পিৰিয়'ড। এ'ণ্ড অফ চে'নটে'নচ। (Period. End of Sentence.) হ'ল ৰায়কা জেহতাবচিৰ দ্বাৰা পৰিচালিত ২০১৮ চনৰ এখন চুটি তথ্যচিত্ৰ য'ত ভাৰতীয় মহিলাসকলে ঋতুস্ৰাৱৰ স্বাস্থ্যৰ নিস্তব্ধ বিপ্লৱৰ নেতৃত্ব দি আছে। ছবিখনত অভিনয় কৰিছে অৰুণাচলম মুৰুগানাথম, শাবানা খান, গৌৰী চৌধুৰী, অজেয়া আৰু অনিতাই।১২ চুটি তথ্যচিত্ৰখনত ভাৰতৰ হাপুৰৰ স্থানীয় মহিলাৰ এটা দলে কম খৰচী, জৈৱিকভাৱে ধ্বংস হোৱা চেনিটেৰী পেড নিৰ্মাণ কৰা মেচিন এটা কেনেকৈ চলাব লাগে সেই বিষয়ে শিকে আৰু যিটো তেওঁলোকে আন মহিলাক সুলভ মূল্যত বিক্ৰী কৰে। ইয়াৰ দ্বাৰা কেৱল মৌলিক সামগ্ৰীৰ সুবিধা প্ৰদান কৰি নাৰীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা উন্নত কৰাত সহায় কৰাই নহয় বৰঞ্চ ভাৰতত ঋতুস্ৰাৱক কেন্দ্ৰ কৰি থকা নিষেধাজ্ঞাসমূহ ত্যাগ কৰিবলৈ মহিলাসকলক সমৰ্থন আৰু শক্তিশালী কৰা হয় – এই সকলোবোৰে তেওঁলোকৰ সম্প্ৰদায়ৰ অৰ্থনৈতিক ভৱিষ্যতত অৰিহণা যোগায়।৩৪ ছবিখন ভাৰতৰ কইম্বাটুৰৰ এগৰাকী সামাজিক কৰ্মী অৰুণাচলম মুৰুগানাথমৰ জীৱনৰ পৰা অনুপ্ৰাণিত। ছবিখন ভাৰতৰ কইম্বাটুৰ এগৰাকী সামাজিক কৰ্মী অৰুণাচলম মুৰুগানাথমৰ জীৱনৰ পৰা অনুপ্ৰাণিত।৫
কাহিনী
ভাৰতৰ দিল্লীৰ পৰা ৬০ কিলোমিটাৰ দূৰত থকা হাপুৰ জিলাৰ কাথীকেৰা গাঁৱত এক বৃহৎ পৰিৱৰ্তনৰ দায়িত্ব মহিলাসকলৰ। তেওঁলোকে ঋতুস্ৰাৱৰ সৈতে জড়িত ব্যাপক লজ্জাজনক পৰিস্থিতিৰ সৈতে যুঁজিছে। বহু শতিকা ধৰি এই মহিলাসকলৰ মাজত পেডৰ প্ৰৱেশাধিকাৰৰ অভাৱৰ ফলত স্বাস্থ্যজনিত সমস্যা, বিদ্যালয়ৰ অনুপস্থিতি আৰু অৱশেষত ছোৱালীবোৰৰ ড্ৰপআউট হৈছিল। অৱশ্যে, যেতিয়া গাঁৱত এখন অনাময় পেড কাৰখানা স্থাপন কৰা হয়, তেতিয়া মহিলাসকলক তেওঁলোকৰ নিজৰ পেড কেনেকৈ উৎপাদন আৰু বিক্ৰী কৰিব লাগে শিকাই দিয়া হয়, সেই শিক্ষাই তাত থকা মহিলাসকলক শক্তিশালী কৰে। তেওঁলোকে তেওঁলোকৰ কোম্পানীৰ বাবে "ফ্লাই" ব্ৰেণ্ড নামটো বাছি লৈছিল কাৰণ তেওঁলোকে মহিলাসকলে "সাৰ পোৱা"টো বিচাৰিছিল।৬
সম্বৰ্ধনা
সমালোচনামূলক প্ৰতিক্ৰিয়া
পিৰিয়'ড। এ'ণ্ড অফ চে'নটে'নচ-ক আঠটা পৰ্যালোচনাৰ ওপৰত ভিত্তি কৰি ৰিভিউ এগ্ৰিগেটাৰ ৱেবছাইট ৰটেন টমেট'জত এণ্ড অৱ চেণ্টেঞ্চৰে অনুমোদনৰ ৰেটিং ৭৫%, আৰু গড় ৰেটিং ৬.৩/১০ দিছে।৭
প্ৰশংসা
শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বাবে একাডেমী বঁটা বিজয়ী (সংক্ষিপ্ত বিষয়-৯১সংখ্যক একাডেমী বঁটা)।৮৯
ক্লিভলেণ্ড আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ট্ৰেভাৰ্ছ চিটি চলচ্চিত্ৰ মহোৎসৱৰ লগতে এ. এফ. আই. এফ. ই. এফ. আৰু ছাভানাহকে ধৰি আন বহুতো অনুষ্ঠানত শ্ৰেষ্ঠ চুটি ডকৰ বাবে একাডেমী বঁটাৰ যোগ্যতা অৰ্জন কৰিছিল।১০
তথ্যসূত্ৰ
- ↑ (18 January 2019). 'Period. End of Sentence.' Short documentary about menstruation and sanitary pads. People's World
- ↑ The AFI DOCS Interview: "Period. End of Sentence." Director Rayka Zehtabchi. blog.afi.com
- ↑ Period. End of Sentence.:Documentary Short-Oscar Nominees 2019
- ↑ 'Period. End of Sentence.' tackles the taboo of menstruation in rural India. EW.com
- ↑ 'Period. End of Sentence'.: Transforming a Taboo into a Cause|International Documentary Association
- ↑ Period. End of Sentence.. The Pad Project
- ↑ Period. End of Sentence.. Rotten Tomatoes. Fandango
- ↑ The list of nominees for the 91st Academy Awards| Entertainment| Alltechnotricks.com. Alltechnotricks.com
- ↑ "Period. End of Sentence." wins Best Documentary Short Film-Oscars on YouTube
- ↑ thepadproject. thepadproject
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিৰিয়'ড৷এ'ণ্ড অফ চে'নটে'নচ৷” প্ৰবন্ধৰ সংশোধন ৪৯১৪৯৯ (১৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।