অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পালজোৰ জিগমে দৰ্জী

দশো পালজোৰ জিগমে দৰ্জি (Paljor Dorji)ক সাধাৰণতে দশো বেঞ্জী বুলি জনা যায়, তেওঁ ভূটানৰ এজন পৰিৱেশবিদ, ন্যায়াধীশ আৰু কূটনীতিবিদ।

হালনাগাদ: ৩ মে’ ২০২৬ ১৮৫ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

দশো পালজোৰ জিগমে দৰ্জি (Paljor Dorji)ক১২ সাধাৰণতে দশো বেঞ্জী বুলি জনা যায়, তেওঁ ভূটানৰ এজন পৰিৱেশবিদ, ন্যায়াধীশ আৰু কূটনীতিবিদ।৩

কেৰিয়াৰ

পৰিৱেশবাদ

পালজোৰ জিগমে দৰ্জীক প্ৰায়ে ভূটানৰ "গডফাদাৰ অৱ কনজাৰ্ভেচন" বুলি কোৱা হয়,৪ তেওঁ ভূটানৰ প্ৰথমটো বেচৰকাৰী সংস্থা ৰয়েল ছ’চাইটি ফৰ দ্য প্ৰটেকচন অৱ নেচাৰ প্ৰতিষ্ঠা কৰে।৩ তেওঁ ভূটানৰ ক'লা ডিঙিৰ ক্ৰেনৰ সংখ্যা সংৰক্ষণ আৰু দেশৰ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ বাবে ১৯৮৭ চনত ভূটানৰ প্ৰথমটো বেচৰকাৰী সংস্থা ৰয়েল ছ'চাইটি ফৰ দ্য প্ৰটেকচন অৱ নেচাৰ প্ৰতিষ্ঠা কৰে।৫

১৯৯৮ চনত প্ৰকাশিত দেশৰ প্ৰথমখন ৰাষ্ট্ৰীয় পৰিৱেশ কৌশলৰ খচৰা প্ৰস্তুত কৰা কামৰ লগতো তেওঁ জড়িত আছিল।৬ ৰাষ্ট্ৰীয় পৰিৱেশ আয়োগকে ধৰি ভূটানৰ অসংখ্য সংৰক্ষণ আৰু পৰিৱেশ সংস্থাৰ উপদেষ্টা হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। দৰ্জীক নীতি নেতৃত্বৰ বাবে জিগমে চিংগে ৱাংচাক আউটষ্টেণ্ডিং এনভাইৰনমেণ্টেল ষ্টুয়াৰ্ডশ্বিপ বঁটাও প্ৰদান কৰা হয়।৫ ভূটান পক্ষীবিজ্ঞান সমিতিৰ লগতে ভূটান পৰিৱেশ সমিতিও তেওঁ নিজেই প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁ দুয়োটা সংস্থাৰ প্ৰতিষ্থাপক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৪

২০১৮ চনত ৰয়েল ছ'চাইটি ফৰ দ্য প্ৰটেকচন অৱ নেচাৰে তেওঁক "প্ৰকৃতিৰ নায়ক" হিচাপে ভূষিত কৰে।৫

চৰকাৰত

দৰ্জীয়ে ১৯৬৯ চনৰপৰাই ভূটান চৰকাৰত সেৱা আগ বঢ়াই আহিছে।৪ তেওঁ ভূটানৰ প্ৰাক্তন ৰজা জিগমে চিংগে ৱাংচুকৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৫

তেওঁ ১৯৬৯ চনৰপৰা ১৯৭২ চনলৈকে পাৰো জিলাৰ দণ্ডাধীশ হিচাপে, ১৯৭২ চনৰপৰা ১৯৭৪ চনলৈকে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৭ জিগমে পালডেন দৰ্জীয়ে তেওঁক ১৯৭৪ চনৰপৰা ১৯৮৭ চনলৈকে (১৯৭৪ চনৰপৰা ১৯৮৫ চনলৈকে ভাৰপ্ৰাপ্ত ক্ষমতা) কাৰ্যনিৰ্বাহ কৰা ভূটানৰ উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে।৪ তেওঁৰ পাছত ১৯৮৭ চনত ৰজাই নিযুক্তি দিয়া লিয়নপো ছাংগাই পেঞ্জোৰ মুখ্য ন্যায়াধীশ হয়।৭

১৯৮৮ চনৰপৰা ১৯৯১ চনলৈকে তেওঁ সমাজ সেৱাৰ উপ-মন্ত্ৰী আৰু ১৯৯৪ চনৰপৰা ১৯৯৭ চনলৈকে ৰাষ্ট্ৰীয় পৰিৱেশ আয়োগৰ উপ-মন্ত্ৰীও আছিল।৪

কূটনীতিবিদ হিচাপে

কূটনীতিবিদ হিচাপে পালজোৰ জিগমে দৰ্জীয়ে ১৯৯১ চনৰপৰা ১৯৯৪ চনলৈকে ৰাষ্ট্ৰসংঘ আৰু ইউৰোপৰ ৰাজধানীসমূহত ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। কিন্তু বহু কথা এতিয়াও জানিব পৰা হোৱা নাই।৪

ফিল্মগ্ৰাফী

২০১৬ চনত পালজোৰ জিগমে দৰ্জীয়ে আমেৰিকান পৰিচালক গ্ৰেগ হেমিল্টনৰ দুঃসাহসিক তথ্যচিত্ৰ পাৱাৰ অৱ দ্য ৰিভাৰ: এক্সপেডিচন টু দ্য হাৰ্ট অৱ ৱাটাৰ ইন ভূটানত৮ অভিনয় কৰিছিল য'ত ভূটানৰ নদীসমূহত বান্ধ স্থাপনৰ সমস্যাসমূহৰ বিষয়ে আলোচনা কৰা হৈছে‍।৯

ব্যক্তিগত জীৱন

ভূটানৰ প্ৰথম প্ৰধানমন্ত্ৰী জিগমে পালডেন দৰ্জীৰ পুত্ৰ পালজোৰ জিগমে দৰ্জী। টবগিয়ে দৰ্জি তেওঁৰ ভাতৃ আৰু এজন প্ৰাক্তন কূটনীতিবিদ; পেৰুৰ হোটেলৰ মালিক।৩ ৰাজপৰিয়ালৰ এজন সদস্য১০ পালজোৰ দৰ্জী ভূটানৰ চতুৰ্থ ৰজা জিগমে চিংগে ৱাংচুকৰ এজন খুলশালীয়েক।৫ তেওঁৰ মাতৃ আছিল তিব্বতী অভিজাত পৰি‍য়াল ছাৰংৰ কন্যা আছি চেৰিং ইয়াংজম।১১

ভাৰতৰ দাৰ্জিলিঙৰ এখন বৰ্ডিং স্কুলত কানাডাৰ জেচুইটসকলৰপৰা বাস্কেটবল খেল শিকি‍ খেলবিধ ভূটানলৈ অনাৰ কৃতিত্বও তেওঁক দিয়া হয়। তেওঁ ৰজা জিগমে চিংগে ৱাংচাকক তেওঁৰ কৈশোৰ কালত এই খেলবিধ শিকাইছিল।১২

তথ্যসূত্ৰ

  1. ↑ Lipsey, Rick. (22 December 2008). Golfing on the Roof of the World: In Pursuit of Gross National Happiness. Bloomsbury Publishing USA. পৃ. 34. ISBN 978-1596918450
  2. ↑ Paljor Jigme Dorji. World Sustainable Development Forum. The Energy and Resources Institute
  3. ↑ Weissmann, Arnie. (6 October 2011). Dispatch, Bhutan: Diplomats and hoteliers. Travel Weekly
  4. ↑ Naturenomics Team. (24 November 2016). Case Study: Dasho Paljor J. Dorji. Balipara Foundation
  5. ↑ (4 January 2018). Nature's Heroes Award for Bhutan's Godfather of conservation. Bird Life Asia
  6. ↑ Faxon, Hilary. (14 September 2014). Good Evening, Dasho Benji!. Sage
  7. ↑ (3 November 2017). Golden Jubilee: The establishment of the High Court of Bhutan. Kuensel
  8. ↑ (18 November 2016). Texas Premiere of Power of the River: Expedition to the Heart of Water in Bhutan. Bhutan Foundation
  9. ↑ (2016). 'Adventures in Asia' Block of 3 films. Breckenridge Film Festival
  10. ↑ Harris, Gardiner. (4 October 2014). Index of Happiness? Bhutan's New Leader Prefers More Concrete Goals. New York Times
  11. ↑ Tsering Yangzom (Tess) on a swing in Dekyi Linga garden
  12. ↑ Harris, Gardiner. (14 October 2013). In Bhutan, a Bid to Turn Basketball From a Royal Sport to a National One. New York Times

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পালজোৰ জিগমে দৰ্জী” প্ৰবন্ধৰ সংশোধন ৬০৪২৫১ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।