অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফাতিমাথ ছাইদ

ফাতিমাথ ছাইদ (ইংৰাজী: Fathimath Saeed; ১৭ মাৰ্চ ১৯১৬ – ১৯৯০) মালদ্বীপৰ এগৰাকী কবি আৰু লেখিকা আছিল। তেওঁ মালদ্বীপৰ প্ৰথমগৰাকী 'ফাৰ্ষ্ট লেডী' হিচাপে ১৯৫৩ চনৰ জানুৱাৰীৰ পৰা আগষ্টলৈকে সেৱা আগবঢ়াইছিল। তেওঁ ৰাষ্ট্ৰপতি মহম্মদ আমিন দিদিৰ পত্নী আছিল।

হালনাগাদ: ৬ মাৰ্চ ২০২৬ ২৩৫ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ফাতিমাথ ছাইদ (ইংৰাজী ভাষা: Fathimath Saeed; ১৭ মাৰ্চ ১৯১৬ – ১৯৯০) মালদ্বীপৰ এগৰাকী কবি আৰু লেখিকা আছিল। তেওঁ মালদ্বীপৰ প্ৰথমগৰাকী 'ফাৰ্ষ্ট লেডী' হিচাপে ১৯৫৩ চনৰ জানুৱাৰীৰ পৰা আগষ্টলৈকে সেৱা আগবঢ়াইছিল। তেওঁ ৰাষ্ট্ৰপতি মহম্মদ আমিন দিদিৰ পত্নী আছিল। একে সময়তে তেওঁ ১৯৫১ চনৰ এপ্ৰিলৰ পৰা ১৯৫৩ চনৰ আগষ্টলৈ মালদ্বীপৰ প্ৰধানমন্ত্ৰীৰ পত্নী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

ছাইদৰ জন্ম ফুৰা মালেত হৈছিল। তেওঁৰ পিতৃ হুছেইন ছালাহুদ্দিন মালদ্বীপৰ তৎকালীন এটৰ্নী জেনেৰেল আৰু এজন প্ৰসিদ্ধ কবি আছিল। কম বয়সতে তেওঁ আমিনৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ তিনিটা সন্তানৰ ভিতৰত কেৱল কন্যা আমিনা মহম্মদ আমিনহে জীৱিত আছিল। ১৯৫৪ চনত চৰকাৰ উৎখাত কৰিবলৈ কৰা এক আক্ৰমণত আঘাতপ্ৰাপ্ত হৈ আমিনৰ মৃত্যু হয়।

কবিতাৰ ক্ষেত্ৰত ছাইদ মালদ্বীপৰ অন্যতম শ্ৰেষ্ঠ মহিলা কবি আছিল। তেওঁক মালদ্বীপৰ কবিতাৰ জগতৰ 'বগা বৰষুণ লিলি' (white rain lily) বুলি অভিহিত কৰা হৈছিল।

প্ৰাৰম্ভিক জীৱন

ফাতিমাথ ছাইদৰ জন্ম ১৯১৬ চনৰ ১৭ মাৰ্চত হৈছিল। তেওঁৰ পিতৃ হুছেইন ছালাহুদ্দিন আৰু মাতৃ টুটু গোমা। এজন প্ৰসিদ্ধ কবিৰ পৰিয়ালত জন্মগ্ৰহণ কৰা ছাইদ আছিল প্ৰভাৱশালী কবি ইব্ৰাহিম শ্বিহাব, আদনান হুছেইন আৰু মৰিয়ম ছাইদৰ জ্যেষ্ঠ ভগ্নী। মৰিয়ম ছাইদ আছিল মালদ্বীপৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম নাছিৰৰ দ্বিতীয় পত্নী।১

বিবাহ আৰু সন্তান

ছাইদ আৰু মহম্মদ আমিন দিদি ১৯৩০ চনত বিবাহপাশত আৱদ্ধ হয় আৰু তেওঁলোকৰ তিনিটা সন্তান জন্ম হয়।২ তেওঁলোকৰ প্ৰথম দুটা পুত্ৰ সন্তান শৈশৱতে মৃত্যু হয়। তৃতীয় সন্তান আমিনা মহম্মদ আমিন ২০২০ চনলৈকে জীৱিত আছিল।

কবিতা কেৰিয়াৰ

মালদ্বীপৰ ইতিহাসত ফাতিমাথ ছাইদ এগৰাকী অতি প্ৰভাৱশালী মহিলা কবি হিচাপে পৰিচিত। ২০২২ চনত মালদ্বীপৰ কবি দিৱস ফাতিমাথ ছাইদৰ স্মৃতিত উদযাপন কৰা হৈছিল।৩

বঁটা আৰু সন্মান

  • ১৯৮২: মালদ্বীপৰ কবিতাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ৰাজহুৱা সেৱা বঁটা (সন্মানীয়)।৪

তথ্যসূত্ৰ

  1. ↑ (28 April 2018). Tributes pour in for celebrated poet Mariyam Saeed. Maldives Independent
  2. ↑ Zalif, Zunana. (6 May 2020). Late president Amin Didi's only daughter and last surviving child passes away at 85. Raajje TV
  3. ↑ Muhsin, Nasma Abdul. (11 June 2021). https://adhadhu.com/article/12902. Adhadhu
  4. ↑ https://presidency.gov.mv/NationalAwards/Winner/1472. The President's Office

সম্পৰ্কিত শ্ৰেণী

মালদ্বীপকবিলেখিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাতিমাথ ছাইদ” প্ৰবন্ধৰ সংশোধন ৫৮৫৩৩৪ (৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।