অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰভাস চন্দ্ৰ গোস্বামী

প্ৰভাস চন্দ্ৰ গোস্বামী (Prabhas Chandra Goswami) এগৰাকী অৰ্থনৈতিক বুৰঞ্জী সাহিত্যৰ লেখক হোৱাৰ লগতে এজন অধ্যাপক আছিল।

হালনাগাদ: ৮ জুলাই ২০২৫ ১৯৯ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

প্ৰভাস চন্দ্ৰ গোস্বামী (Prabhas Chandra Goswami) এগৰাকী অৰ্থনৈতিক বুৰঞ্জী সাহিত্যৰ লেখক হোৱাৰ লগতে এজন অধ্যাপক আছিল।

জন্ম আৰু বংশ পৰিচয়

১১ডিচেম্বৰ, ১৯২২ চনত তেখেতৰ জন্ম হয়। ১

শিক্ষা

  • তেখেতে নলবাৰী গৰ্ডনৰ পৰা হাইস্কুলীয়া শিক্ষা শেষ কৰে।
  • যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা ১৯৪৩ চনত আই-কম ডিগ্ৰী লাভ কৰে।
  • স্নাতক ডিগ্ৰী লাভ কৰে কলিকতাৰ এখন মহাবিদ্যালয়ৰ পৰা ১৯৪৫ চনত।
  • স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে কলিকতাৰ এখন বিশ্ববিদ্যালয়ৰ পৰা ১৯৪৭ চনত।
  • বি এল ডিগ্ৰী লাভ কৰে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ১৯৪৯॥ ২

চাকৰি জীৱন

  • প্ৰভাস চন্দ্ৰ গোস্বামীয়ে ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ প্ৰবক্তা হিচাপে কাম কৰিছিল।
  • তেখেতে ১৯৬০-৭৪ চনত উত্তৰ-পূৱ ভাৰতৰ কৃষি-অৰ্থনীতি গৱেষণা কেন্দ্ৰ, যোৰহাট, ক্ৰমে গৱেষণা বিষয়া, সহকাৰী সঞ্চালক ৰূপে কাম কৰিছিল।
  • তেখেতে ১৯৭৪-৮৩ চনত যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল।
  • ১৯৮৩-৯১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ অধ্যাপক আছিল।
  • আমেৰিকা যুক্তৰাজ্যৰ মিনেচোটা বিশ্ববিদ্যালয়ৰ ভ্ৰমণকাৰী অধ্যাপক (১৯৭৭)॥৩

সাহিত্যৰাজি

  • Economic Development of Assam (1962)
  • Problems and Prospects of Industrialisation- A Study in North-East India (1987)
  • Problems of Industrial Development in a backward Economy- A Study in North-East India (1985)
  • Role of Small-scale Industries in Economic Development of North-East India (1986)
  • Rural Development Programme and Role of Commercial Banks- A Study in North-East India (1987)
  • Financial Resources and Economic Development in the State Sector- A Study(1990)৪

মৃত্যু

প্ৰভাস চন্দ্ৰ গোস্বামী ১৯৯২ চনৰ ৬ ফ্ৰেব্ৰুৱাৰীত মৃত্যু হয়।

তথ্যসূত্ৰ

  1. ↑ অসমীয়া সাহিত্যৰ বুৰঞ্জী(প্ৰথম খণ্ড), অসম প্ৰকাশন, সম্পাদক:বিশ্বেশ্বৰ হাজৰিকা, দ্বিতীয় প্ৰকাশ ২০১৬, পৃষ্ঠা নং ৪৫৮
  2. ↑ অসমীয়া সাহিত্যৰ বুৰঞ্জী(প্ৰথম খণ্ড), অসম প্ৰকাশন, সম্পাদক:বিশ্বেশ্বৰ হাজৰিকা, দ্বিতীয় প্ৰকাশ ২০১৬, পৃষ্ঠা নং ৪৫৮
  3. ↑ অসমীয়া সাহিত্যৰ বুৰঞ্জী(প্ৰথম খণ্ড), অসম প্ৰকাশন, সম্পাদক:বিশ্বেশ্বৰ হাজৰিকা, দ্বিতীয় প্ৰকাশ ২০১৬, পৃষ্ঠা নং ৪৫৮
  4. ↑ অসমীয়া সাহিত্যৰ বুৰঞ্জী(প্ৰথম খণ্ড), অসম প্ৰকাশন, সম্পাদক:বিশ্বেশ্বৰ হাজৰিকা, দ্বিতীয় প্ৰকাশ ২০১৬, পৃষ্ঠা নং ৪৫৮

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰভাস চন্দ্ৰ গোস্বামী” প্ৰবন্ধৰ সংশোধন ৫২২৯৩৫ (৮ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।