পিংক ভোট (Pink Vote; লেভেণ্ডাৰ ভোট বুলিও কোৱা হয় ১) হৈছে গে' আৰু লেছবিয়ানসকলে দিয়া ভোট আৰু ইয়াক সাধাৰণতে ভোটদান গোট বুলি গণ্য কৰা হয়। ব্ৰিটেইনৰ এই ধাৰণাটো ইতিমধ্যে আমেৰিকালৈয়ো বিয়পি পৰিছে, য'ত সমকামীসকলে ডেম'ক্ৰেটিক ভোট দিয়াৰ সম্ভাৱনা যথেষ্ট বেছি, ২ আৰু কানাডা আৰু দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ দৰে আন বহু দেশে বৰ্তমান ইয়াক স্বীকাৰ কৰিবলৈ আৰম্ভ কৰিছে। পিংক ভোট এতিয়া পশ্চিম ইউৰোপৰ বিভিন্ন দেশত সুপ্ৰতিষ্ঠিত, ৩ ৪ জাৰ্মানীকে ধৰি ৫ সমকামী ভোটাৰসকলে সোঁপন্থী দলতকৈ সামাজিক গণতান্ত্ৰিক দলক ভোট দিবলৈ আৰু ইউৰোপীয় ইউনিয়নৰ সংহতিৰ প্ৰতি বহু বেছি সমৰ্থন আগবঢ়াবলৈ উল্লেখযোগ্যভাৱে শক্তিশালী। ইয়াৰোপৰি ৰাজনৈতিক দলৰ সৈতে জড়িত এলজিবিটি লোকে গঠন কৰা সামাজিক-ৰাজনৈতিক আন্দোলন আৰু ৰাজনৈতিক গোটো আছে।
যুক্তৰাজ্য
অফিচ ফৰ নেচনেল ষ্টেটিষ্টিকছ (ONS)ৰ মতে, ব্ৰিটেইনৰ মুঠ জনসংখ্যাৰ ১.০০% সমকামী, ২০১০ চনলৈকে ৪ লাখ ৮০ হাজাৰ লোকে নিজকে সমকামী বুলি গণ্য কৰিছে। ৬
ব্ৰিটেইনৰ ৰাজনৈতিক দলসমূহে এতিয়া পিংক ভোট বেংকটোক লক্ষ্য কৰি লৈ সমকামী সম্প্ৰদায়ক তেওঁলোকৰ পক্ষত ভোট দিয়োৱাৰ স্বাৰ্থত কোনো ত্ৰুটি নাৰাখে। ৭ ৮ ৯
পৰিৱৰ্তিত সময়ৰ লগে লগে পিংক ভোটৰ তাৎপৰ্য্য যথেষ্ট বৃদ্ধি পাইছে। দ্য লিবাৰেল ডেম’ক্ৰেটৰ চাৰ্লছ কেনেডীয়ে “পিংক ভোট”ৰ বাবে থিয় দিছিল আনকি সমকামী অধিকাৰ বৃদ্ধিৰ উপায়ৰ পেকেজৰ প্ৰতিশ্ৰুতিও দিছিল। ১০
ব্ৰিটেইনৰ পিংক ভোটাৰসকলে সামাজিকভাৱে উদাৰ "বাওঁপন্থী" দলসমূহক ভোট দিয়াৰ প্ৰৱণতা থাকে যিবোৰে পৰম্পৰাগতভাৱে অন্ততঃ যুক্তৰাজ্যত এলজিবিটি অধিকাৰৰ প্ৰতি অধিক সমৰ্থন আগবঢ়াই আহিছে। ২০১৭ চনৰ যুক্তৰাজ্যৰ সাধাৰণ নিৰ্বাচনত ৫১.৬% এলজিবিটি ভোটাৰে লেবাৰ পাৰ্টি (ইউ কে) ক বাছি লৈছিল আনহাতে মাত্ৰ ১২.৭% ভোটাৰে কনজাৰ্ভেটিভ পাৰ্টি (ইউ কে) ক ভোট দিছিল। ১১ এলজিবিটিকিউ+ ব্ৰিটিছ ভোটাৰসকলে বাওঁপন্থীক ভোট দিয়াৰ সম্ভাৱনা বেছি -- লেবাৰ বা গ্ৰীণৰ দৰে দলক -- তেওঁলোকৰ সামাজিক শ্ৰেণী নিৰ্বিশেষে আৰু আনকি তেওঁলোকে সোঁপন্থী ঘৰৰ পৰা আহিলেও তেনে কৰে য'ত তেওঁলোকৰ পিতৃ-মাতৃয়ে ট'ৰীক ভোট দিছিল। ১২
আমেৰিকা যুক্তৰাষ্ট্ৰ
গাল্লুপৰ গৱেষণা প্ৰতিবেদন অনুসৰি সাক্ষাৎকাৰ লোৱা আমেৰিকানসকলে আমেৰিকাৰ সমকামী জনসংখ্যা সামগ্ৰিক জনসংখ্যাৰ ২৩.২% বুলি অনুমান কৰিছে। কিন্তু শেহতীয়াকৈ কৰা সমীক্ষাত দেখা গৈছে যে ৭.৬% আমেৰিকান লোকে এলজিবিটি বুলি পৰিচয় দিয়ে, য’ত প্ৰায় ৩০% জেড প্ৰজন্মৰ প্ৰাপ্তবয়স্ক লোকো অন্তৰ্ভুক্ত। ১৩ ১৪ ১৫ ১৬ এই শতাংশই নিৰ্বাচনত ডাঙৰ ভূমিকা পালন কৰে আৰু ৰাজনৈতিক দলসমূহে এই পিংক ভোটাৰসকলক আকৰ্ষণ কৰিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰে। ১৭ ১৮ এলজিবিটি ডেম'ক্ৰেট ( ডেম'ক্ৰেটিক পাৰ্টিৰ সৈতে জড়িত) আৰু লগ কেবিন ৰিপাব্লিকান ( ৰিপাব্লিকান পাৰ্টিৰ সৈতে জড়িত) হৈছে ৰাজনীতিত এলজিবিটি অধিকাৰৰ বিষয়সমূহৰ পোষকতা কৰা দুটা বৃহৎ আমেৰিকাৰ ৰাজনৈতিক গোট। ২০২৪ চনৰ এপ্ৰিল মাহত গাল্লুপৰ এক সমীক্ষাত দেখা গৈছে যে ৮৩% লেচবিয়ান, গে' আৰু বাইচেক্সুৱেল মহিলাই ডেম’ক্ৰেটিক পাৰ্টিক সমৰ্থন কৰে আৰু মাত্ৰ ১২% মহিলাই ৰিপাব্লিকান পাৰ্টিৰ বুলি পৰিচয় দিয়ে। একেদৰে ৮৩% সমকামী আৰু বাইচেক্সুৱেল পুৰুষে ডেম’ক্ৰেটিক পাৰ্টিৰ বুলি পৰিচয় দিয়ে আৰু মাত্ৰ ১৭% লোকেহে ৰিপাব্লিকান পাৰ্টিক সমৰ্থন কৰে। ১৯
২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এনবিচি নিউজৰ এগজিট প'লত দেখা গৈছে যে ইতিহাসৰ আন যিকোনো ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীতকৈ কমলা হেৰিছে এলজিবিটিকিউ ভোটাৰৰ পৰা অধিক সমৰ্থন লাভ কৰিছিল, ৮৬% এলজিবিটিকিউ ভোটাৰে হেৰিছক সমৰ্থন কৰিছিল আৰু ১২% ভোটাৰে ড'নাল্ড ট্ৰাম্পক সমৰ্থন কৰিছিল - যিটো ২০২০ চনত ট্ৰাম্পৰ ওপৰত জো বাইডেনৰ প্ৰান্ততকৈ ১৫% বেছি।২০
পৰিৱৰ্তিত সময়
ব্ৰিটেইনত পিংক ভোটৰ দৃশ্যমান প্ৰভাৱৰ লগে লগে কানাডাৰ ৰাজনৈতিক পৰিস্থিতিয়েও পিংক ভোটৰ ৰাজনীতিত গুৰুত্ব দিছে। ২১ এই নতুন ধাৰণাটো অষ্ট্ৰেলিয়াৰ ৰাজনৈতিক ব্যৱস্থাতো বিতৰ্কৰ বিষয় হৈ পৰিছে। ২২
দক্ষিণ আফ্ৰিকাৰ দৰে দেশত পিংক ভোটে এতিয়াও ইমান গুৰুত্ব লাভ কৰিব পৰা নাই আৰু সমকামী সম্প্ৰদায়ক নিৰ্বাচনত এতিয়াও কোনো অতিৰিক্ত গুৰুত্ব দিয়া হোৱা নাই। ২৩
শেহতীয়াকৈ এলজিবিটি ভোটাৰৰ ওপৰত কৰা সমীক্ষাত দেখা গৈছে যে কুইয়াৰ সকলৰ ভোটদানৰ অভ্যাস পূৰ্বতে ভবাতকৈ অধিক জটিল। ২৪
পিংক ভোটৰ প্ৰভাৱ আৰু ৰাজনীতিত ইয়াৰ অস্তিত্বক লৈও বিতৰ্ক চলিছে। ২৫ এনে বিতৰ্কৰ মাজতো পিংক ভোটৰ জ্বৰ অস্কাৰ বঁটালৈকো প্ৰসাৰিত হৈছে। ২৬
লগতে চাওক
- পিংক মানি
বাহ্যিক সংযোগসমূহ
তথ্যসূত্ৰ
- ↑ Hertzog. (1996). The Lavender Vote. Lesbians, Gay Men, and Bisexuals in American Electoral Politics. NYU Press. ISBN 9780814735305
- ↑ Hertzog. (1996). The Lavender Vote. Lesbians, Gay Men, and Bisexuals in American Electoral Politics. NYU Press. ISBN 9780814735305
- ↑ Turnbull-Dugarte. (2019). The European lavender vote: Sexuality, ideology and vote choice in Western Europe. European Journal of Political Research. পৃ. 517–537
- ↑ Turnbull-Dugarte. (2020). Multidimensional issue preferences of the European lavender vote. European Journal of Public Policy. পৃ. 1827–1848
- ↑ Turnbull-Dugarte. (2022). Rainbows and traffic lights: queer voters at the German ballot box. European Journal of Gender and Politics. পৃ. 134–138
- ↑ BBC. (23 September 2010). UK gay, lesbian and bisexual population revealed. BBC News
- ↑ independent. (4 July 2009). Battle for pink vote gets poisonous. The Independent
- ↑ guardian. (6 July 2009). Why Tories are winning the pink vote. The Guardian
- ↑ telegraph. (26 February 2004). Howard to woo 'pink vote' at gay summit. The Daily Telegraph
- ↑ independent. (6 March 2001). Kennedy woos the 'pink vote' with pledge to extend gay rights. The Independent
- ↑ Turnbull-Dugarte. (2022). Who wins the British lavender vote? (Mostly) Labour. Politics, Groups, and Identities. পৃ. 388–409
- ↑ Turnbull-Dugarte. (2024). Far from the (Conservative) tree? Sexuality and intergenerational partisan preferences. Journal of European Public Policy. পৃ. 1–29
- ↑ (March 13, 2024). LGBTQ+ Identification in U.S. Now at 7.6%. Gallup
- ↑ (January 24, 2024). Nearly 30% of Gen Z adults identify as LGBTQ, national survey finds. NBC News
- ↑ Jones, Jeffery M. (3 March 2021). What Percentage of Americans Are LGBT?
- ↑ McCarthy, Justin. (27 June 2019). Americans Still Greatly Overestimate U.S. Gay Population. gallup.com. Gallup
- ↑ The Advocate. (26 October 2004). Kerry Plans for Gay America
- ↑ Guardian. (24 February 2006). The pink vote. The Guardian
- ↑ (April 9, 2024). Partisanship by gender, sexual orientation, marital and parental status. Gallup
- ↑ LGBTQ voters moved away from Trump as other Americans embraced him
- ↑ nationalpost. Kelly McParland: Harper could take a cue from Cameron on Pride
- ↑ onlineopinion. The new pink vote
- ↑ timeslive. Pink vote still up for grabs
- ↑ Huneke, Samuel. (27 January 2017). Queering the Vote
- ↑ guardian. (26 March 2004). Can you be pink and true blue?
- ↑ guardian. (24 February 2006). The pink vote
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিংক ভোট” প্ৰবন্ধৰ সংশোধন ৬৩৭৩৫২ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।