অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প'ল ৱেছলি

পাৱেল টমাছ ৱাচিলেভস্কি (Paweł Tomasz Wasilewski, জন্ম: ২৩ জুলাই, ১৯৮২), যিয়ে তেওঁৰ মঞ্চ নাম প'ল ৱেছলি হিচাপে অধিক পৰিচিত, এগৰাকী আমেৰিকান অভিনেতা আৰু চলচ্চিত্ৰ পৰিচালক।

হালনাগাদ: ১২ আগষ্ট ২০২৬ ১,০০৬ শব্দ · ৬ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

পাৱেল টমাছ ৱাচিলেভস্কি (Paweł Tomasz Wasilewski, জন্ম: ২৩ জুলাই, ১৯৮২),১ যিয়ে তেওঁৰ মঞ্চ নাম প'ল ৱেছলি হিচাপে অধিক পৰিচিত, এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেতা আৰু চলচ্চিত্ৰ পৰিচালক।২ তেওঁ দ্য ভেম্পায়াৰ ডায়েৰীজ (২০০৯–২০১৭) ধাৰাবাহিকত ষ্টিফান ছালভাৰেটৰে আৰু ষ্টাৰ ট্ৰেক: ষ্ট্ৰেঞ্জ নিউ ৱৰ্ল্ডছ (২০২২–বৰ্তমান)ত জেমছ টি. কাৰ্কৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত।৩

২০০৩ চনত ৱেছলিয়ে ছুপাৰহিৰো ধাৰাবাহিক স্মলভিলত লেক্স লুথৰৰ সৰু ভাইেক লুকাছ লুথৰৰ চৰিত্ৰতো অভিনয় কৰিছিল।

প্ৰাৰম্ভিক জীৱন

ৱেছলিৰ জন্ম হৈছিল ১৯৮২ চনৰ ২৩ জুলাইত নিউ জাৰ্চিৰ নিউ ব্ৰান্সৱিকত। তেওঁৰ জন্মৰ নাম আছিল পাৱেল টমাছ ৱাচিলেভস্কি আৰু পিতৃ-মাতৃ আছিল পোলেণ্ডৰ এগ্নিচকা আৰু টমাছ ৱাচিলেভস্কি। তেওঁ নিউ জাৰ্চিৰ মাৰ্লব’ৰ’ টাউনশ্বিপত ডাঙৰ-দীঘল হৈছিল। তেওঁৰ মনিকা ইমাৰা নামৰ এগৰাকী ডাঙৰ ভগ্নী আৰু লেয়া আৰু জুলিয়া নামৰ দুগৰাকী সৰু ভগ্নী আছে।৪ ইংৰাজীৰ উপৰি তেওঁ পোলিছ ভাষা ক'ব পাৰে, কিয়নো তেওঁ ১৬ বছৰ বয়সলৈকে প্ৰতি বছৰে চাৰি মাহ পোলেণ্ডত কটাইছিল।৫ তেওঁ উল্লেখ কৰিছে যে তেওঁৰ "৪০% ইহুদী" ঐতিহ্য আছে।৬৭

ৱেছলিয়ে নিউ জাৰ্চিৰ লিংক্ৰফ্টত থকা খ্ৰীষ্টান ব্ৰাদাৰ্ছ একাডেমী আৰু হাইস্কুলৰ এটা সময়ছোৱাত মাৰ্লব’ৰ’ হাইস্কুলত অধ্যয়ন কৰিছিল। তেওঁ নিউয়ৰ্ক চহৰত থিয়েটাৰৰ শিক্ষা আৰম্ভ কৰে আৰু মাৰ্লব’ৰ’ হাইস্কুলৰপৰা নিউ জাৰ্চিৰ হাৱেলত অৱস্থিত লেকউড প্ৰিপেৰেটৰী স্কুললৈ স্থানান্তৰিত হয়, কিয়নো এই বিদ্যালয়খনে তেওঁৰ অভিনয়ৰ সময়সূচীৰ সৈতে উন্নত ধৰণে থাকিব পাৰিছিল। হাইস্কুলৰ জুনিয়ৰ বৰ্ষত তেওঁ চাবোন অপা গাইডিং লাইট-ত মেক্স নিকাৰছন নামৰ চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পায়।৪৮

তেওঁ নিউ জাৰ্চিৰ ৰাটগাৰ্ছ বিশ্ববিদ্যালয়ত মহাবিদ্যালয়ৰ পঢ়া-শুনা আৰম্ভ কৰিছিল, কিন্তু এটা ষাণ্মাসিকৰ পিছতেই তাক ত্যাগ কৰে কিয়নো তেওঁক অধিক চৰিত্ৰৰ প্ৰস্তাৱ দিয়া হৈছিল আৰু তেওঁ অনুভৱ কৰিছিল যে তেওঁ অভিনয়কে কেৰিয়াৰ হিচাপে গঢ়ি তুলিব পাৰিব।৪৯

কৰ্মজীৱন

২০০১–২০০৮: প্ৰাৰম্ভিক অভিনয় জীৱন আৰু ফলেন

২০০১ চনত ৱেছলিয়ে (সেই সময়ত প'ল ৱাচিলেভস্কি নামেৰে পৰিচিত) চুটি সময়ৰ বাবে সম্প্ৰচাৰিত চিবিএছ চেনেলৰ টেলিভিছন ধাৰাবাহিক ৱল্ফ লেকত ল্যুক কেটছৰ চৰিত্ৰত অভিনয় কৰি এক অন্যতম মূল অভিনয় শিল্পী হিচাপে আত্মপ্ৰকাশ কৰে।১০১১ তেওঁ ২০০৮ চনত চিবিএছৰ টেলিভিছন চলচ্চিত্ৰ দ্য ৰাছেল গাৰ্লত অভিনয় কৰিছিল১২ আৰু ২০০৭ চনৰ এবিসি ফেমিলীৰ মিনি-ধাৰাবাহিক ফলেনত মুখ্য চৰিত্ৰত অভিনয় কৰে।১৩ ইয়াৰ উপৰি ৱেছলিয়ে কেইবাখনো জনপ্ৰিয় টেলিভিছন ধাৰাবাহিক যেনে ২৪, ৮ চিম্পল ৰুলছ, আমেৰিকান ড্ৰিমছ, আৰ্মী ৱাইভছ, কেইন, এভাৰৱুড, গাইডিং লাইট, স্মলভিল, আৰু দ্য অ’ চিত বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে।

২০০৯–২০১৭: দ্য ভেম্পায়াৰ ডায়েৰীজ আৰু চলচ্চিত্ৰৰ চৰিত্ৰসমূহ

২০১১ চনত ছান ডিয়েগো কমিক-কনত ৱেছলি
২০১১ চনত ছান ডিয়েগো কমিক-কনত ৱেছলিছবি: Gage Skidmore from Peoria, AZ, United States of America · CC BY-SA 2.0

২০০৯ চনৰ ছেপ্টেম্বৰ মাহত দ্য চিডব্লিউ চেনেলত সম্প্ৰচাৰিত হোৱাৰেপৰা কিশোৰ ড্ৰামা ধাৰাবাহিক দ্য ভেম্পায়াৰ ডায়েৰীজত ৱেছলিয়ে ষ্টিফান ছালভাৰেটৰে চৰিত্ৰত অভিনয় কৰে। তেওঁৰ এই অভিনয়ে তেওঁক দুটা টিন চয়েছ বঁটা, দুটা ইয়ং হলিউড বঁটা আৰু পিপলছ চয়েছ বঁটাৰ মনোনয়ন দিছিল।

২০১৫ চনত ছান ডিয়েগো কমিক-কনত ৱেছলি
২০১৫ চনত ছান ডিয়েগো কমিক-কনত ৱেছলিছবি: Gage Skidmore from Peoria, AZ, United States of America · CC BY-SA 2.0

বিগত বছৰবোৰত তেওঁ বিভিন্ন ধৰণৰ চলচ্চিত্ৰত অভিনয় কৰিছে। ২০১৪ চনত তেওঁ বিফোৰ আই ডিচএপিয়াৰ ছবিত অভিনয় কৰাৰ লগতে প্ৰযোজনাও কৰিছিল, যিয়ে এছএক্সএছডব্লিউ চলচ্চিত্ৰ মহোৎসৱৰ অডিয়েন্স বঁটা লাভ কৰে আৰু ভেনিছ চলচ্চিত্ৰ মহোৎসৱৰ "ভেনিছ ডেজ" শাখাত প্ৰতিযোগিতা কৰে।১৪ একেটা বছৰতে তেওঁ এমিৰা এণ্ড চেম ছবিত সহ-অভিনয় কৰে, যাৰ বিতৰণৰ অধিকাৰ ড্ৰাফটহাউচ ফিল্মছে লাভ কৰিছিল।১৫

২০১৪ চনত তেওঁক মাদাৰ্চ ডে চলচ্চিত্ৰৰ বাবে নিৰ্বাচিত কৰা হয়,১৬ আৰু তেওঁ কনভাৰজেঞ্চ নামৰ এখন বিজ্ঞান কল্পকাহিনীমূলক ছবিত অভিনয় আৰু প্ৰযোজনা কৰিব বুলিও ঘোষণা কৰা হয়।১৭ তেওঁ দ্য বেটাউন আউতলজ ছবিতো সহ-অভিনয় কৰিছিল।১৮

২০১৬ চনত তেওঁ দ্য লেট ব্লুমাৰ নামৰ কমেডী ছবিখনত সহ-অভিনয় কৰে।১৯ তেওঁৰ আন আন উল্লেখযোগ্য চলচ্চিত্ৰসমূহৰ ভিতৰত এগ্নিচকা হলেণ্ডৰদ্বাৰা পৰিচালিত এইচবিঅ'ৰ শ্বট ইন দ্য হাৰ্ট আৰু লায়ন্সগেট ষ্টুডিঅ'ৰ পিচফুল ৱাৰিয়ৰ অন্যতম।

২০১৮–বৰ্তমান: পৰিচালনা, থিয়েটাৰ, টেল মি এ ষ্ট'ৰী আৰু ষ্টাৰ ট্ৰেক: ষ্ট্ৰেঞ্জ নিউ ৱৰ্ল্ডছ

ৱেছলিয়ে দ্য ভেম্পায়াৰ ডায়েৰীজৰ পঞ্চম ছিজনৰপৰা পৰিচালনাৰ কাম আৰম্ভ কৰে আৰু অষ্টম ছিজনৰ আৰম্ভণিতে ধাৰাবাহিকখনৰ প্ৰযোজনাৰ সৈতেও জড়িত হয়।২০ তেওঁ ফ্ৰীফৰ্ম চেনেলৰ ধাৰাবাহিক শ্বেড’হাণ্টাৰ্ছ-ৰ দ্বিতীয় ছিজনৰ ১৬ নং খণ্ডটো পৰিচালনা কৰিছিল। ২০১৬ চনৰ নৱেম্বৰ মাহত ঘোষণা কৰা হৈছিল যে তেওঁৰ নৱগঠিত প্ৰযোজনা প্ৰতিষ্ঠান 'চিটিজেন মিডিয়া'ৰ বেনাৰত ৱেছলিয়ে চাৰিখন নতুন টেলিভিছন ধাৰাবাহিক প্ৰযোজনা কৰিবলৈ ৱাৰ্নাৰ ব্ৰাদাৰ্ছ টেলিভিছনৰ সৈতে এক চুক্তিত স্বাক্ষৰ কৰিছে, যাৰ ভিতৰত আছিল জেছন স্মিথৰ ৰচিত কনফেছনছ অৱ এ ড্ৰাগ-এডিক্টেড হাই স্কুল টিচাৰ; শ্বন ক্ৰিষ্টেনচেনৰ ৰচিত পেক’চ; হিলাৰী বেটিছৰ ৰচিত ফাইণ্ডিং নাটালি আৰু ওৱান লিৰ ৰচিত ছাংহাই ছামাৰ।২১

তেওঁৰ থিয়েটাৰৰ কামসমূহৰ ভিতৰত নিউয়ৰ্ক চহৰৰ ৰেটলষ্টিক থিয়েটাৰত মঞ্চস্থ হোৱা অফ-ব্ৰডৱে প্ৰযোজনা কেল ইন কেম’ৰ সহ-মুখ্য চৰিত্ৰ অন্যতম, যিয়ে দৰ্শকৰ প্ৰশংসা বুটলিছিল।২২ ইয়াৰ উপৰি তেওঁ শ্বেমে বিটাৰমেনৰ ৰচিত ছেন্সিটিভ স্কিনত সহ-মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।২৩ ২০১৮ চনৰ মাৰ্চ মাহত ৱেছলিয়ে নিউয়ৰ্ক চিটিৰ নিউয়ৰ্ক থিয়েটাৰ ৱৰ্কশ্বপৰ প্ৰযোজনা জুৰিখত যোগ দিয়ে।২৪

২০১৮ চনৰ জুন মাহত প্ৰকাশিত তথ্য অনুসৰি ৱেছলিয়ে কেভিন উইলিয়ামছনৰদ্বাৰা নিৰ্মিত চিবিএছ অল একচেছ ধাৰাবাহিক টেল মি এ ষ্ট'ৰীৰ মূল অভিনয় শিল্পীদলত অন্তৰ্ভুক্ত হয়।২৫ ২০১৯ চনত তেওঁৰ প্ৰযোজনা প্ৰতিষ্ঠান 'চিটিজেন মিডিয়া'ই ক্যাপিটেল এণ্টাৰটেইনমেণ্টৰ সৈতে এক বিকাশমূলক চুক্তি সম্পন্ন কৰে।২৬ তেওঁ পৰিচালনা কৰা আন ধাৰাবাহিকসমূহৰ ভিতৰত শ্বেড’হাণ্টাৰ্ছ আৰু ৰ’ছৱেল, নিউ মেক্সিকো অন্যতম। তেওঁ নেটফ্লিক্সৰ মিনি-ধাৰাবাহিক মেডেল অৱ অনাৰৰ দ্বিতীয় খণ্ডত ষ্টাফ ছাৰ্জেণ্ট ক্লিণ্ট ৰোমেছাৰ চৰিত্ৰত অভিনয় কৰিছিল।২৭

২০২২ চনৰ ১৫ মাৰ্চত ঘোষণা কৰা হৈছিল যে পেৰামেউণ্ট প্লাছৰ ধাৰাবাহিক ষ্টাৰ ট্ৰেক: ষ্ট্ৰেঞ্জ নিউ ৱৰ্ল্ডছ-ৰ দ্বিতীয় ছিজনত ৱেছলিয়ে জেমছ টি. কাৰ্কৰ চৰিত্ৰত অভিনয় কৰিব।৩ তেওঁ প্ৰথম ছিজনৰ অন্তিম খণ্ডত এগৰাকী অতিথি শিল্পী হিচাপে এই ধাৰাবাহিকখনত আত্মপ্ৰকাশ কৰিছিল।২৮ ২০২৪ চনৰ ৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত ৫১ তম ছেটাৰ্ন বঁটা প্ৰদান অনুষ্ঠানত ৱেছলিয়ে ষ্ট্ৰেঞ্জ নিউ ৱৰ্ল্ডছত কাৰ্কৰ চৰিত্ৰত কৰা শ্ৰেষ্ঠ অতিথি অভিনয়ৰ বাবে ছেটাৰ্ন বঁটা লাভ কৰে।২৯

অন্যান্য প্ৰচেষ্টা

২০১৪ চনত ৱেছলিক হিউমেন ছ'চাইটিৰ সৈতে কৰা বিশেষকৈ ফাৰ্মৰ পশুধনৰ কল্যাণৰ বাবে কৰা কামৰ বাবে 'হিউমেন জেনেৰেচন বঁটা' প্ৰদান কৰা হয়।৩০

ইয়াৰ উপৰি ৱেছলিয়ে দাতব্য সংস্থাৰ বাবে ধন সংগ্ৰহ কৰিবলৈ ৰিপ্ৰেজেণ্ট ডট কমত দুটা পুঁজি সংগ্ৰহৰ অভিযান চলাইছিল। তেওঁৰ প্ৰথম অভিযানৰ বাবে ৱেছলিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিউমেন ছ'চাইটিৰ বাবে পুঁজি সংগ্ৰহ কৰিবলৈ এটা মেকুৰীৰ টি-চাৰ্ট ডিজাইন মুকলি কৰিছিল।৩১৩২ এই অভিযানত প্ৰায় ৩,০০০টা টি-চাৰ্ট বিক্ৰী হৈছিল। তেওঁৰ দ্বিতীয় অভিযানৰ বাবে ৱেছলিয়ে দ্য ভেম্পায়াৰ ডায়েৰীজৰ সহ-অভিনেতা ইয়ন ছমাৰহাল্ডাৰৰ সৈতে মিলি এজন অনুৰাগীয়ে ডিজাইন কৰা এটা সীমিত সংস্কৰণৰ টি-চাৰ্ট মুকলি কৰে, য'ত "ব্লাড ব্ৰাদাৰ্ছ ১৮৬৪ চনৰ" বুলি লিখা আছিল।৩৩ এই অভিযানত প্ৰায় ১০,০০০টা টি-চাৰ্ট বিক্ৰী হৈছিল।৩৪

২০২০ চনত ৱেছলি আৰু ছমাৰহাল্ডাৰে 'ব্ৰাদাৰ্ছ বণ্ড বোৰবন' নামৰ এটা ষ্ট্ৰেইট বোৰবন হুইস্কি ব্ৰেণ্ড মুকলি কৰাৰ কথা ঘোষণা কৰে।৩৫

ব্যক্তিগত জীৱন

২০১২ চনত টৰণ্টোৰ উইজাৰ্ড ৱৰ্ল্ডত ৱেছলি আৰু টৰী ডিভিটো
২০১২ চনত টৰণ্টোৰ উইজাৰ্ড ৱৰ্ল্ডত ৱেছলি আৰু টৰী ডিভিটোছবি: GabboT · CC BY-SA 2.0

২০০৭ চনত কিলীয়াৰ মুভী ছবিত একেলগে অভিনয় কৰাৰ সময়তে ৱেছলিয়ে টৰী ডিভিটোক লগ পায় আৰু তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। ২০১১ চনৰ এপ্ৰিল মাহত নিউয়ৰ্ক চহৰত এক ব্যক্তিগত অনুষ্ঠানত তেওঁলোকে বিবাহপাশত আবদ্ধ হয়।৩৬ ২০১৩ চনৰ জুলাই মাহত তেওঁলোকে বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰা বুলি প্ৰকাশ পায়।৩৭ ২০১৩ চনৰ ডিচেম্বৰ মাহত তেওঁলোকৰ বিবাহ বিচ্ছেদ চূড়ান্ত হয়।৩৮

দ্য ভেম্পায়াৰ ডায়েৰীজ-ৰ শ্বুটিঙৰ সময়ত তেওঁ জৰ্জিয়াৰ আটলাণ্টাত বাস কৰিছিল আৰু বাকী সময়খিনি ডিভিটোৰ সৈতে কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত কটাইছিল।৩৯ ডিভিটোৰ সৈতে বিবাহ বিচ্ছেদৰ পিছত ৱেছলিয়ে তেওঁৰ লছ এঞ্জেলছৰ বাসস্থান বিক্ৰী কৰে।৪০

ৱেছলিয়ে অষ্ট্ৰেলিয়ান অভিনেত্ৰী তথা দ্য ভেম্পায়াৰ ডায়েৰীজ-ৰ সহ-অভিনেত্ৰী ফীবি টনকিনৰ সৈতে চাৰিবছৰীয়া এক সম্পৰ্কত আছিল, যি সম্পৰ্ক ২০১৭ চনত শেষ হয়।৪১৪২

২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ ইনেছ ডি ৰমনৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৪৩ ২০২২ চনত তেওঁলোক পৃথক হয় আৰু ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁলোকৰ বিবাহ বিচ্ছেদ চূড়ান্ত হয়।৪৪৪৫

২০২৬ চনৰ জুলাই মাহত ৱেছলিয়ে মডেল নাটালি কুকেনবাৰ্গক বিবাহ কৰে।৪৬

তেওঁ এজন নৈতিক নিৰামিষভোজী (vegan), যিয়ে প্ৰাণীৰ অধিকাৰৰ পক্ষে ওকালতি কৰে।৪৭৪৮

তথ্যসূত্ৰ

  1. ↑ Paul Wesley pronounces Full name in Polish. YouTube
  2. ↑ (October 23, 2013). Paul Wesley's 31st Birthday — 'Vampire Diaries' Tribute To Stefan. Hollywood Life
  3. ↑ White, Peter. (March 15, 2022). 'Star Trek: Strange New Worlds' Finds Its James T. Kirk With Paul Wesley. Deadline
  4. ↑ Morton, Rebecca. (September 10, 2009). 'Vampire Diaries' to give area native star turn. New Brunswick Sentinel
  5. ↑ Lee, Luaine. (January 27, 2010). The 'good' vampire was a teenage bad boy. Chicago Tribune. McClatchy/Tribune News
  6. ↑ (2024-12-06). Tvdbrasilrn 🇧🇷 on Instagram: "Paul Wesley, Shuan Sipos, Grace Gillam, Arielle Kebbel,Zach Roerig e Bianca Lawson para o painel na IWFF2 em 05/12. 🎥@raissaoliveira_ofc". Instagram
  7. ↑ I Was Feeling Festive 2︱The Vampire Diaries Panel - December 6th, 2024 - YouTube. www.youtube.com
  8. ↑ Talbot, Lindsay. (October 12, 2009). New Blood. Teen Vogue
  9. ↑ Getting to Know: Paul Wesley. Teen Magazine
  10. ↑ Schneider, Michael. (July 31, 2001). Thesp jumps into CBS' 'Wolf Lake'. Variety
  11. ↑ Speier, Michael. (September 9, 2001). Review: 'Wolf Lake'. Variety
  12. ↑ Fries, Laura. (January 24, 2008). Review: 'The Russell Girl'. Variety
  13. ↑ Fries, Laura. (July 20, 2006). Review: 'Fallen'. Variety
  14. ↑ (August 5, 2014). 'Before I Disappear' picked up for North American distribution. Variety
  15. ↑ (August 28, 2014). Paul Wesley makes 'Amira and Sam'. Deadline Hollywood
  16. ↑ (September 25, 2014). Wesley, Sarandon to star in 'Mother's Day'. Deadline Hollywood
  17. ↑ Yamato, Jen. (November 17, 2014). 'Vampire Diaries' Star Paul Wesley Set For Sci-Fier 'Convergence'. Deadline Hollywood
  18. ↑ Weinstein, Joshua L. (May 13, 2011). Paul Wesley Joins Eva Longoria in 'The Baytown Disco'. TheWrap.com
  19. ↑ (August 25, 2015). Paul Wesley, Brittany Snow, Blake Cooper Join Comedy 'The Late Bloomer'. wrap.com
  20. ↑ (February 7, 2014). Paul Wesley Will Make His Directorial Debut On "The Vampire Diaries". Buzzfeed.com
  21. ↑ Kroll, Justin. (November 11, 2016). Paul Wesley Inks Overall Deal With Warner Bros. TV, Sets 4 Projects As Producer. Deadline Hollywood
  22. ↑ (May 21, 2016). Review: In 'Cal in Camo,' a Raw Welcome to Motherhood. The New York Times
  23. ↑ Sensative Skin. Backstage
  24. ↑ Clement, Olivia. (March 15, 2018). Hamilton's Austin Smith and Vampire Diaries' Paul Wesley to Star in Zürich. Playbill
  25. ↑ Andreeva, Nellie. (June 11, 2018). Paul Wesley To Co-Star In CBS All Access Series 'Tell Me A Story', Reuniting With 'The Vampire Diaries' EP Kevin Williamson. Deadline Hollywood
  26. ↑ Andreeva, Nellie. (February 13, 2019). Paul Wesley Inks Producing Deal With Kapital Entertainment, Sets 2 Drama Series Projects, Including Starring Vehicle. Deadline
  27. ↑ Andreeva, Nellie. (June 12, 2019). ‘Tell Me A Story’: Paul Wesley To Return To CBS All Access Series, Season 2 Princess Theme Revealed
  28. ↑ Parker, Rayon. (2022-07-07). ‘Star Trek: Strange New Worlds’ Actor Paul Wesley on Taking Up Captain Kirk Mantle in Surprise Finale Appearance and What’s Next. The Hollywood Reporter
  29. ↑ (2024-02-09). Star Trek Takes Home 5 Saturn Awards. ://startrek.com
  30. ↑ Burt, Kayti. (April 1, 2014). Paul Wesley Credits The Vampire Diaries at Humane Society Gala. Wet Paint
  31. ↑ Paul Wesley Selling Cat Shirt for Humane Society. Bookfandoms.com
  32. ↑ Paul Wesley Limited Edition Cat T-shirt. Represent.com
  33. ↑ (July 17, 2015). Vampire Diaries: Ian Somerhalder, Paul Wesley Launch Charity T-Shirt Campaign. People
  34. ↑ Represent.com. Ian Somerhalder & Paul Wesley's Official Tee
  35. ↑ Bain, Ellissa. (May 28, 2020). Fans go crazy for Brothers Bond Bourbon – how to buy Damon and Stefan's Vampire Diaries inspired whiskey!. HITC
  36. ↑ (April 29, 2011). Vampire Diaries' Paul Wesley and actress Torrey DeVitto married!. Life & Style
  37. ↑ (July 30, 2013). Paul Wesley and Torrey DeVitto to Divorce. People
  38. ↑ (December 24, 2013). 'Vampire Diaries' star Paul Wesley finalizes divorce. Toronto Sun
  39. ↑ Suzuki, Chako. (November 29, 2012). Where Does Paul Wesley Live? You Ask, We Answer!. wetpaint.com
  40. ↑ Beale, Lauren. (September 12, 2013). Paul Wesley, Torrey DeVitto sell home in Hollywood Hills
  41. ↑ Us Weekly Staff. (October 16, 2017). Paul Wesley and Phoebe Tonkin Split Again After Four Years of Dating. USMagazine.com
  42. ↑ Vogue Staff. (March 10, 2017). Phoebe Tonkin and Paul Wesley have reportedly split. Vogue.com
  43. ↑ Vulpo, Mike. (February 8, 2019). Surprise! The Vampire Diaries' Paul Wesley is Married. E!
  44. ↑ (September 19, 2022). Paul Wesley and Wife Ines de Ramon Quietly Separate After 3 Years of Marriage. People
  45. ↑ (March 7, 2023). Paul Wesley and Ines de Ramon Finalize. People
  46. ↑ Richards, Bailey. (July 13, 2026). The Vampire Diaries Star Paul Wesley Marries Model Natalie Kuckenburg in Civil Ceremony with Pet Dog as 'Best Boy'. People
  47. ↑ ["The Vampire Diaries’ Paul Wesley Is Vegan. Here’s What He Eats in a Day"]. thebeet.com. Retrieved January 22, 2023
  48. ↑ ["Paul Wesley – A Vegan Vampire Speaks Out"]. thesavemovement.org. Retrieved January 22, 2023

সম্পৰ্কিত শ্ৰেণী

অভিনেতাচলচ্চিত্ৰ পৰিচালক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প'ল ৱেছলি” প্ৰবন্ধৰ সংশোধন ৬২৬৫৬৯ (১২ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।