পামেলা গেল মালহোত্ৰা: Pamela Gale Malhotra ভাৰতত বাস কৰা এগৰাকী আমেৰিকান পশু অভয়াৰণ্যৰ মালিক। ছাই অভয়াৰণ্যত কৰা কামৰ বাবে তেওঁক ভাৰতৰ মহিলাৰ সৰ্বোচ্চ বঁটা, নাৰী শক্তিৰ সন্মানেৰে সন্মানিত কৰা হয়।
জীৱন
পামেলা গেলৰ জন্ম হৈছিল প্ৰায় ১৯৫২ চনত নিউ জাৰ্চিৰ ৰেড বেংকত১ তেওঁ যেতিয়া এটা 'অল নাইত কেফে'ত কাম কৰি আছিল তাত তেওঁ এজন ভাৰতীয় ৰেষ্টুৰেণ্টৰ মালিকক লগ পাইছিল আৰু তেওঁৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। বিবাহৰ পিছত হাৱাইত "মধুচন্দ্রিমা" জাপন কৰিবলৈ গৈ তাতেই তেওঁলোকে মাটি কিনাৰ সিদ্ধান্ত ল’লে। তেওঁলোকৰ হাবিৰ মালিক হোৱাৰ সপোনটো বাস্তৱ ৰূপ দিবলৈ পামেলাই ফাৰ্মাচিউটিকেল কোম্পানী এটাত কাম কৰিবলৈ গৈছিল আৰু স্বামীয়ে বন্ধক ব্যৱসায়ত নামি পৰিছিল। হাৱাইত মাটি কিনাৰ উদ্দেশ্যেই তেওঁলোকে এজন ব্যক্তিৰ মজুৰিৰে জীৱন নিৰ্বাহ কৰিছিল আৰু তেওঁৰ স্বামীৰ বিক্ৰী কমিচন সঞ্চয় কৰি হাৱাইত মাটি কিনিছিল।১
কিছুদিনৰ পিছত তেওঁলোকে হাৱাই এৰি ভাৰতত নিজৰ ধন ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লয়। দম্পতীহালে প্ৰথমে হিমালয়লৈ গৈছিল, কিন্তু তেওঁলোকক মাত্ৰ ১২ একৰ মাটি কিনিবলৈ দিয়া হৈছিল গতিকে তেওঁলোকে দক্ষিণলৈ আহি SAI (Save Animals Initiative) Sanctuary Trust আৰম্ভ কৰিছিল।২
তেওঁলোকৰ অভয়াৰণ্যত থকা বন্যপ্ৰাণীসমূহৰ ভিতৰত বংগ বাঘ,২ এছিয়ান হাতী,৩ হায়েনা, বনৰীয়া গাহৰি, নাহৰফুটুকী, সম্ভাৰ আৰু মালাবাৰ বিশাল কাছ আদি অন্তৰ্ভুক্ত।৪
২০১৭ চনৰ আন্তৰ্জাতিক নাৰী দিৱসত তেওঁ নতুন দিল্লীত আছিল আৰু ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে তেওঁক নাৰী শক্তিৰ সন্মানেৰে সন্মানিত কৰিছিল।বঁটাপ্ৰাপক সকলে প্ৰত্যেকেই প্ৰশস্তি পত্ৰ আৰু এক লাখ টকা লাভ কৰে।৫
তথ্যসূত্ৰ
- ↑ 24 Hours In Life Of Anil And Pamela Malhotra: Life In Lap Of Wilderness, Surrounded By Elephants · Outlook India Magazine. Outlook (India)
- ↑ (23 February 2015). The Couple Who Bought Barren Land In 1991 And Transformed It Into A 300 Acre Wildlife Sanctuary. The Better India
- ↑ (3 October 2011). Green Initiative. Deccan Herald
- ↑ The Outdoor Journal. (12 February 2015). Award-winning couple attempts to save India's rainforests by buying them up. The Outdoor Journal
- ↑ (2017-03-17). Nari Shakti Awardees. মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পামেলা মালহোত্ৰা” প্ৰবন্ধৰ সংশোধন ৬৩৭৩৪১ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।