অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফাৰখুণ্ডা জাহৰা নাদেৰী

ফাৰখুণ্ডা জাহৰা নাদেৰী(Farkhunda Zahra Naderi) এগৰাকী আফগান ৰাজনীতিবিদ আৰু নাৰী অধিকাৰ কৰ্মী। আব্দুল্লা আব্দুল্লাৰ অধ্যক্ষতাত আফগানিস্তানৰ হাই কাউন্সিল ফৰ নেশ্যনেল ৰিকনচিলিয়েচনৰ সদস্য হিচাপে তেওঁ কাম কৰি আহিছে।

হালনাগাদ: ১২ ছেপ্তেম্বৰ ২০২৫ ১৮৬ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ফাৰখুণ্ডা জাহৰা নাদেৰী(Farkhunda Zahra Naderi) এগৰাকী আফগান ৰাজনীতিবিদ আৰু নাৰী অধিকাৰ কৰ্মী। আব্দুল্লা আব্দুল্লাৰ অধ্যক্ষতাত আফগানিস্তানৰ হাই কাউন্সিল ফৰ নেশ্যনেল ৰিকনচিলিয়েচনৰ সদস্য হিচাপে তেওঁ কাম কৰি আহিছে। ইয়াৰ পূৰ্বে তেওঁ ৰাষ্ট্ৰসংঘৰ পৰিক্ৰমাত ৰাষ্ট্ৰপতি আশ্ৰফ ঘানীৰ জ্যেষ্ঠ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১ ইয়াৰ আগতে তেওঁ ২০১০–২০১৫ চনলৈকে সংসদৰ সদস্য (ৱোলেছি জিৰাগ/আফগান সংসদৰ নিম্ন সদন) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।২৩

ফাৰখুণ্ডা জাহৰা নাদেৰী ২০১২ চনৰ এনপিচ বঁটা প্ৰাপক,৪ আৰু ৱাইজিএলৰ স্নাতক।

১৯৮১ চনৰ ১৯ এপ্ৰিলত কাবুলত নাদেৰীৰ জন্ম হৈছিল।৫তেওঁ আফগানিস্তানৰ কায়ানৰ (ইছমাইলী হাজাৰাছ সম্প্ৰদায়ৰ নেতা) ৬ বৰ্তমানৰ ছায়েদ ছায়েদ মনছুৰ নাদেৰীৰ কন্যা।৭

নাদেৰীয়ে বাঘলান আৰু কাবুল প্ৰদেশৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত পঢ়িছিল আৰু ২০০১ চনত লণ্ডনৰ হেৰঅ' কলেজত পঢ়ি স্নাতক ডিগ্ৰী লাভ কৰে।৮তাছকেণ্টৰ ৱেষ্টমিনিষ্টাৰ আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ত আইন অধ্যয়ন কৰি ২০০৭ চনত একেখন বিশ্ববিদ্যালয়ৰ পৰা তেওঁ বি.এ-এল.বি ডিগ্ৰী লাভ কৰে।৯

২০১২ চনৰ এন-পিচ এৱাৰ্ডৰ বাবে ইউএনডিপিয়ে তেওঁক মনোনীত কৰিছিল। ইলেক্ট্ৰনিক ভোটিং ব্যৱস্থাৰ জৰিয়তে তেওঁ এই বঁটা লাভ কৰে।১০ নাদেৰীয়ে এগৰাকী মহিলা আফগান সংসদ সদস্য মাছুৱাদা কাৰোখীক মনোনীত কৰি তেওঁৰ হৈ প্ৰচাৰ চলাইছিল। তাৰ পিছত ২০১৩ চনত সাংসদ কৰোখীয়ে এন-পিছ বঁটা লাভ কৰে।১১

ফাৰখুণ্ডা জাহৰা নাদেৰী আছিল আফগানিস্তানৰ একমাত্ৰ মহিলা প্ৰতিনিধি যিয়ে ২০১০ আৰু ২০১২ চনত পেৰিছত একেৰাহে তিনিটা বেচৰকাৰী চাণ্টিলি সন্মিলনত অংশগ্ৰহণ কৰিছিল।১২১৩

তথ্যসূত্ৰ

  1. ↑ (15 December 2016). FZN Appointed senior advistor to president
  2. ↑ Afghanistan Wolesi Jirga
  3. ↑ About Farkhunda Zahra Naderi in 2010 Election
  4. ↑ 2012 NPeace Award
  5. ↑ Her Date of Birth
  6. ↑ Ismailis of Afghanistan - by Mumtaz Ali Tajjdin - Ismailis
  7. ↑ Family Background
  8. ↑ Education-School
  9. ↑ Education-University
  10. ↑ FZN won 2012 N-Peace award
  11. ↑ Zada, Ahmad Shah Ghani. (31 July 2013). 2013 N-Peace Award. The Khaama Press News Agency
  12. ↑ Paris Peace Chantilly Conference
  13. ↑ Paris Conf-Chantilly

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাৰখুণ্ডা জাহৰা নাদেৰী” প্ৰবন্ধৰ সংশোধন ৫৩৮৩৩৭ (১২ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।