আলবেনিয়াৰ ব্যক্তি
১০ প্ৰবন্ধ
-
অল্গা প্লাম্বি
অলগা প্লাম্বি ( Ollga Plumbi), জন্ম: ১৮৯৮ চন আৰু মৃত্যু: ১৯৮৪ চন, এগৰাকী আলবেনিয়ান নাৰীবাদী, কৰ্মী আৰু ৰাজনীতিবিদ আছিল। ১৯৪৫ চনত আলবেনিয়াৰ সংসদৰ ডেপুটি হিচাপেও তেওঁ নিৰ্বাচিত হৈছিল আৰু আলবেনিয়াৰ প্ৰথম নাৰীবাদী দলৰ ভিতৰত অন্যতম হিচাপে পৰিচিত হৈছিল।
-
ইভা মুৰাটী
ইভা মুৰাটী (ইংৰাজী: Eva Murati; জন্ম: ২৫ মে' ১৯৯৫) এগৰাকী আলবেনিয়ান ক্ৰীড়া সাংবাদিক, মডেল আৰু অভিনেত্ৰী। ১৫ বছৰ বয়সৰপৰাই কেৰিয়াৰ আৰম্ভ কৰা ইভাই বিজ্ঞাপন আৰু মডেলিঙৰ জৰিয়তে আলবেনিয়াৰ মনোৰঞ্জন জগতত পৰিচিত হৈ পৰে।
-
উৰাণী ৰুম্বো
উৰাণী ৰুম্বো ( Urani Rumbo; ২০ জানুৱাৰী ১৮৯৫ – ২৬ মাৰ্চ ১৯৩৬) এগৰাকী আলবেনিয়ান নাৰীবাদী, শিক্ষয়িত্ৰী আৰু নাট্যকাৰ আছিল। তেওঁ আলবেনিয়াৰ মহিলাৰ অধিকাৰৰ প্ৰসাৰৰ বাবে বিভিন্ন সংস্থা প্ৰতিষ্ঠা কৰিছিল, ইয়াৰে আটাইতকৈ গুৰুত্বপূৰ্ণ সংগঠন আছিল আলবেনিয়াৰ প্ৰথম বিশিষ্ট নাৰীবাদী সংগঠনসমূহৰ ভিতৰত অন্যতম…
-
চিণ্ডি মেৰিনা
চিণ্ডি মেৰিনা (ইংৰাজী: Cindy Marina; জন্ম: ১৮ জুলাই ১৯৯৮) এগৰাকী আলবেনিয়ান-আমেৰিকান টেলিভিছন পৰিচালিকা, মডেল, প্ৰাক্তন ভলীবল খেলুৱৈ আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী, যিয়ে মিছ ইউনিভাৰ্ছ আলবেনিয়া ২০১৯ৰ মুকুট পিন্ধিছিল।
-
ট্ৰেইচি চেইজডিনি
ট্ৰেইচি চেইজডিনি (ইংৰাজী: Trejsi Sejdini; জন্ম: ৩০ মে', ২০০০) আৰু মিছ ইউনিভাৰ্ছ ২০১৮-ত আলবেনিয়াক প্ৰতিনিধিত্ব কৰিছিল। নিজৰ মাতৃভাষা আলবেনীয়ৰ উপৰি তেওঁ ইটালীয়, ফৰাচী আৰু ইংৰাজী—এই তিনিটা বিদেশী ভাষা ক’ব পাৰে।
-
ড্ৰিটা জিৰি
ড্ৰিটা জিৰি (ইংৰাজী: Drita Ziri; জন্ম: ২৬ মে' ২০০৫) এগৰাকী আলবেনীয় সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ আৰ্থ ২০২৩-ৰ খিতাপ অৰ্জন কৰিছিল। তেওঁ মিছ আৰ্থৰ খিতাপ জয় কৰা আৰু চাৰিখন বৃহৎ সৌন্দৰ্য প্ৰতিযোগিতাৰ ভিতৰত যিকোনো এখনত জয়ী হোৱা প্ৰথমগৰাকী আলবেনীয়।
-
পৰস্কেভি কিৰিয়াজী
পৰস্কেভি কিৰিয়াজী (Parashqevi Qiriazi) জন্ম: ২৭ মে' ১৮৮৬ আৰু মহিলা সংস্থা Yll' i Mengjesit ৰ প্ৰতিষ্ঠাপক আছিল। পৰস্কেভি ১৯১৯ চনৰ পেৰিছ শান্তি সন্মিলনত আলবেনিয়ান-আমেৰিকান সম্প্ৰদায়ৰ সদস্য হিচাপেও অংশগ্ৰহণ কৰিছিল।
-
ফাটবাৰ্ধা গেগা
ফাটবাৰ্ধা গেগা (Fatbardha Gega, ১৯১৯–১৯৯৯) আছিল এগৰাকী আলবেনিয়ান শিক্ষাবিদ, আৰু আলবেনিয়াত বিংশ শতিকাৰ দ্বিতীয়াৰ্ধত আলবেনিয়ান শিক্ষাবিজ্ঞান আৰু মানসিক চিন্তাৰ অন্যতম পৰিচিত শিক্ষাবিদ।
-
ফ্ল’ৰিয়ানা গাৰো
ফ্ল’ৰিয়ানা গাৰো (Floriana Garo; জন্ম: ১৫ ফেব্ৰুৱাৰী ১৯৮৭) এগৰাকী আলবেনিয়ান টেলিভিছন পৰিৱেশিকা, ৰাজনৈতিক মুখপাত্ৰ আৰু প্ৰাক্তন মিছ আলবেনিয়া। তেওঁ ২০১২ চনৰ মিছ ৱৰ্ল্ড সৌন্দৰ্য প্ৰতিযোগিতাত আলবেনিয়াক প্ৰতিনিধিত্ব কৰিছিল।
-
সেৱাষ্টি কিৰিয়াজী
সেৱাষ্টি কিৰিয়াজী-ডাকো (Sevasti Qiriazi) (আনুমানিক ১৮৭১–১৯৪৯) এগৰাকী আলবেনিয়ান দেশপ্ৰেমিক, শিক্ষাবিদ, প্ৰটেষ্টেণ্ট মিছনেৰী, লেখিকা, আলবেনিয়ান মহিলা শিক্ষাৰ পথ প্ৰদৰ্শক আৰু আলবেনিয়ান ৰাষ্ট্ৰীয় জাগৰণৰ কৰ্মী আছিল।