৱে ৰাষ্ট্ৰপতিত্ব গ্ৰহণ কৰিলে।

প্ৰভাৱ

কাষ্ট্ৰ'ক সমৰ্থক সকলে সমাজবাদ, সাম্ৰাজ্যবাদ বিৰোধ আৰু মানৱীয়তাবাদৰ বিজেতাৰ ৰূপত চাই, যাৰ বিপ্লৱে কিউবাক আমেৰীকী সাম্ৰাজ্যবাদৰপৰা ৰক্ষা কৰিলে। তাৰ বিপৰীতে সমালোচকসকলে তেওঁক এগৰাকী একনায়ক হিচাপে চায় যাৰ শাসনে মানৱাধিকাৰ উলংঘন, দেশখনৰ অৰ্থনৈতিক পতন আৰু যি এক নিযুততকৈ অধিক কিউবানৰ দেশত্যাগৰ কাৰণ। কেইবাটাও আন্তৰ্জাতিক সন্মান, বটাৰে সন্মানিত১২ ফিডেল কাষ্ট্ৰ'ই নিজৰ লেখা আৰু কৰ্মৰে সমগ্ৰ বিশ্বতেই ৰাজনীতিক প্ৰভাৱিত কৰিলে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Bourne 1986, pp. 14–15; Quirk 1993, pp. 7–8; Coltman 2003, pp. 1–2; Castro & Ramonet 2009, pp. 24–29
  2. ↑ Bourne 1986, p. 14; Coltman 2003, p. 3; Castro & Ramonet 2009, pp. 23–24
  3. ↑ Bourne 1986, pp. 40–41; Quirk 1993, p. 23; Coltman 2003, p. 31
  4. ↑ Bourne 1986, p. 164; Coltman 2003, p. 144
  5. ↑ Bourne 1986, p. 173; Quirk 1993, p. 228
  6. ↑ Bourne 1986, pp. 215–216; Quirk 1993, pp. 353–354, 365–366; Coltman 2003, p. 178
  7. ↑ Bourne 1986, pp. 217–220; Quirk 1993, pp. 363–367; Coltman 2003, pp. 178–179
  8. ↑ Coltman 2003, pp. 192–194
  9. ↑ Coltman 2003, p. 194
  10. ↑ Bourne 1986, pp. 283–284; Quirk 1993, pp. 718–719; Coltman 2003, p. 239
  11. ↑ Wilpert 2007, p. 162; Azicri 2009, p. 100
  12. ↑ Wilpert 2007, p. 162; Azicri 2009, p. 100

সম্পৰ্কিত শ্ৰেণী

কিউবাৰ ব্যক্তিৰাজনীতিবিদসাম্যবাদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফিডেল কাষ্ট্ৰ'” প্ৰবন্ধৰ সংশোধন ২৮১৭৩৭ (১১ জুন ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।