অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নৱনীত কৌৰ ধিলন

নৱনীত কৌৰ ধিলন: Navneet Kaur Dhillon; এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল মিছ ৱৰ্ল্ড ২০১৩ত।

হালনাগাদ: ২৭ মাৰ্চ ২০২৬ ২০২ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

নৱনীত কৌৰ ধিলন: Navneet Kaur Dhillon; এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল মিছ ৱৰ্ল্ড ২০১৩ত।১২৩ ২০১৩ চনৰ ২৪ মাৰ্চত মুম্বাইত অনুষ্ঠিত হোৱা পন্দচ্ ৫০ সংখ্যক সংস্কৰণৰ ফেমিনা মিছ ৱৰ্ল্ড ইণ্ডিয়া ২০১৩ৰ বিজয়ী।৪নৱনীতে শীৰ্ষ ২০ ৰ ভিতৰত স্থান লাভ কৰে।

প্ৰাৰম্ভিক জীৱন

তেওঁৰ পিতৃ এজন সেনা বিষয়া।৫ তেওঁৰ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ আম্বালা কেণ্টৰ আৰ্মি পাব্লিক স্কুলৰ পৰা আৰম্ভ হৈছিল।৬ আৰু অৱশেষত তেওঁলোক আম্বালা এৰি পাটিয়ালাত স্থায়ীভাবে বসতি স্থাপন কৰিছিল আৰু পাটিয়ালাৰ বুঢ়া দল পাব্লিক স্কুলৰ পৰা মাধ্যমিক শিক্ষা সমাপ্ত কৰিছিল।৬ তাৰ পিছত তেওঁ পাটিয়ালাৰ পাঞ্জাবী বিশ্ববিদ্যালয়ৰ পৰা টিভি আৰু মিডিয়াত বি টেক ডিগ্ৰী লাভ কৰে।৬ মডেলিঙৰ লগতে ফটোগ্ৰাফী, সাঁতোৰ, ঘোঁৰা চলোৱাৰ প্ৰতিও তেওঁৰ আগ্ৰহ আছে।৭ তেওঁ পাটিয়ালাৰ পাঞ্জাবী বিশ্ববিদ্যালয়ৰ সংবাদ মাধ্যমৰ ছাত্ৰী আছিল।৬

পন্দচ্ ফেমিনা (Pond’s Femina) মিছ ইণ্ডিয়া ২০১৩

২০১৩ চনৰ ২৪ মাৰ্চত ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০১৩ হিচাপে মুকুট পৰিধান কৰিছিল। প্ৰতিযোগিতাৰ সময়ত তেওঁ এটা প্ৰশ্নৰ সন্মুখীন হৈছিল – যদি কাইলৈ তেওঁৰ মৃত্যু হয়, তেন্তে তেওঁৰ একমাত্র অনুতাপ কি হ’ব? উত্তৰস্বৰূপে তেওঁ এইদৰে কৈছিল " মই বিচৰা ধৰণে সমাজৰ বাবে একো কৰিব নেৱাৰাতোৱেই হ'ব মোৰ অনুশোচনাৰ একমাত্ৰ কাৰণ। নাৰী সবলীকৰণ আৰু শিশু শ্ৰমিক নিবাৰণ আৰু অন্যান্য সামাজিক অপৰাধৰ বিষয়বোৰ এটা ডাঙৰ চিন্তাৰ বিষয়।"৮

পন্দচ্ ফেমিনা মিছ ইণ্ডিয়া চণ্ডীগড় ২০১৩

পন্দচ্ ফেমিনা মিছ ইণ্ডিয়া চণ্ডীগড় ২০১৩ৰ শেষ ৰাউণ্ডত ১১ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ ভিতৰত তেওঁ এডজাষ্ট বিজয়ী হৈছিল।৯ নৱনীতক পন্দচ্ ফেমিনা মিছ গ্ল'য়িং স্কিন হিচাপেও অভিষিক্ত কৰা হয়।৮

I AM She 2012 প্ৰতিযোগিতা

নৱনীত কৌৰ I AM She 2012 প্ৰতিযোগিতাৰ অন্তিম পৰ্যায়ৰ প্ৰতিযোগী আছিল আৰু তেওঁ প্ৰতিযোগী নং 6 হিচাপে অংশগ্ৰহণ কৰিছিল। যদিও তেওঁ এই প্ৰতিযোগিতাত বিজয়ী হোৱা নাছিল, তথাপি এই অভিজ্ঞতাই ফেমিনা মিছ ইণ্ডিয়া ২০১৩ ৰ বাবে তেওঁৰ পৰিচৰ্যা আৰু দক্ষতা উন্নত কৰিবলৈ সহায় কৰিছিল।১০

কৰ্মজীৱন

পিটিআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে তেওঁ বলীউডৰ প্ৰতি আগ্ৰহী আৰু সুযোগ পালে নিশ্চিতভাৱে কঠোৰ পৰিশ্ৰম কৰিব। ভাৰত আৰু বিদেশৰ বিভিন্ন স্থানত ফেমিনা মিছ ইণ্ডিয়া ২০১৩ ভ্ৰমণ আৰু ফটো চেচনত ব্যস্ত আছিল। বৰ্তমান তেওঁ পন্দচ্ হোৱাইট বিউটি বিবি+ ফেয়াৰনেছ ক্ৰীমৰ ব্ৰেণ্ড এম্বেছাদৰ।১১

চিনেমা পঞ্জী

নৱনীত কৌৰ অভিনিত চিনেমা সমূহ হল

  • ২০১৬- Love Shhuda১২,Ambarseriya,একতা১৩,জানি১৪১৫
  • ২০১৯ চনত- হাই এণ্ড ইয়াৰিয়ান, অমবাস
  • ২০২০ চনত-জিন্দে মেৰিয়ে
  • ২০২৩ চনত- গোল গাপে
  • ২০২৪ চনত- ছোটা ভীম আৰু দমিয়ানৰ অভিশাপ

লগতে চাওক

  • ফেমিনা মিছ ইণ্ডিয়া
  • ফেমিনা মিছ ৱৰ্ল্ড ইণ্ডিয়া ২০১৩
  • মিছ ডিভা ২০১৩

তথ্যসূত্ৰ

  1. ↑ Navneet Kaur Dhillon supports new designers. thestatesman.com
  2. ↑ India. (26 January 2016). No rehearsals, only spontaneity for actress Navneet Kaur Dhillon. The Indian Express
  3. ↑ India. (7 January 2016). Navneet Kaur Dhillon always considered herself a 'born actress'. The Indian Express
  4. ↑ Navneet Kaur Dhillon wins Miss Multimedia Award at Miss World 2013
  5. ↑ TNN. (16 April 2013). Why Miss Indias from defence background shine bright?. The Times of India
  6. ↑ Sharma, Parvesh Kumar. (25 March 2013). Punjabi University erupts in joy as Navneet Kaur Dhillon wins Miss India crown. The Times of India
  7. ↑ Navneet Kaur Dhillon. Femina Miss India
  8. ↑ (25 March 2013). Who is Femina Miss India 2013 Navneet Kaur Dhillon?. News18
  9. ↑ POND'S Femina Miss India Chandigarh 2013 WINNERS UNVEILED!. IndiaTimes Portal
  10. ↑ List of I Am She Finalists
  11. ↑ Ningthoujam, Natalia. (31 May 2013). Miss India World 2013 Navneet Kaur Dhillon ready to act, but no intimacy please!. DNA
  12. ↑ India. (30 January 2016). Girish Kumar, Navneet Kaur Dhillon starrer 'Loveshhuda' to now release on Feb 19 with new song. The Indian Express
  13. ↑ Ekta. ইণ্টাৰনেট মুভি ডাটাবেছ
  14. ↑ Our 'Romantic Locations' Wow Indian Movie Maker. Fijisun.com
  15. ↑ Fiji, choice for film - Fiji Times Online. Fijitimes.com

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৱনীত কৌৰ ধিলন” প্ৰবন্ধৰ সংশোধন ৫৯৫১৬৯ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।