অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফেদা গীৰ্জা

ফেদা গীৰ্জা হৈছে চাৰ্চ অৱ নৰৱেৰ এখন পাৰিচ গীৰ্জা, যি নৰৱেৰ আগ্দেৰ জিলাৰ ক্ৱিনেছডাল মিউনিচিপেলিটীৰ ফেদা গাঁৱৰ ফেদাফিঅৰ্ডেনৰ কাষত অৱস্থিত। এই গীৰ্জাখন লিষ্টাৰ অগ মানডাল প্ৰ'স্তি (ডীনাৰী)ৰ অন্তৰ্গত ফেদা পাৰিচৰ অংশ।

হালনাগাদ: ১৯ এপ্ৰিল ২০২৫ ১৬৩ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ফেদা গীৰ্জা হৈছে চাৰ্চ অৱ নৰৱেৰ এখন পাৰিচ গীৰ্জা, যি নৰৱেৰ আগ্দেৰ জিলাৰ ক্ৱিনেছডাল মিউনিচিপেলিটীৰ ফেদা গাঁৱৰ ফেদাফিঅৰ্ডেনৰ কাষত অৱস্থিত। এই গীৰ্জাখন লিষ্টাৰ অগ মানডাল প্ৰ'স্তি (ডীনাৰী)ৰ অন্তৰ্গত ফেদা পাৰিচৰ অংশ। সেউজীয়া, কাঠৰে নিৰ্মিত এই‌ গীৰ্জাখন এম্পায়াৰ শৈলীৰ ক্ৰুচিফৰ্ম নক্সাত ১৮০২ চনত গঢ়ি তুলিছিল, অৱশ্যে ইয়াৰ স্থপতিকৰ নাম অজ্ঞাত। গীৰ্জাখনত প্ৰায় ২৪০ গৰাকী লোক বহিব পৰা যায়।১২৩

ইতিহাস

গীৰ্জাখনৰ আটাইতকৈ পুৰণি লিখিত ইতিহাস ১৩০২ চনৰ পৰা পোৱা গৈছে, যদিও এই গীৰ্জাখন তাৰ আগতেই অৱস্থিত আছিল বুলি বিশ্বাস কৰা হয়। প্ৰাৰম্ভিক গীৰ্জাখন সম্ভৱতঃ এখন ষ্টেভ গীৰ্জা আছিল। ১৫৯৩ চনত, পুৰণি গীৰ্জাখন ভাঙি পেলাই কাঠেৰে গঢ়ি তোলা এখন আয়তাকাৰ আকৃতিৰ নেভ আৰু ঠেক আয়তকাৰ চেন্সেলযুক্ত নতুন গীৰ্জা নিৰ্মাণ কৰা হয়। ১৮০০ চনত এই গীৰ্জাখনো ভাঙি তাতেই নতুন ক্ৰুচিফৰ্ম আকৃতিৰ গীৰ্জা নিৰ্মাণ আৰম্ভ কৰা হয়। এই নতুন গীৰ্জাখন ১৮০২ চনত উদ্‌ঘাটিত হৈছিল। ১৮৫০ চনৰ দশকৰ ভিতৰত গীৰ্জাখনত দ্বিতীয় তলাৰ নতুন আসন, এখন পাল্পিট, এখন বেদীৰ ছবি আৰু এখন বাপ্তিস্মৰ সঁজুলি সংযুক্ত কৰা হয়। ১৮৫৪ চনত শ্মশানখন প্ৰায় ৯০০ বৰ্গ মিটাৰলৈ সম্প্ৰসাৰণ কৰা হৈছিল।৪

আৰু চাওক

তথ্যসূত্ৰ

  1. ↑ Feda kirke. Kirkesøk: Kirkebyggdatabasen
  2. ↑ Oversikt over Nåværende Kirker. KirkeKonsulenten.no
  3. ↑ Feda kirke. Kvinesdal kirkelige fellesråd
  4. ↑ Feda kirkested. Norwegian Directorate for Cultural Heritage

সম্পৰ্কিত শ্ৰেণী

গীৰ্জাঘৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফেদা গীৰ্জা” প্ৰবন্ধৰ সংশোধন ৫০৩৯১৩ (১৯ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।