হিন্দুধৰ্মৰ কিংবদন্তি জীৱ
১৪ প্ৰবন্ধ
-
নাগ (কিংবদন্তি)
নাগ (नाग) হৈছে অৰ্ধ-মানৱ, অৰ্ধ-সৰ্প আকৃতিৰ এক অৰ্ধ-দৈৱিক জাতি। তেওঁলোকে পাতাললোকত বসবাস কৰে। কোনো কোনো সময়ত পূৰ্ণ বা আংশিকভাৱে মানুহৰ ৰূপ ল'ব পাৰে। শিল্পকলাসমূহতো তেওঁলোকক এইদৰে উপস্থাপন কৰা হয়। নাগৰ নাৰীসকলক নাগী বা নাগিনী বুলি কোৱা হয়। কিংবদন্তিসমূহৰ মতে, তেওঁলোক ঋষি কাশ্যপ আৰু কদ্ৰুৰ সন্তান।
-
নৰসিংহ (হিন্দু ধৰ্ম)
নৰসিংহ (नरसिंह) হৈছে ভগৱান শ্ৰীবিষ্ণুৰ চতুৰ্থতম অৱতাৰ। হিৰণ্যাক্ষৰ কনিষ্ঠ ভ্ৰাতা হিৰণ্যকশিপুক বধ কৰাৰ বাবে ভগৱান শ্ৰীবিষ্ণু ত্ৰেতা যুগত নৰসিংহ ৰূপত মৰ্ত্তলোকত অৱতীৰ্ণ হৈছিল। পুৰাণ, উপনিষদ লগতে অন্যান্য পৌৰাণিক হিন্দু ধৰ্মগ্ৰন্থত নৰসিংহ অৱতাৰ উল্লেখ পোৱা যায়।
-
কিন্নৰ
কিন্নৰ হৈছে হিন্দু আৰু বৌদ্ধ ধৰ্মত এক স্বৰ্গীয় সংগীতজ্ঞ। তেওঁলোক আংশিকভাৱে মানুহ আৰু আংশিকভাৱে পক্ষী। উভয় পৰম্পৰাতে কিন্নৰ (পুৰুষ) আৰু কিন্নৰী (নাৰী) আটাইতকৈ প্ৰিয় দুই পৌৰাণিক চৰিত্ৰ। হিমালয়ত বাস কৰা বুলি বিশ্বাস কৰা কিন্নৰসকলে প্ৰায়ে বিপদৰ সময়ত মানুহৰ মংগলৰ ওপৰত চকু ৰাখে।
-
মকৰ
মকৰ (मकर) হিন্দুধৰ্মৰ আখ্যানসমূহৰ এক কিংবদন্তিমূলক সামুদ্ৰিক প্ৰাণী। হিন্দু জ্যোতিষশাস্ত্ৰৰ মতে মকৰ হৈছে মকৰ ৰাশিৰ চিহ্ন। ই গংগা দেৱী, নৰ্মদা দেৱী আৰু জলভাগৰ অধিপতি দেৱতা বৰুণৰো বাহন। মকৰক তোৰণ আৰু দুৱাৰদলিৰ ৰক্ষক হিচাপে গণ্য কৰা হয়।
-
কলি (অসুৰ)
কলি (দেৱনাগৰী: कलि) হৈছে হিন্দু ধৰ্মীয় পৌৰাণিক কাহিনীত বৰ্ণিত এজন অসুৰ। তেওঁ কলিযুগত ৰাজত্ব কৰে আৰু হিন্দু পালনকাৰী দেৱতা বিষ্ণুৰ দশম তথা অন্তিম অৱতাৰ কল্কিৰ প্ৰতিনিধি হিচাপে কাম কৰে।
-
বেতাল
বেতাল (সংস্কৃত: वेताल, ৰোমানীকৃত: vetāla) হৈছে হিন্দু পৌৰাণিক কাহিনীৰ এক কিংবদন্তিমূলক জীৱ। সাধাৰণতে ইহঁতক শ্মশানত বাস কৰা এবিধ জ্ঞানী (ভৱিষ্যত দ্ৰষ্টা) অতিপ্ৰাকৃতিক সত্তা হিচাপে সংজ্ঞায়িত কৰা হয়। বেতালক পশ্চিমীয়া পৌৰাণিক কাহিনীৰ ভেম্পায়াৰৰ সৈতে তুলনা কৰিব পাৰি।
-
কীৰ্ত্তিমুখ
কীৰ্ত্তিমুখ বা কীৰ্তিমুখ (সংস্কৃত: कीर्तिमुख) হৈছে বিশাল দন্তযুক্ত, আৰু মেলি থকা মুখেৰে এক উগ্ৰ দানৱৰ চানেকি। ভাৰতৰ হিন্দু মন্দিৰৰ স্থাপত্যসমূহত ইয়াক সততে দেখা যায়। দক্ষিণ-পূব এছিয়া আৰু প্ৰায়ে বৌদ্ধ স্থাপত্যতো ইয়াৰ উপস্থিতি দেখা পোৱা যায়। ই আন হিন্দু কিংবদন্তি জীৱ যেনে মকৰ আদিৰ দৰে নহয়।
-
গণ্ডভেৰুণ্ড
গণ্ডভেৰুণ্ড (गण्डभेरुण्ड) বা ভেৰুণ্ড (সংস্কৃত: भेरुण्ड) হৈছে হিন্দু পৌৰাণিক আখ্যানসমূহৰ দুটা শিৰযুক্ত এক পক্ষী। ইয়াক অপৰিসীম যাদুকৰী শক্তিৰ অধিকাৰী বুলি বিশ্বাস কৰা হয়। পৰৱৰ্তী কালৰ বৈষ্ণৱ পৰম্পৰাত ইয়াক শৰভৰ সৈতে যুঁজিবলৈ বিষ্ণুৱে ধাৰণ কৰা এটা ৰূপ বুলি ধৰা হয়।
-
চকোৰা
চকোৰা (সংস্কৃত: चकोर) হিন্দু পৌৰাণিক কাহিনীত বৰ্ণনা কৰা এটা কিংবদন্তি চৰাই। ইয়াক পাৰ্ট্ৰিজ বুলি ধৰা হয়, সম্ভৱতঃ চুকাৰ পাৰ্ট্ৰিজৰ ওপৰত ভিত্তি কৰি ধৰা হৈছে। মৃচ্চকটিকাৰ দৰে গ্ৰন্থত এই চৰায়ে চন্দ্ৰৰ (চন্দ্ৰ) ৰশ্মি খাই জীয়াই থাকে বুলি বিশ্বাস কৰা হয়।
-
জৰিতা
জৰিতা (সংস্কৃত: जरित, IAST Jaritā) আছিল সাৰংগিকা নামৰ প্ৰজাতিৰ এটা নিৰ্দিষ্ট মাইকী চৰাই, যাৰ কাহিনী মহাভাৰতত বৰ্ণনা কৰা হৈছে। পুত্ৰ নথকাৰ বিষাদৰপৰা ওলাই অহা সাধু মন্দপালে মতা চৰাইৰ ৰূপ ধাৰণ কৰিলে আৰু তেওঁৰদ্বাৰা জৰিতাৰ গৰ্ভত চাৰিজন পুত্ৰৰ জন্ম দিলে। তাৰ পিছত তেওঁ জৰিতাক পৰিত্যাগ কৰিলে।
-
ভূত (কিংবদন্তি)
ভূত (সংস্কৃত: भूत,, ৰোমানীকৃত: bhūta) হৈছে ভাৰতীয় উপমহাদেশৰ জনপ্ৰিয় সংস্কৃতি, সাহিত্য আৰু কিছুমান প্ৰাচীন গ্ৰন্থত বৰ্ণিত এক অতিপ্ৰাকৃতিক জীৱ। ভূতবোৰ কেনেকৈ অস্তিত্বলৈ আহে তাৰ ব্যাখ্যা অঞ্চল আৰু সম্প্ৰদায় অনুসৰি ভিন্ন হয়।
-
ময়ূৰ (পৌৰাণিক কথা)
ময়ূৰ (मयूरा) সংস্কৃত শব্দ ময়ূৰাৰ পৰা অহা শব্দ৷ ই হিন্দু সংস্কৃতিৰ অন্যতম পবিত্ৰ চৰাই। কেইবাখনো হিন্দু শাস্ত্ৰত ইয়াৰ উল্লেখ আছে। ই ভাৰতৰ বহু ঠাইত ব্যৱহৃত সমসাময়িক হিন্দু নামো।
-
শেন (হিন্দু ধৰ্ম)
শেন (সংস্কৃত: श्येन) হিন্দু পৌৰাণিক কাহিনীত অগ্নিৰ দেৱতা অগ্নিৰ সৈতে চিনাক্ত কৰা এটা ঐশ্বৰিক চৰাই, যিয়ে পৃথিৱীত থকা সকলো বস্তুকে সজীৱ আৰু পুনৰুজ্জীৱিত কৰাৰ উদ্দেশ্যেৰে পৃথিৱীলৈ সোম (অমৃত) অনাৰ বাবে স্বৰ্গলৈ আৰোহণ কৰে।
-
বাডবাগ্নি
বাডবাগ্নি (সংস্কৃত: वाडवाग्नि, ৰোমানীকৃত: Vāḍavāgni, আক্ষৰিক অৰ্থ: 'ঘোঁৰা-জুই'), বা বডবানল (সংস্কৃত: वडवानल, ৰোমানীকৃত: Vadhavānala) হৈছে হিন্দু পৌৰাণিক কাহিনীত ধ্বংসাত্মক সত্তাৰ ৰূপত মূৰ্ত এক প্ৰকাৰৰ জুই বা অগ্নি।