পহুগড় ভাৰতৰ অসম ৰাজ্যত আহোম ৰাজত্বকালতে স্থাপন হোৱা বন্যজন্তু সংৰক্ষণৰ এখন চিৰিয়াখানা। ই শিৱসাগৰ জিলাৰ জেৰেঙা পথাৰত সোতৰ শতিকাতে নিৰ্মাণ কৰা হৈছিল।
নিৰ্মাণ শৈলী
আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই এই পশুগড় বা পহুগড়টো নিৰ্মাণ কৰে, যাক আজিকালি চিৰিয়াখানা বুলি কোৱা হয়। এই গড়টো বৰ্গক্ষেত্ৰাকাৰ আছিল আৰু সেই সময়ত ইয়াৰ মাটিকালি আছিল ১২০ পুৰা। গড়টোৰ মাজৰ অংশত শাৰী শাৰীকৈ ২৪টা গড় নিৰ্মাণ কৰা হৈছিল। এই গড়বোৰৰ ওপৰৰ ভাগ সমান সমান আছিল। ওলোৱা আৰু সোমোৱাৰ বাবে এটাকৈ বাট আছিল। প্ৰতিটো গড়ৰ ভিতৰৰ পৰা মূল গড়লৈ ১৫হাতকৈ বহল পানীৰে ভৰা ব্যৱধান ৰাখিছিল যাতে কোনো বন্য জন্তুৱে জাঁপ মাৰি ওলাই আহিব নোৱাৰে। পহুগড়ৰ দুৱাৰমুখৰ বাটত দুয়োফালে দুটা দ খাল আছিল আৰু এই খাল পাৰ হৈ গড়ত সোমোৱা পথত শাল কাঠৰ দুখন প্ৰকাণ্ড জাপ দুৱাৰ আছিল। প্ৰৱেশ পথৰ দুৱাৰমুখত চিপাহী-চন্তৰীয়ে পহৰা দিছিল।১
প্ৰতিপালন
পহুগড়ৰ ভিতৰত গঁড়, হৰিণ, হাতী, বাঘ, কুম্ভীৰ আদিৰ২ উপৰি সৰ্পৰ বাবেও ব্যৱস্থা কৰা হৈছিল। পহুগড়ৰ ভিতৰত নানা তৰহৰ ফল-মূলৰ গছ ৰোপন কৰা হৈছিল আৰু খাৱৈবোৰত জলচৰ জীৱ পালন কৰাৰ ব্যৱস্থা কৰা হৈছিল। জীৱজন্তুবোৰ লালন-পালন কৰিবলৈ হাতীবৰুৱা, ঘোঁৰাবৰুৱা, শেনচোৱা বৰুৱা, কুকুৰাচোৱা বৰুৱা আদি বিষয়া পদ সৃষ্টি কৰিছিল।১
বৰ্তমানৰ স্থিতি
বৰ্তমান সময়ত পহুগড় প্ৰায় ভগ্নাৱশেষৰ দৰে আছে। চৰকাৰ আৰু মানুহৰ উদাসীনতাত ইয়াৰ অস্তিত্ব লোপ পোৱাৰ দিশে। বন্যপ্ৰেমী, প্ৰকৃতিপ্ৰেমীসকলে ঐতিহাসিক এই চিৰিয়াখানাখন সংৰক্ষণ কৰাৰ বাবে দাবী জনাই আহিছে।৩
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ পহুগড় আৰু অসম ৰাজ্যিক চিৰিয়াখানা
- ↑ শৰ্মা, গৌতম. (২০২৬). পহুগড়:ইতিহাস, প্ৰকৃতি আৰু পৰিভ্ৰমী.... সাদিন. পৃ. ৬-৭
- ↑ পহুগড়ৰ প্ৰাকৃতিক পৰিৱেশ..
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পহুগড়” প্ৰবন্ধৰ সংশোধন ৬১৪৮৪৮ (২৯ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।